নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়ংকৰ সংক্রমণ ৰাজ্যত একেদিনাই ক’ভিডত মৃত ২৬

২৪ ঘণ্টাত পজিটিভ ৩,০৭৯ঃ মহানগৰীত আক্রান্ত ১,০২৯

নিয়মীয়া বাৰ্তা ৩০ এপ্ৰিলঃ ক’ৰোনাৰ সংক্রমণ অধিক জটিল কৰি যোৱা ২৪ ঘণ্টাত ২৬গৰাকী আক্রান্তৰ মৃত্যু ঘটিছে৷ ৰাষ্ট্রীয় স্বাস্থ্য মিছনে প্রকাশ কৰা তথ্য অনুসৰি বৃহস্পতিবাৰে ৰাজ্যত ৬৭,২৭৮গৰাকী লোকৰ ক’ভিড টেষ্ট সম্পন্ন কৰা হৈছিল৷ এইসকলৰ মাজৰ ৩,০৭৯গৰাকী লোক ক’ৰোনা আক্রান্ত ৰূপে চিহ্ণিত হৈছে৷ আক্রান্তৰ হাৰ হ’ল ৪.৫৮ শতাংশ৷

ইফালে,  ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱাসকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ ১৫গৰাকী, যোৰহাট জিলাৰ তিনিগৰাকী, কাছাৰ জিলাৰ দুগৰাকী, বঙাইগাঁও, দৰং, ধেমাজি, কোকৰাঝাৰ আৰু তিনিচুকীয়া জিলাৰ এগৰাকীকৈ লোক আছে৷ ক’ৰোনাৰ সংক্রমণ ৰাজ্যত বৃদ্ধি পাইছে যদিও বিগত ৪৮ ঘণ্টাত কামৰূপ মহানগৰ জিলাত এই সংক্রমণ কিছু হ্রাস পাইছে৷ বুধবাৰে কামৰূপ জিলাত আক্রান্তৰ সংখ্যা আছিল ১,২০৬গৰাকী৷  এই সংখ্যা হ্রাস পায় ১,০২৯গৰাকীলৈ৷ আনহাতে, ডিব্রুগড় জিলাত ২৩৮গৰাকী, কামৰূপ জিলাত ২৩৪গৰাকী আৰু নগাঁও জিলাত ১৫৬গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷ আজিৰ দিনটোত ক’ৰোনামুক্ত হৈছে ১,৭৯৭গৰাকী লোক৷ এতিয়াও ক’ৰোনাত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ২৩,১০৪গৰাকী লোক৷
পাৱাৰগ্রিডৰ দিল্লী কার্যালয়ৰ মহাপ্রবন্ধক শিৱসাগৰৰ মৃদুল ভূঞাৰ ক’ভিডত মৃত্যু
ক’ভিড–১৯ত আক্রান্ত হৈ শিৱসাগৰৰ নিৱাসী তথা দিল্লীস্থিত পাৱাৰগ্রিডৰ মুখ্য কার্যালয়ৰ মহাপ্রবন্ধক মৃদুল ভূঞা (৬০)ৰ আজি দুপৰীয়া দিল্লীৰ ফর্টিছ হাস্পতালত মৃত্যু হোৱাৰ বতৰাই সমগ্র শিৱসাগৰতেই গভীৰ শোকৰ ছাঁ পেলাইছে৷ মৃত্যুৰ সময়ত মৃদুল ভূঞাই ইহ সংহাৰত পত্নী, দুই সন্তান, দুজন ভাতৃ, এগৰাকী ভগ্ণীৰ লগতে পিতৃ–মাতৃক এৰি থৈ গৈছে ৷ শিৱসাগৰ মেলাচকৰৰ নিৱাসী মৃদুল ভূঞাই ঐতিহ্যমণ্ডিত শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ পৰা সুখ্যাতিৰে প্রৱেশিকা উত্তীর্ণৰ পাছতেই যোৰহাট ইঞ্জিনীয়াৰিং কলেজত নামভর্তি কৰিছিল ৷ যোৰহাট ইঞ্জিনীয়াৰিং কলেজৰ পৰা উত্তীর্ণ হৈ পাৱাৰগ্রিডত যোগদান কৰিছিল৷ বিগত কিছুবছৰৰ পৰা বহুমূত্র ৰোগত আক্রান্ত হৈ থকা মৃদুল ভূঞাৰ শৰীৰত আজিৰ পৰা ৪ দিন পূর্বে ক’ভিডৰ উপস্থিতি ধৰা পৰিছিল৷ উন্নত চিকিৎসাৰ বাবে ফর্টিছ হাস্পতালত ভর্তি কৰোৱা হয় যদিও আজি দুপৰীয়া তেওঁৰ মৃত্যু হয়৷ নিশাৰ ভাগলৈ ক’ভিড প্রট’কল অনুসৰি ভূঞাৰ শেষকৃত্য দিল্লীতেই সম্পন্ন কৰা হ’ব বুলি মৃদুল ভূঞাৰ কনিষ্ঠ ভাতৃ ৰাতুল ভূঞাই সংবাদ মাধ্যমক জানিবলৈ দিছে৷ তেওঁ প্রথমবাৰৰ বাবে গুৰগাঁও আছাম এছ’চিয়েচন প্রতিষ্ঠা কৰি প্রতিষ্ঠাপক সভাপতিৰ দায়িত্ব পালন কৰিছিল৷
উত্তৰ গুৱাহাটী দিহিং সত্রত ক’ৰোনাত এগৰাকী মহিলাৰ মৃত্যু
নিয়মীয়া বার্তা, উত্তৰ গুৱাহাটী ঃ আজি উত্তৰ গুৱাহাটীৰ ক’ৰোনা আক্রান্ত এগৰাকী মহিলাৰ মৃত্যু হয়৷ জানিব পৰা মতে, উত্তৰ গুৱাহাটী দিহিং সত্রৰ ৪৭বছৰীয়া মহিলা মিনতি ভূঞাই কেইদিনমানৰ পৰা অসুস্থ হৈ থকাত কালি গুৱাহাটী এক্সেল কেয়াৰ নার্ছিং হোমত ভর্তি কৰোৱা হৈছিল৷ তাত মহিলাগৰাকীৰ ক’ভিড পজিটিভ ধৰা পৰাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰা হয়৷ কিন্তু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নি থকা অৱস্থাতে মহিলাগৰাকীৰ মৃত্যু হয়৷ মহিলাগৰাকীৰ মৃত্যুত উত্তৰ গুৱাহাটীত শোকৰ ছাঁ পৰাৰ লগতে অঞ্চলটোত আতংকময় পৰিৱেশ বিৰাজ কৰিছে৷ উল্লেখ্য যে অশোকাষ্টমীৰ দিনা অশ্বক্লান্ত দেৱালয়ত বিভিন্ন মানুহৰ সমাগমত অত্যন্ত ভিৰ হৈছিল আৰু হাজাৰ হাজাৰ মানুহে ক’ভিড প্রট’কল ভংগ কৰি ব্রহ্মপুত্রত স্নান কৰিছিল৷ তেতিয়াৰ পৰাই এই অঞ্চলটোত ক’ৰোনাৰ প্রভাৱ বেছিকৈ পৰা বুলি ৰাইজৰ মাজত সৰৱ আলোচনা হোৱা পৰিলক্ষিত হৈছে৷
কমলপুৰত এজন ক’ৰোনা আক্রান্তৰ মৃত্যু
কমলপুৰ ৰাজহ চক্রৰ অন্তর্গত আল্টাত এজন ক’ৰোনা আক্রান্ত ৰোগীৰ মৃত্যু হৈছে৷ প্রচণ্ড জ্বৰত আক্রান্ত ধীৰেশ্বৰ কাকতি (৬২) নামৰ ব্যক্তিজনে আজি নিজ বাসগৃহত ইহলীলা সম্বৰণ কৰে৷ কালি ধীৰেশ্বৰ কাকতিয়ে ৰেপিড এণ্টিজেন পৰীক্ষা কৰাত ক’ভিড পজিটিভ ধৰা পৰে৷ কিন্তু সম্পূর্ণ ক’ৰোনাৰ লক্ষণ থকা ব্যক্তিজনৰ ক’ৰোনা পজিটিভ ধৰা পৰাৰ পাছত চিকিৎসকে হোম আইছ’লেচনত ৰখাৰ পাছত আজি তেওঁৰ মৃত্যু হোৱাত অঞ্চলজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হোৱাৰ লগতে আতংকময় পৰিৱেশ বিৰাজ কৰে৷ প্রাপ্ত অভিযোগ অনুসৰি, কিছুদিনৰ পৰা চর্দি–জ্বৰত আক্রান্ত হৈ থকা ব্যক্তিজনে কালি স্বাস্থ্যৰ অৱনতি ঘটাত কমলপুৰ মহাত্মা গান্ধী আদর্শ চিকিৎসালয়ত গৈ স্বাস্থ্য পৰীক্ষাৰ লগতে ৰেপিড এণ্টিজেন পৰীক্ষা কৰে ৷ পৰীক্ষাত তেওঁৰ দেহত ক’ৰোনা পজিটিভ ধৰা পৰাৰ লগতে পত্নী পদ্মবালা কাকতিৰো ক’ৰোনা পৰীক্ষাত পজিটিভ ধৰা পৰে৷কমলপুৰ মহাত্মা গান্ধী আদর্শ চিকিৎসালয়ৰ চিকিৎসকে স্বামী–স্ত্রী উভয়কে হোম আইছ’লেচনত থকাৰ পৰামর্শ দিছিল৷ধীৰেশ্বৰ কাকতিৰ মৃত্যুৰ খবৰ লাভ কৰি মহাত্মা গান্ধী আদর্শ চিকিৎসালয়ৰ দল এটা মৃতকৰ বাসগৃহত উপস্থিত হৈ গাঁওখনৰ চাৰিজন লোকক পি পি ই কিট পৰিধান কৰাই মৃত ব্যক্তিগৰাকীৰ সৎকাৰৰ ব্যৱস্থা কৰে৷
ক’ৰোনাত আক্রান্ত হৈ কাকীত মৃত্যু এজনৰ
হোজাই জিলাৰ কাকীত ক’ৰোনাত আক্রান্ত হৈ কালি নিশা এজন লোকৰ মৃত্যু হয়৷ মৃত্যু হোৱা লোকজন কাকী টিলাবজাৰ দুহেজাৰ বিঘা মাণিকপুৰ গাঁৱৰ দেৱ নাথ (৪৬)৷ উল্লেখ্য যে মৃত দেৱ নাথ যোৱা চাৰি দিনমানৰ পৰা জ্বৰত ভুগি আছিল৷ নিজ ঘৰতে চিকিৎসাধীন অৱস্থাত থকা লোকজনৰ কালি উশাহ–নিশাহ লোৱাত অসুবিধা হোৱাত লংকা প্রাথমিক স্বাস্থ্য কেন্দ্রত ভর্তি কৰাত ক’ভিড ৰোগত আক্রান্ত বুলি চিনাক্ত হয়৷ পৰৱর্তী সময়ত লোকজনক নীলবাগান ক’ভিড চিকিৎসালয়ত ভর্তি কৰা হয় যদিও নিশা ১২ বজাত মৃত্যুক আঁকোৱালি লয়৷ মৃত দেৱ নাথ বহিঃৰাজ্য কেৰালাত শ্রমিক হিচাপে কর্মৰত আছিল৷ তেওঁ ১৫ দিনমান পূর্বে কেৰালাৰ পৰা আহি নিজ গৃহত উপস্থিত হৈছিল৷
দৰঙত ক’ভিডত আক্রান্ত ৮৭, ২জনৰ মৃত্যু
দৰঙত আজিৰ দিনটোত ৮৭জন লোকৰ শৰীৰত ধৰা পৰে ক’ভিড৷ একেদৰে ৯৭ বছৰীয়া এজন ব্যক্তিসহ ২জন ক’ভিড আক্রান্তৰ মৃত্যু হয়৷ দৰঙত আজি ক’ভিডত মৃত্যুবৰণ কৰা ব্যক্তি দুজনৰ নাম ক্রমে কনক চন্দ্র শর্মা (৯৭) আৰু বীৰেন ঘোষ (৬৩)৷ ছিপাঝাৰ প্রাথমিক স্বাস্থ্য কেন্দ্রৰ অন্তর্গত ব্যাসপাৰাৰ বাসিন্দা অৱসৰপ্রাপ্ত শিক্ষক শর্মা ঘৰতে আছুতীয়াকৈ থকাৰ বিপৰীতে মঙলদৈ কৰিম চ’কৰ বাসিন্দা ঘোষ গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল৷
দৰঙৰ অৱসৰপ্রাপ্ত বন বিষয়াৰ ক’ভিডত বাংগালুৰুত মৃত্যু
এগৰাকী কৃতী ছাত্র আৰু দক্ষ বন বিষয়া হিচাপে পৰিচিত মঙলদৈৰ আউলাচৌকা নন্দাপাৰা গাঁৱৰ শ্রীকান্ত শর্মাৰ ক’ভিডত আক্রান্ত হৈ অকাল বিয়োগ ঘটিছে৷ বিগত দুমাহ পূর্বে নিজ কন্যাৰ বাংগালুৰুৰ গৃহত আশ্রয় লৈ থকা অৱস্থাতে ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হয় যদিও কালি নিশা তেওঁৰ মৃত্যু হয়৷ লক্ষণীয় যে পশ্চিম ৰঙামাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে প্রৱেশিকা পৰীক্ষাত উত্তীর্ণ হৈ শর্মাই কটন কলেজৰ পৰা ১৯৬২ চনত বিজ্ঞান শাখাত স্নাতক ডিগ্রী লাভ কৰে৷ পিছলৈ তেওঁ অধ্যয়ন কৰা বিদ্যালয়তে এবছৰ কাল বিজ্ঞান শিক্ষক হিচাপে শিক্ষাদান কৰে আৰু পিছলৈ অসম প্রশাসনিক সেৱাৰ প্রতিযোগিতামূলক পৰীক্ষাত অৱতীর্ণ হৈ সাফল্য অর্জন কৰে৷ বন সেৱাৰ বাবে বাছনিপ্রাপ্ত শর্মাই ১৯৬৬ চনত মানাহ অভয়াৰণ্যত নিযুক্ত হৈ মানাহক এক নতুন ৰূপ দিবলৈ সক্ষম হয়৷ মানহৰ ব্যাঘ্র প্রকল্পৰ আঁৰৰ মানুহজনেই আছিল শর্মা৷ আনকি বন্য জীৱ–জন্তুৰ চোৰাং চিকাৰীক কঠোৰ হাতে দমন কৰা শর্মাই শেষলৈ পদোন্নতি আৰু ৰাষ্ট্রীয় পর্যায়ত সন্মানো লাভ কৰিছিল৷ চাকৰিৰ শেষ পর্যায়ত গুৱাহাটীস্থিত বন বিভাগত সহকাৰী বন সংৰক্ষক হিচাপেও কেইবাবছৰো কার্যনির্বাহ কৰে৷ অৱসৰৰ পাছত তেওঁ ডেৰাডুনস্থিত ফৰেষ্ট কলেজত অংশকালীন শিক্ষক হিচাপেও নিযুক্ত হৈছিল৷ তেওঁ ইংলেণ্ডৰ এক বেচৰকাৰী সংস্থাৰো সমল ব্যক্তি হিচাপে গৱেষণামূলক কার্যত আমৃত্যু সহায় কৰিছিল৷ গুৱাহাটীৰ দ্বাৰকা নগৰত অৱসৰৰ পাছত বাস কৰা শর্মাই মৃত্যুৰ সময়ত পত্নী, আমেৰিকাৰ ফিলাডেলফিয়া আৰু বাংগালুৰুত কর্মৰত দুই কন্যাসহ জ্যেষ্ঠ ভাতৃ তথা শিশু সাহিত্যিক নীলকান্ত শর্মা, তিনি ভাতৃকে ধৰি বহু আত্মীয়–স্বজনক ইহসংসাৰত এৰি থৈ গৈছে৷
ক’ৰোনাত আক্রান্ত হৈ শুৱালকুছিৰ দ্বিতীয়গৰাকী ব্যক্তিৰ বিয়োগ
অসম সাহিত্য সভাৰ আজীৱন সদস্য, শুৱালকুছিৰ সাংবাদিক নৱজ্যোতি কলিতাৰ পিতৃ দণ্ডি কলিতাৰ (৬৫) মহামাৰী ক’ভিডত আক্রান্ত হৈ কালি নিশা মৃত্যু হয়৷ দণ্ডি কলিতাই ১৭ এপ্রিলত শুৱালকুছি প্রাথমিক স্বাস্থ্যকেন্দ্রত ক’ৰোনা ভাইৰাছৰ দ্বিতীয় পালি ভেকচিন ল’বলৈ গৈছিল৷ শৰীৰত সামান্য ৰোগে ক্রিয়া কৰাত ভেকচিন গ্রহণৰ আগেয়ে ক’ৰোনা পৰীক্ষা কৰে৷ পৰীক্ষাত তেওঁৰ লগতে পত্নী আৰু পুত্র নৱজ্যোতি কলিতাৰো দেহত ক’ভিড পজিটিভ ধৰা পৰে৷ তেওঁলোকক হোম আইছ’লেচনত থাকিব দিয়ে যদিও দণ্ডি কলিতা অসুস্থ হোৱাত চিকিৎসকে মহেন্দ্র মোহন চৌধুৰী হাস্পতাললৈ প্রেৰণ কৰে৷ তাতেই চিকিৎসাধীন অৱস্থাতে কালি নিশা তেওঁ শেষ নিশ্বাস তাগ কৰে৷ আজি তেওঁৰ মৃতদেহ গুৱাহাটীতে ক’ভিড প্রটক’ল অনুসাৰে সৎকাৰ কৰা হয়৷
হোজাইত এজনৰ মৃত্যু
আজি পুনৰ নিম্নমানৰ খাদ্য যোগনক লৈ হোজাইৰ নীলবাগান ক’ভিড কেয়াৰ চেণ্টাৰত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়৷ তদুপৰি তাত থকা মহিলা ক’ভিড আক্রান্ত ৰোগীসকল সুৰক্ষিত নহয় বুলি অভিযোগ উঠিছে৷ মহিলাসকলৰ স্নানাগাৰৰ দুৱাৰৰ হুক বেয়া হৈ থকাৰ লগতে পানী, জেনেৰেটৰ আৰু ফেনৰ কোনো উপযুক্ত ব্যৱস্থা নথকাৰ অভিযোগ কৰিছে ক’ভিড ৰোগীসকলে৷ ইফালে কালি নিশা নীলবাগান আদর্শ হাস্পতালখনত এজন ক’ভিড ৰোগীৰ মৃত্যু হয়৷ মৃত লোকজন হোজাইৰ কাকীৰ টিলা বজাৰৰ ৫০ বছৰীয়া দেৱ নাথ৷

You might also like