নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এই মুহূর্তত দেশৰ মানুহৰ জীৱন ৰক্ষা কৰাটোৱেই প্রশাসনৰ লক্ষ্য হোৱা উচিত

কেন্দ্রৰ পৰা বিচাৰিলে দেশত প্রয়োজনীয় প্রতিষেধক মজুতৰ তথ্য

নিয়মীয়া বাৰ্তা ২৮ এপ্ৰিলঃ ঘাতক ভাইৰাছ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে দেশত অবর্ণনীয় পৰিস্থিতি সৃষ্টি কৰিছে৷ অবাঞ্ছিত অভিলেখেৰে নিতৌ আক্রান্তৰ ঊর্ধ্বমুখী হাৰ অব্যাহত থকাৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে মৃতকৰ সংখ্যাও৷ দেশৰ ৰাজধানী মহানগৰ দিল্লীৰ লগতে মহাৰাষ্ট্র, গুজৰাট, উত্তৰ প্রদেশ আদি ৰাজ্যসমূহ ভয়ংকৰ বিপর্যয়ৰ গৰাহত৷ চিকিৎসালয়ত ৰোগীৰ বাবে বিছনা–ক্সিজেনৰ অভাৱত হাহাকাৰ পৰিস্থিতি সৃষ্টি কৰাৰ সমান্তৰালভাৱে মৃতদেহ সৎকাৰ কৰিবলৈ শ্মশান–কবৰস্থানত্ ঠাই নোহোৱা হৈছে৷ মহামাৰীৰ এনে সংহাৰলীলাৰ মাজতে উচ্চতম ন্যায়ালয়ে দেশত ক’ভিড ব্যৱস্থাপনা সন্দর্ভত নিজাববীয়াকৈ ৰুজু কৰা এটা গোচৰৰ আজি শুনানি লৈ জাৰি কৰিছে কেতবোৰ গুৰুত্বপূর্ণ নির্দেশনা৷ ভাৰতৰ ক’ভিডসৃষ্ট পৰিস্থিতিক ৰাষ্ট্রীয় দুর্যোগ আখ্যা দি মাৰাত্মক ভাইৰাছত বর্ধিত সংক্রমণৰ মোকাবিলা সম্পর্কত শীর্ষ আদালতৰ পর্যবেক্ষণ– এয়া এতিয়া ৰাজনৈতিক বিষয় নহয়, এই মুহূর্তত মানুহৰ জীৱন ৰক্ষা কৰাটোৱে প্রশাসনৰ লক্ষ্য হোৱা উচিত৷ ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় নেতৃত্বাধীন উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠখনে শুনানিকালত সাম্প্রতিক পৰিস্থিতিত কেন্দ্র আৰু ৰাজ্য চৰকাৰসমূহে কি কি পদক্ষেপ গ্রহণ কৰিছে, সেই বিষয়ে শপতনামাযোগে বিশদ প্রতিবেদন দাখিল কৰিবলৈ নির্দেশ দিয়ে৷ বিশেষকৈ ৰাজ্যসমূহত থকা স্বাস্থ্য আন্তঃগাঁথনিৰ তথ্য প্রতিবেদনত উল্লেখ কৰিবলৈ কোৱা হৈছে৷

তদুপৰি ক’ভিড–১৯ সন্দর্ভত উচ্চ ন্যায়ালয়সমূহে দিয়া নির্দেশনা যাতে উলংঘা নহয়, সেয়া বিচাৰপীঠখনে স্পষ্ট কৰি দিছে৷ উচ্চতম ন্যায়ালয়ৰ নির্দেশ অনুসৰি ৰাজ্য চৰকাৰসমূহে অহা বৃহস্পতিবাৰৰ ভিতৰত স্বাস্থ্য আন্তঃগাঁথনিৰ প্রতিবেদন দাখিল কৰিব লাগিব৷ বিচাৰপীঠখনে কয় যে সংশ্লিষ্ট ৰাজ্যৰ উচ্চ ন্যায়ালয়সমূহে ক’ভিড–১৯ সম্পর্কীয় গোচৰৰ শুনানি লৈ দিয়া নির্দেশ কোনো কাৰণতে উলংঘা হ’ব নালাগে৷ কিয়নো উচ্চ ন্যায়ালয়সমূহে ক্ষেত্রভিত্তিক পৰিস্থিতিৰ বিষয়ে ভালকৈ অৱগত৷ ইফালে উচ্চতম ন্যায়ালয়ে অক্সিজেনৰ চাহিদা, প্রয়োজনীয় চিকিৎসক–চিকিৎসা, প্রতিষেধক আদিক লৈও কেন্দ্রীয় চৰকাৰৰ পৰা তথ্য বিচাৰিছে৷ কেন্দ্রীয় চৰকাৰক উদ্দেশ্যি বিচাৰপীঠখনৰ প্রশ্ণ– অহা এসপ্তাহৰ ভিতৰত দেশত অক্সিজেনৰ চাহিদা পূৰণৰ বাবে কেন্দ্রীয় চৰকাৰে কি পদক্ষেপ গ্রহণ কৰিছে? চাহিদা অনুপাতে কেন্দ্রীয় চৰকাৰৰ ওচৰত অক্সিজেনৰ যোগান আছেনে? যিবোৰ এলেকাত ক’ভিড–১৯ৰ সংক্রমণ বেছিকৈ ঘটিছে, তাত পর্যাপ্ত চিকিৎসক–নার্ছ–চিক্ আছে নে নাই, তাৰ তথ্য জনাবলৈও কেন্দ্রীয় চৰকাৰক উচ্চতম ন্যায়ালয়ে নির্দেশ দিয়ে৷ অহা ১ মে’ৰ পৰা কেন্দ্রীয় চৰকাৰে ১৮ বছৰৰ ঊর্ধ্বৰ লোকসকলক প্রতিষেধক প্রদানৰ কথা ঘোষণা কৰিছে৷

তৃতীয় পর্যায়ৰ এই টিকাকৰণৰ বাবে দেশত প্রয়োজনীয় প্রতিষেধক মজুত আছে নে নাই, তাৰ তথ্য বিচাৰি বিচাৰপীঠখনে কেন্দ্রীয় চৰকাৰক এখন শপতনামা দাখিলৰ নির্দেশ দিয়ে৷ শুনানিৰ সময়ত কেন্দ্রীয় চৰকাৰৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক উদ্দেশ্যি বিচাৰপীঠখনৰ অন্যতম সদস্য ন্যায়াধীশ এছ ৰবীন্দ্র ভাটে কয়– ‘বর্তমানৰ জটিল পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে আপোনালোকৰ (কেন্দ্রীয় চৰকাৰ) ৰাষ্ট্রীয় পৰিকল্পনা কি?’ এই প্রশ্ণৰ বিপৰীতে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাৰ উত্তৰ আছিল এনেধৰণৰ– ‘বিষয়টোক সর্বোচ্চ কার্যবাহী পর্যায়ত গণ্য কৰি থকা হৈছে৷ ৰাজ্য চৰকাৰ আৰু প্রধানমন্ত্রীয়ে এই ইছ্যুটো মোকাবিলা কৰি আছে৷’ ক’ৰোনা মোকাবিলাৰ দুবিধ গুৰুত্বপূর্ণ ঔষধ ‘ৰেমডেছিভিৰ’ আৰু ‘ফাভিপিৰাভিৰ’ৰ সুবিধা সকলো ৰোগীয়ে পাব নে নাই, তাৰ বিশদ তথ্যও শপতনামাত উল্লেখ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা কোৱা হৈছে৷ ইফালে উচ্চতম ন্যায়ালয়ে তামিলনাডুত বেদান্তৰ বিতর্কিত ষ্টাৰলাইট কাৰখানাটো খোলাৰ অনুমতি প্রদান কৰিছে৷ প্রদূষণৰ অভিযোগত ২০১৮ চনত তামিলনাডু চৰকাৰে কাৰখানাটো বন্ধ কৰি দিছিল৷ প্রধানতঃ ক’ভিড–১৯সৃষ্ট পৰিস্থিতিত উদ্ভৱ হোৱা অক্সিজেনৰ নাটনিৰ প্রতি লক্ষ্য ৰাখিয়েই উচ্চতম ন্যায়ালয়ে কাৰখানাটো খোলাৰ অনুমতি প্রদান কৰিছে৷ অৱশ্যে উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে এই অনুমতিৰ অজুহাতত বেদান্তই যাতে তাম উৎপাদনৰ কাম আৰম্ভ নকৰে৷ একমাত্র অক্সিজেন উৎপাদনৰ বাবেহে কাৰখানাটো খোলাৰ অনুমতি দিয়া হৈছে৷

You might also like