নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিউ গুৱাহাটীত ভয়ংকৰ ভূমিস্খলন

নিয়মীয়া বাৰ্তা ২৮ এপ্ৰিলঃ মহানগৰীৰ নিউ গুৱাহাটীত এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়৷ পাহাৰৰ এটা অংশ খহি বিৰাট এনক্লেভৰ চৌহদ পুতি পেলায়৷ পাহাৰৰ মাটি খহি অট্টালিকাটোৰ এটা অংশ পোত যোৱাত আৱাসীসকলে জীৱনৰ শংকাত ভুগিছে৷ আনকি পাহাৰৰ মাটিয়ে অট্টালিকাৰ এটা অংশ পুতি পেলোৱাৰ বাবে আৱাসীসকলে দর্জা–খিৰিকী খুলিব পৰা নাই বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে এই ফ্লেটটোত প্রায় ২০টা পৰিয়ালে বিপদসংকুলভাৱে বসবাস কৰি আছে৷ এগৰাকী শীর্ষ আৰক্ষী বিষয়াই পাহাৰৰ মাটি কটাৰ ফলত এই ভয়ংকৰ ভূমিস্খলন হোৱা বুলি ফ্লেটত বাস কৰা কেইবাটাও পৰিয়ালৰ লোকে অভিযোগ কৰে৷

You might also like