ভাৰতত থকা আমেৰিকানক গৃহভূমিলৈ শীঘ্রে প্রত্যাৱর্তনৰ পৰামর্শ
ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰক লৈ উদ্বিগ্ন ৱাশ্বিংটন
নিয়মীয়া বাৰ্তা ৩০ এপ্ৰিলঃ ভাৰতত ক’ভিড মহামাৰীৰ সংক্রমণৰ দ্বিতীয় জোৱাৰৰ সংহাৰ অব্যাহত থকাৰ সময়তে আমেৰিকাই দেশখনৰ নাগৰিকসকলক ভাৰত ভ্রমণ নকৰিবলৈ পৰামর্শ আগবঢ়াইছে৷ ইফালে ভাৰতত থকা আমেৰিকান লোকসকলক শীঘ্রে গৃহভূমিলৈ প্রত্যাৱর্তন কৰিবলৈও অনুৰোধ জনাইছে জ’ বাইডেন প্রশাসনে৷ লক্ষণীয়ভাৱে ভাৰতত থকা আমেৰিকান কূটনীতিকসকলৰ পৰিয়ালকো গৃহভূমিলৈ ওভতাৰ বাবে অনুৰোধ জনাইছে ৱাশ্বিংটন প্রশাসনে৷ ভাৰতত ক’ভিড–১৯ মহামাৰী প্রতিৰোধৰ যুঁজৰ বাবে চিকিৎসাৰ সুবিধা সীমিত হৈ পৰিছে বুলিও হোৱাইট হাউছ প্রশাসনে এক বিবৃতিত উল্লেখ কৰিছে৷ এনে পৰিস্থিতিত নিজৰ নিৰাপত্তাৰ প্রতি লক্ষ্য ৰাখি তাৎক্ষণিকভাৱে ভাৰতভূমি ত্যাগ কৰা উচিত বুলি উল্লেখ কৰা হৈছে বিবৃতিটোত৷ দেশখনৰ বিদেশ মন্ত্রালয়ৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে ভাৰতত থকা মার্কিন দূতাবাস তথা কূটনৈতিক কার্যালয়ৰ কর্মীসকলৰ পৰিয়ালে এই বিপর্যয়ৰ মুহূর্তত শীঘ্রে দেশখন ত্যাগ কৰা উচিত৷