ক’ৰোনাৰ দিনত অনলাইন ক্লাছ
ক’ৰোনাৰ প্রথম ঢ়ৌ অহা সময়তে স্কুলবোৰত অনলাইন ক্লাছ আৰম্ভ হৈছিল আৰু এইটো কৰাৰ মূল কাৰণ আছিল ছাত্র–ছাত্রীসকলৰ শিক্ষাৰ ধাৰাবাহিকতাত বাধা পৰিব নিদিয়া৷ হাতত কোনো প্রস্তুতিৰ সময় নথকাতো কোনোধৰণৰ বিকল্পৰ ব্যৱস্থা নোহোৱাত অনলাইন ব্যৱস্থাৰে শিক্ষা দিবলৈ শিক্ষক সম্প্রদায় বাধ্য হৈ পৰিছিল৷ এই শিক্ষা আছিল মূলতঃ টেলিফোনভিত্তিক৷ চহৰৰ উচ্চ মধ্যবিত্তীয় পৰিয়ালবোৰৰ বাবে স্মার্টফোন আৰু ইণ্টাৰনেটৰ সংযোগ জটিল কথা নহয় যদিও গ্রামাঞ্চলৰ দুখীয়া পৰিয়ালৰ সন্তানৰ বাবে এই ব্যৱস্থাটো সহজসাধ্য নাছিল৷ স্বাভাৱিকভাৱেই এই স্মার্টফোনভিত্তিক অনলাইন শিক্ষা ব্যৱস্থাই ইপ্সিত সফলতা পোৱা নাছিল৷ আচল কথা আছিল এই হঠাৎ আৱির্ভাৱ হোৱা পৰিস্থিতিৰ বাবে শিক্ষক–ভিভাৱক কোনোৱেই সাজু নাছিল৷ এটা কথা ঠিক যে চৰকাৰী স্কুলৰ ছাত্র–ছাত্রীসকলক একোটা স্মার্টফোন দিয়া চৰকাৰৰ বাবে বিশেষ একো টান কাম নহয়৷ কিন্তু তাৰ বাবে পৰিকল্পনা আৰু কিছু সময়ৰ প্রয়োজন৷ ক’ৰোনাই চৰকাৰক এই সময় দিয়া নাছিল আৰু হয়তো চৰকাৰে এই দিশত কথাবোৰ ভবাও নাছিল৷ আনহাতে এই কথাটোও ঠিক যে শিক্ষকসকলকো অনলাইন শিক্ষাদানৰ বাবে কোনোধৰণৰ প্রশিক্ষণ দিয়া হোৱা নাছিল বা শিক্ষকসকল তেনেদৰে প্রশিক্ষিত নাছিল৷ এই প্রশিক্ষণৰ কথা ওলাওঁতে আন এটা কথাও ক’ব পাৰি যে টিচাৰ এলিজিবিলিটী টেষ্টৰ যোগে যেনেদৰে শিক্ষক নির্বাচনৰ ক্ষেত্রত এটা সুস্থিৰ আৰু গ্রহণযোগ্য পদ্ধতিৰ প্রয়োগ কৰা হৈছে ঠিক তেনেদৰে সেই শিক্ষিত শিক্ষকসকলক উপযুক্ত প্রশিক্ষণ দিয়াৰো প্রয়োজন আছিল৷ শিক্ষণ এটা কলা আৰু আধুনিক শিক্ষণ ব্যৱস্থা বহুধৰণৰ যান্ত্রিক আৰু উদ্ভাৱনী চিন্তাৰ সমষ্টি৷ কিন্তু এতিয়ালৈকে শিক্ষকৰ এই প্রশিক্ষণ ব্যৱস্থা উপযুক্তধৰণে আৰম্ভ হোৱা নাই৷ অনলাইন শিক্ষা অকল ম’বাইল ফোনৰ যোগে হোৱাটছএপ বা টেলিগ্রামত নোট পঠিওৱাই নহয়, ইয়াৰ ধৰণ আৰু কার্যপ্রণালী বহু বেলেগ৷ এই কথাবোৰ আগতে শিকাৰ প্রয়োজনো হোৱা নাছিল আৰু পৰিৱেশো নাছিল৷ কিন্তু পৰিৱর্তিত সময়লৈ চাই এই প্রশিক্ষণৰ প্রয়োজন নুই কৰিব নোৱাৰি৷
অনলাইন পদ্ধতিয়ে যে অকল স্কুল–কলেজৰ শিক্ষাকেই প্রভাৱিত কৰিছে তেনে নহয়, ই সামগ্রিকভাৱে শিক্ষাৰ জগতলৈ এক নৱজাগৰণ লৈ আহিছে৷ লকডাউনৰ সময়ছোৱাত ইয়াৰ শ্রীবৃদ্ধি আছিল আটাইতকৈ অধিক৷ অনলাইন পদ্ধতিত হোৱা বিভিন্ন ছেমিনাৰ, তাত দিয়া প্রৱেশ অধিকাৰ, পুনৰ চাব পৰা সুবিধা আদিয়ে বৌদ্ধিক সম্পদক এঠাইৰ পৰা বহু ঠাইত বিস্তৃত হৈ পৰাৰ সুবিধা দিয়ে৷ একে কথা সাংস্কৃতিক সম্পদৰ ক্ষেত্রতো প্রযোজ্য৷ শাৰীৰিক উপস্থিতিৰ সাংস্কৃতিক অনুষ্ঠান চোৱাৰ আনন্দ সদায়েই পৃথক, কিন্তু একে সময়তে পৃথিৱীৰ বহু ঠাইৰ মানুহৰ লগত সাংস্কৃতিক সম্পদ বিনিময় কৰা আৰু তাৰ প্রসংগত ভাব বিনিময় কৰা– এইবোৰৰো একোটা সুকীয়া আনন্দ আৰু উত্তেজনা থাকে৷ সংগীত নাটক একাডেমীয়ে অনলাইন পদ্ধতিত সংগীত–নৃত্যৰ প্রশিক্ষণ দিয়া কেইটিমান অনুষ্ঠানৰ প্রচাৰ কৰিছিল যিবোৰৰ অভিজ্ঞতা আছিল সম্পূর্ণ নতুন৷ তেনেদৰে চৰকাৰী অনুষ্ঠান আৰু বহুত বেচৰকাৰী অনুষ্ঠানেও অনলাইন পদ্ধতিত বিভিন্নধৰণৰ শিক্ষাবিষয়ক প্রশিক্ষণৰ আয়োজন কৰিছিল৷ বহুতে ব্যৱসায়িক ধৰণেও কৰিছে আৰু আশা কৰাতকৈ বহু বেছি ফল লাভ কৰিছে৷ সন্দেহ নাই, নিজে শ্রেণীকোঠাত উপস্থিত থাকি লাভ কৰা শিক্ষাৰ আনন্দ পৃথক৷ কিন্তু সেই সুবিধা বহুতে ল’ব নোৱাৰা বাবেই আৰম্ভ হৈছিল দূৰ শিক্ষণ পদ্ধতি আৰু এই পদ্ধতিয়ে খুব কম দিনৰ ভিতৰতে মান্যতা লাভ কৰিছিল৷ অনলাইন পদ্ধতিৰ শিক্ষাও দূৰ শিক্ষণ শিক্ষাৰে শেহতীয়া ৰূপ৷ বিদেশৰ বহু মানবিশিষ্ট বিশ্ববিদ্যালয়ে অনলাইন পদ্ধতিৰ শিক্ষাৰ বাবে চার্টিফিকেট–ডিপ্ল’মা আদিও প্রদান কৰে আৰু শিক্ষাক লকডাউন সময়ৰ সময়ৰ ব্যৱহাৰৰ পৰা ওপৰৰ পর্যায়লৈ লৈ গৈছে৷ অকল ইমানেই নহয়, বিভিন্ন ধৰণৰ মূলতঃ প্রায়োগিক শিক্ষাৰ বাবে বিভিন্ন ধৰণৰ অনলাইন বিদ্যালয়ৰ আৰম্ভ হৈছে যিবোৰে ছাত্র আৰু শিক্ষক উভয়ৰে বাবে শিক্ষা আৰু উপার্জনৰ পথ মুকলি কৰিছে৷ অসমত ম’বাইল ইণ্টাৰনেটৰ প্রচুৰ ব্যৱহাৰ হয়, এই পদ্ধতিৰে কিছু ব্যৱসায়ৰো আৰম্ভ হৈছে৷ যোৱা লকডাউনৰ সময়ত কিতাপৰ ব্যৱসায়ক ই যথেষ্ট প্রভাৱিত কৰিছিল৷ কিন্তু শিক্ষা ক্ষেত্রখনত ইয়াৰ সম্ভাৱনাৰ কথা এতিয়াও ভালদৰে বিবেচনা কৰা হোৱা নাই৷