নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহর্ষি বিদ্যা মন্দিৰত অনুষ্ঠিত ব্যৱহাৰিক পৰীক্ষা

প্রশাসনৰ নির্দেশ উলংঘা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ

নিয়মীয়া বাৰ্তা ২৮ এপ্ৰিলঃ ক’ৰোনা মহামাৰীয়ে ক্রমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰাত জিলা প্রশাসনে আজিৰে পৰা ১৫ দিনলৈ মহানগৰীৰ সকলো শিক্ষানুষ্ঠান বন্ধৰ নির্দেশ দিছে৷ প্রশাসনৰ নির্দেশ অনুসৰি, মহানগৰীৰ প্রায়বোৰ শিক্ষানুষ্ঠান আজি বন্ধ ৰখা হয় যদিও প্রশাসনৰ নির্দেশক আওকাণ কৰি শিলপুখুৰীস্থিত মহর্ষি বিদ্যা মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰীক্ষা অনুষ্ঠিত কৰা পৰিলক্ষিত হয়৷ ক’ৰোনাৰ হটস্পটত পৰিণত হোৱা মহানগৰীত ক’ভিডৰ সংক্রমণ নিয়ন্ত্রণ কৰাৰ বাবে জিলা প্রশাসনে প্রচেষ্টা অব্যাহত ৰখাৰ মাজতে বিদ্যালয়খনত মঙলবাৰে ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত হোৱাক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷

অৱশ্যে সামাজিক দূৰত্বৰ লগতে ক’ভিড প্রট’কল মানি বিদ্যালয়খনত ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত কৰা হয় বুলি বিদ্যালয়খনৰ অধ্যক্ষই সংবাদ মাধ্যমৰ আগত সদৰী কৰে৷ কিন্তু প্রশাসনে বিদ্যালয় বন্ধ ঘোষণা কৰাৰ পিছতো বিদ্যালয়খনত কিয় আজি পৰীক্ষা অনুষ্ঠিত কৰা হ’ল বুলি প্রশ্ণ কৰাত অধ্যক্ষগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এক তাৎপর্যপূর্ণ মন্তব্য কৰে৷ নিশাৰ ভাগত প্রশাসনে বিদ্যালয় বন্ধৰ ঘোষণা কৰে যদিও পূর্বনির্ধাৰিত কার্যসূচী মতেই বিদ্যালয়খনত পৰীক্ষা অনুষ্ঠিত কৰা বুলি অধ্যক্ষগৰাকীয়ে মন্তব্য কৰে৷ উল্লেখ্য যে বিদ্যালয়খনত প্রায় ৪০গৰাকী শিক্ষার্থী ব্যৱহাৰিক পৰীক্ষাত অৱতীর্ণ হয়৷

You might also like