কেন্দ্রীয় চৰকাৰৰ অনুমতি সাপেক্ষে ৫ লাখ ভেকচিন ক্রয় অসমৰ
১৮ বছৰ ঊর্ধ্বৰ প্রতিজনকে ভেকচিন দিয়াৰ প্রস্তুতি স্বাস্থ্য বিভাগৰ
নিয়মীয়া বাৰ্তা ১ মেঃ ক’ৰোনাকেন্দ্রিক পৰিৱেশ অধিক জটিল হৈ পৰাৰ পাছতো অসমত লকডাউনৰ সম্ভাৱনা নাই বুলি পুনৰ স্পষ্ট কৰিলে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ শুকুৰবাৰে চিলাপথাৰত স্থাপন কৰা এটা অক্সিজেন প্লাণ্ট পৰিদর্শন কৰিবলৈ আহি এইদৰে মন্তব্য কৰা মন্ত্রী ড০ শর্মাই কয়– ক’ৰোনা পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ বর্তমান চৰকাৰৰ হাতত বহু সমল আছে৷ ৰাজ্য চৰকাৰৰ ওচৰত এতিয়া পর্যাপ্ত পৰিমাণৰ ৰোগীৰ বাবে বিছনা, আই চি ইউ আৰু অক্সিজেন আছে৷ গতিকে লকডাউনৰ প্রয়োজনীয়তা নাই৷
আনহাতে, প্রতিদিনে এক লাখ লোকক ভেকচিন প্রদানৰ লক্ষ্য বান্ধি লোৱা বুলি উল্লেখ কৰি মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে যে কালিৰ দিনটোত ৯৮ হাজাৰ লোকক ভেকচিন প্রদান কৰা হৈছে৷ এতিয়াও ৪৫ বছৰৰ ওপৰৰ লোকৰ বাবে ৬.৫ লাখ ভেকচিন মজুত আছে৷ আনহাতে , ১৮ বছৰৰ ঊর্ধ্বৰ বয়সৰ লোকক ভেকচিন প্রদান কৰিবলৈ ৫ লাখ নতুন ভেকচিন কিনাৰ বাবে কেন্দ্রীয় চৰকাৰে অসম চৰকাৰক অনুমতি দিছে৷ সেইমর্মে আজি ভেকচিন ক্রয়ৰ সকলো ব্যৱস্থা সম্পূর্ণ কৰা হৈছে৷ অহা ৬ বা ৭ মে’ৰ পৰা ১৮ বছৰ বয়সৰ পৰা ৪৫ বছৰ বয়সৰ লোকক ভেকচিন প্রদান কৰা হ’ব৷
ইফালে ৰাজ্যত যোৱা চাৰি দিনত ক’ৰোনাৰ পৰিস্থিতি যথেষ্ট নিয়ন্ত্রণলৈ আহিছে বুলিও তেওঁ মন্তব্য কৰে৷ পৰিস্থিতি এনেদৰে থাকিলে অহা ১৫ মে’ৰ ভিতৰত বর্তমানৰ পৰিৱেশ যথেষ্ট সলনি হ’ব৷ উল্লেখ্য যে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি ধেমাজি জিলাৰ চিলাপথাৰত যোৱা ২১ এপ্রিলত স্থাপন হোৱা লুইত এৰ’ প্রডাক্ট অক্সিজেন প্রকল্পটো পৰিদর্শন কৰে৷ চিলাপথাৰৰ ঔদ্যোগিক প্রকল্পত স্থাপন হোৱা এই প্রকল্পটোৱে দৈনিক ৩.৯ মেট্রিকটন অক্সিজেন উৎপাদন কৰিবলৈ সক্ষম৷ আজি স্বাস্থ্যমন্ত্রীগৰাকীৰ্ উপস্থিতিতে প্রকল্পটোৰ কর্তৃপক্ষৰ সৈতে ৰাজ্য চৰকাৰে এখন বুজাবুজি চুক্তি সম্পন্ন কৰে৷ এই সন্দর্ভত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মন্ত্রী ড০ শর্মাই কয় যে ইতিমধ্যে ডিব্রুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতালত দুটা, যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত দুটা, তেজপুৰ, ডিফু আৰু বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত এটাকৈ ০.৯ মেট্রিকটন উৎপাদনক্ষম প্রকল্প স্থাপন কৰা হৈছে৷
আনহাতে, আজি মহেন্দ্র মোহন চৌধুৰী হাস্পতালত এটা অক্সিজেন প্রকল্প স্থাপন কৰাৰ পাছত অহা দুদিনত শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত আন দুটা অক্সিজেন প্লাণ্ট স্থাপন কৰাৰ ব্যৱস্থা কৰা হ’ব৷ মন্ত্রীগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে প্রতিখন জিলা চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়ত অক্সিজেন পর্যাপ্ত কৰিবৰ বাবে ৬টা অক্সিজেন প্লাণ্টৰ কাম চলি আছে৷ তদুপৰি ব্যৱসায়িক ভিত্তিত ব্যক্তিগত খণ্ডত চামগুৰি, আমিনগাঁও, বঙাইগাঁও, চিলাপথাৰ আৰু গুৱাহাটীতো মুঠ ৫টা অক্সিজেনৰ উদ্যোগ স্থাপন হৈছে৷
বিভিন্ন জিলাতো আন ৬টা প্রকল্প নির্মাণ চলি থকাৰ কথা উল্লেখ কৰে স্বাস্থ্যমন্ত্রীগৰাকীয়্৷ তেওঁ কয়– বর্তমান যিকোনো পৰিস্থিতি মোকাবিলা কৰিব পৰাকৈ যথেষ্ট অক্সিজেন মজুত আছে৷ বর্তমান ৰাজ্যত দৈনিক ৬৮ মেট্রিকটন অক্সিজেন উৎপাদন হৈ আছে৷ চিলাপথাৰৰ অক্সিজেন প্রকল্পটোৱে ডিব্রুগড় আৰু লখিমপুৰ জিলাত অক্সিজেন যোগানৰ ক্ষেত্রত পৰিবহণ ব্যয় হ্রাস কৰিব৷ আজি মন্ত্রীগৰাকীক সংগ দিয়ে সাংসদ প্রদান বৰুৱা, বিধায়কদ্বয় প্রশান্ত ফুকন আৰু ৰণোজ পেগুৱে৷
মহেন্দ্র মোহন চৌধুৰী হাস্পতালত অক্সিজেন প্লাণ্ট মুকলি
স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি মহেন্দ্র মোহন চৌধুৰী হাস্পতালত ৰাজ্যৰ ১১সংখ্যক অক্সিজেন প্লাণ্টটো মুকলি কৰে৷ এই প্লাণ্টৰ জৰিয়তে নিতৌ ১০০টাকৈ অক্সিজেন চিলিণ্ডাৰ ভর্তি কৰিব পৰা যাব৷ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা অনুসৰি এই অক্সিজেন প্লাণ্টটোৰ জৰিয়তে প্রতিদিনে ০.৯ মেট্রিকটন অক্সিজেন উৎপাদন কৰিবলৈ সক্ষম হ’ব৷ আনহাতে, অহা দুদিনত শিলচৰত দুটাকৈ অক্সিজেন প্লাণ্ট মুকলি কৰা হ’ব৷ ইয়াৰ ফলত ৰাজ্যত মুঠ অক্সিজেন প্লাণ্টৰ সংখ্যা হ’ব ১৩টা৷