নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচল সীমান্তত জীৱন মৰাণক চমজি ল’লে আৰক্ষীয়ে

নিয়মীয়া বাৰ্তা ৩০ এপ্ৰিলঃ এক সুদীর্ঘ সংগ্রামী জীৱনৰ পৰিসমাপ্তি ঘটিল৷ বৃহস্পতিবাৰে বিয়লি আলফা (স্বাঃ)ৰ শীর্ষ নেতা জীৱন মৰাণ অৱশেষত ডিব্রুগডত উপস্থিত হয়৷ অৱশ্যে ডিব্রুগড আৰক্ষীৰ ওচৰত আলফাৰ বয়োজ্যেষ্ঠ নেতাজনক চমজাইহে দিয়া হয়৷ সুদীর্ঘ ৩৭ বছৰৰ মূৰত নিজ জন্মভূমিত পদার্পণ কৰে আলফাৰ স্বয়ম্ভু মেজৰ জেনেৰেল তথা বিত্ত সম্পাদক জীৱন মৰাণ ওৰফে গুণদ ডাঙৰীয়ে৷ অৰুণাচল প্রদেশৰ ভাৰত–ম্যানমাৰ সীমান্তত কালি ভাৰতীয় সেনাই আলফাৰ বৃদ্ধ নেতাজনক চমজি লৈছিল৷

নিশা চুবুৰীয়া ৰাজ্য অৰুণাচল প্রদেশৰ খুনচাৰ সেনাৰ বেষ্টনীতে নিশা যাপন কৰি বৃহস্পতিবাৰে অসম–ৰুণাচল সীমান্তৰ শুকানজুৰি গেটত নামৰূপৰ উপ–আৰক্ষী অধীক্ষক কুলপ্রদীপ ভট্টাচার্যই চমজি লয়৷ তাৰ পৰা এন এল–০১–২৬৪৮ নম্বৰৰ এখন স্ক’ৰপি’ গাডীত লৈ জয়পুৰ–নাহৰকটীয়্ হৈ পোনে পোনে জীৱন মৰাণক ডিব্রুগডলৈ অনা হয়৷ ডিব্রুগডৰ মানকটা পথত থকা অসম আৰক্ষীৰ ছাউনীত এক বিশাল কনভয়ৰে তথা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে জীৱন মৰাণ বিয়লি ৩.৩৫ বজাত প্রৱেশ কৰে৷ উক্ত ছাউনীতে উচ্চপদস্থ আৰক্ষী বিষয়া, সেনা বিষয়া, চোৰাংচোৱা সংস্থাই পৃথকে মৰাণক সোধা–পোছা কৰে৷ উল্লেখ্য যে ১৯৮৪ চনত আলফা সংগঠনত যোগদান কৰি কাছিনত প্রশিক্ষণ গ্রহণ কৰা জীৱন মৰাণ হ’ল আলফাৰ সামৰিক প্রশিক্ষণ গ্রহণ কৰা দ্বিতীয় গোটৰ সদস্য আছিল৷

You might also like