নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনী বিজয় উৎসৱত সমদল উলিয়াব নোৱাৰিব ৰাজনৈতিক দলে

মাদ্রাজ হাইক’টৰ সকীয়নিৰ পাছতে নির্বাচন আয়োগৰ কঠোৰ নির্দেশ

নিয়মীয়া বাৰ্তা ২৮ এপ্ৰিলঃ দেশত ক’ভিড মহামাৰীৰ সংক্রমণৰ দ্বিতীয় জোৱাৰৰ বাবে একপক্ষীয়ভাৱে নির্বাচন আয়োগ জড়িত থকা বুলি ক্ষোভ উজাৰি আয়োগৰ বিষয়ববীয়াসকল হত্যাৰ গোচৰত অভিযুক্ত হোৱা উচিত বুলি মাদ্রাজ উচ্চ ন্যায়ালয়ে কঠোৰ সকীয়নি দিয়াৰ এদিন পাছতেই আয়োগে ২ মে’ত নির্বাচনী ফলাফল ঘোষণাৰ পাছত ৰাজনৈতিক দলসমূহে কোনোধৰণৰ বিজয় সমদল উলিয়াব নোৱাৰিব বুলি আজি কঠোৰ নির্দেশ দিছে৷ লক্ষণীয়ভাৱে কোনোধৰণৰ ক’ভিড প্রট’কল অনুসৰণ নকৰাকৈ পাঁচখনকৈ ৰাজ্যত নির্বাচনী প্রচাৰ চলোৱাৰ ফলত ক’ভিডৰ সংক্রমণ অধিক দ্রুত হোৱা বুলি মাদ্রাজ উচ্চ ন্যায়ালয়ে ঘোষণা কৰিছে৷ গতিকে ক’ভিডৰ সংক্রমণৰ এই দ্বিতীয় জোৱাৰৰ বাবে নির্বাচন আয়োগ জগৰীয়া বুলিও ন্যায়ালয়ে স্পষ্ট কৰি দিছে৷ মাদ্রাজ উচ্চ ন্যায়ালয়ৰ এই কঠোৰ মন্তব্যৰ পাছতে নির্বাচন আয়োগে ২ মে’ত নির্বাচনী ফলাফল ঘোষণা হোৱাৰ পাছত কোনো দল বা পার্টীয়ে বিজয় সমদল উলিয়াব নোৱাৰিব বুলি কঠোৰ নির্দেশনা জাৰি কৰিছে৷ বিজয় সমদল নিষিদ্ধ কৰি নির্বাচন আয়োগে ক’ভিড–১৯ মহামাৰীৰ সংক্রমণ প্রতিহত কৰাৰ ক্ষেত্রত ইতিবাচক দৃষ্টিভংগী প্রদর্শন কৰিছে যদিও আয়োগে এনে সিদ্ধান্ত লোৱাৰ মূলতে মাদ্রাজ উচ্চ ন্যায়ালয়ৰ কঠোৰ সকীয়নি থকা বুলি বিভিন্ন মহলে ধাৰণা কৰিছে৷

লক্ষণীয়ভাৱে  নির্বাচন আয়োগে বিজয় সমদলত নিষেধাজ্ঞা আৰোপ কৰাৰ উপৰি বিজয়ী ঘোষিত প্রার্থীৰ সৈতে দুগৰাকীতকৈ অধিক ব্যক্তি উপস্থিত থাকিব নোৱাৰিব বুলিও ঘোষণা কৰিছে৷ নির্বাচন অনুষ্ঠিত চাৰিখন ৰাজ্য তথা কেন্দ্রীয়শাসিত অঞ্চল পুডুচেৰীৰ মুখ্য নির্বাচনী বিষয়াসকললৈ ইতিমধ্যে এই নির্দেশনা জাৰি কৰা হৈছে৷ ইফালে ভোটগণনাৰ সময়তো কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ নির্দেশ দিছে আয়োগে৷ নির্বাচন আয়োগৰ জ্যেষ্ঠ জনসম্পর্কৰক্ষী সচিব সুমিত মুখার্জীয়ে স্বাক্ষৰ কৰা পত্রত উল্লেখ কৰা হৈছে যে যোৱা বছৰ ২১ আগষ্টতে আয়োগে বিভিন্ন ৰাষ্ট্রীয় তথা আঞ্চলিক ৰাজনৈতিক দলৰ পৰামর্শ অনুসৰি এক নির্দেশনা প্রস্তুত কৰিছিল৷ সেই নির্দেশনা এতিয়াও বাহাল থকা বুলি উল্লেখ কৰা হৈছে পত্রখনত৷ স্মর্তব্য যে কালি মাদ্রাজ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ বেনার্জীয়ে নির্বাচন আয়োগৰ তৰফৰ পৰা ২ মে’ত অনুসৰণ কৰিবলগীয়া ক’ভিড প্রট’কলৰ সবিশেষ ৩০ এপ্রিলৰ ভিতৰত দাখিল নকৰিলে ভোটগণনাৰ ক্ষেত্রত বাধা প্রদান কৰিব বুলিও হুংকাৰ দিছিল৷ ইয়াৰ পাছতে আয়োগে বিজয় সমদল নিষিদ্ধ কৰা বিষয়টো তাৎপর্যপূর্ণ বুলি চিহ্ণিত হৈছে৷ আয়োগৰ এই নির্দেশ যদি কার্যকৰী হয়, তেন্তে পাঁচোখন ৰাজ্যৰ বিজয়ী প্রার্থীসকলে বৃহৎ সমদল উলিয়াই উল্লাস প্রদর্শন কৰাৰ পৰা বঞ্চিত যে হ’ব সেয়া নিশ্চিত৷

You might also like