মই কেনেকৈ মোৰ চকুৰ যত্ন লওঁ
প্রায় ৩০ বছৰৰ আগতে ডাক্তৰৰ ভুল চিকিৎসাৰ কাৰণে মই দৃষ্টিশক্তি হেৰুৱাবৰ উপক্রম কৰিছিলোঁ৷ মোৰ এটা প্রবন্ধৰ যোগেদি সেই কথা জানিব পাৰি মোৰ সহূদয় বন্ধু (সদ্যপ্রয়াত) হিৰণ্য কুমাৰ ভট্টাচার্য ইমান আতংকিত হৈছিল যে চকুৰ চিকিৎসাৰ কাৰণে তেওঁ মোক ইংলেণ্ডলৈ পঠিওৱাৰ প্রস্তাৱ দিছিল৷ তেওঁ মোক কৈছিল যে মোৰ চিকিৎসাৰ কাৰণে প্রয়োজন হোৱা সমস্ত ধন ৰাইজৰ দান–বৰঙণিৰ যোগেদি সংগ্রহ কৰাৰ দায়িত্ব তেওঁ নিজে ল’ব৷ এনেকুৱা নিঃস্বার্থ পৰোপকাৰী বন্ধু পোৱাটো জীৱনৰ এটা ডাঙৰ সৌভাগ্য৷ সি যি কি নহওক, শেষপর্যন্ত মই চিকিৎসাৰ কাৰণে বিদেশলৈ যোৱাৰ প্রয়োজন নহ’ল৷ দিল্লীৰ অল ইণ্ডিয়া মেডিকেল ইনষ্টিটিউটৰ ডাক্তৰে মোৰ চকু দুটা ভাল কৰি সম্ভাব্য অন্ধত্বৰ পৰা মোক ৰক্ষা কৰিলে৷
মই গোটেই জীৱন ঘাইকৈ দুটা কামকেই বেছিকৈ কৰিলোঁঃ পঢ়া আৰু লিখা৷ আখৰৰ লগত চিনাকি হোৱাৰ মুহূর্তৰ পৰাই মই পঢ়িবলৈ আৰম্ভ কৰিলোঁ, আৰু প্রায় লগে লগেই লিখিবলৈকো আৰম্ভ কৰিলোঁ৷ অর্থাৎ আন কথাত ক’বলৈ গ’লে মই শৰীৰৰ আন আটাইকেইটা ইন্দ্রিয়তকৈ বেছিকৈ ব্যৱহাৰ কৰিছোঁ চকু দুটাক৷ গতিকে মাজে সময়ে যদি মোৰ চকু দুটাই অতিশয় ক্লান্তি অনুভৱ কৰে বা ইটো–সিটো ৰোগত আক্রান্ত হয়, তেন্তে তাত অস্বাভাৱিকতা একো নাই৷ আচলতে চকুৰ ক্লান্তি মোৰ চিৰলগৰীয়া হৈ পৰিছে৷ মাজে মাজে নানাধৰণৰ অসুখো হয়৷
দ্বিতীয়তে, লিখা–পঢ়া কৰি মই যে কেৱল জীৱিকা উপার্জন কৰোঁ, তেনে কথা নহয়৷ লিখা–পঢ়া নকৰিলে মই জীয়াই থকাৰ সুখো অনুভৱ কৰিব নোৱাৰোঁ৷ অর্থাৎ মোৰ জীৱিকা আৰু জীৱন দুয়োটাই মোৰ চকু দুটাৰ ওপৰত নির্ভৰশীল৷ এনেস্থলত মই চকু দুটা ভালে ৰখাৰ চিন্তা সকলো সময়তে কৰি থাকিব লগা হয়৷ চকুৰ সামান্য অসুখে মোক চিন্তিত আৰু বিচলিত কৰি তোলে৷ চিকিৎসাবিদ্যাত কোৱা হয় যে নিৰাময়তকৈ প্রতিকাৰ সদায় বেছি ভাল৷ সেই কথা মনত ৰাখি মই মোৰ চকুৰ স্বাস্থ্যৰ কাৰণে কেৱল চকুৰ ডাক্তৰৰ ওপৰতে নির্ভৰ কৰিব নোখোজোঁ৷ চকু ভালে ৰখাৰ নিয়মবোৰ মই বিভিন্ন কিতাপ পঢ়ি আৰু চকুৰ ডাক্তৰক সুধি–পুছি শিকি ল’ব খোজোঁ৷ চকুৰ বিষয়ে মই শিকা আৰু পালন কৰা কেইটামান কথা মই আপোনালোকক ক’ব খুজিছোঁ৷ মনত ৰাখিব যে মই চকুৰ ৰোগৰ বিষয়ে আৰু তাৰ চিকিৎসাৰ বিষয়ে একো কথা নকওঁ৷ সেইটো চকুৰ ডাক্তৰৰ কাম৷
চকুৰ ৰোগ আৰু চকুৰ আমনি বা অশান্তি একে কথা নহয়৷ চকু বেছিকৈ ব্যৱহাৰ কৰিলে বা ভুলকৈ ব্যৱহাৰ কৰিলে স্বাভাৱিকতেই চকু দুটাই ক্লান্তি অনুভৱ কৰে৷ ক্লান্তিৰ পৰিমাণ বেছি হ’লে চকু দুটাত কম–বেছি পৰিমাণে বিষ অনুভৱ হয় আৰু বস্তুবোৰ স্পষ্ট ৰূপত নেদেখা হয়৷ বয়স বঢ়াৰ লগে লগে চকুৰ এইবোৰ সমস্যা ক্রমান্বয়ে বৃদ্ধি পায়৷ তাতে আকৌ বর্তমান যুগত মটৰ গাড়ী চলোৱা, টিভি চোৱা আৰু কম্পিউটাৰ ব্যৱহাৰ কৰিব লগা হোৱাটো যিবোৰ মানুহৰ কাৰণে এৰাব নোৱাৰা কামত পৰিণত হৈছে৷ তেওঁলোকৰ কাৰণে চকুৰ বিষ বা কিহবাই সকলো সময়তে চকু দুটাক টানি টানি থকা ভাবটো এটা স্থায়ী সমস্যাত পৰিণত হৈছে৷
দ্বিতীয়তে, স্বাভাৱিক দৃষ্টিশক্তি হ্রাস পাবলৈ আৰম্ভ কৰাৰ সময়তে চছমা ব্যৱহাৰ নকৰিলে বা চছমাৰ পাৱাৰ সঠিক নহ’লেও চকুৱে কষ্ট দিবলৈ আৰম্ভ কৰে৷
ডাক্তৰসকলৰ মতে চকুৰ প্রকৃত ৰোগবোৰতকৈ চকুৰ অত্যধিক পৰিশ্রমজনিত যন্ত্রণাইহে বেছিভাগ মানুহক চকুৰ ডাক্তৰৰ ওচৰলৈ টানি আনে৷ চকুৰ বেছিভাগ ৰোগ উপযুক্ত সময়ত শুদ্ধ চিকিৎসা কৰিলে ভাল হয়৷ কিন্তু চকুৰ অত্যধিক পৰিশ্রমৰ কাৰণে হোৱা যন্ত্রণাবোৰ প্রায় স্থায়ী হয়৷ বিভিন্ন কাৰণত মানুহৰ মূৰৰ বিষ, পেশীৰ বিষ, অনিদ্রা, আভোক আদি নানা দৈহিক সমস্যা হ’ব পাৰে৷ কিন্তু চকুৰ যন্ত্রণাত ভুগি থকা মানুহে সেই আটাইবোৰ সমস্যা চকুৰ কাৰণেই হোৱা বুলি ভুল কৰে৷ বহুত সময়ত সেইবোৰ সমস্যা চকুৰ কাৰণেই যে নহয়, সেই কথা নহয়৷ এনেকুৱা প্রত্যেকটো সমস্যাকে চকুৰ বিষৰ কাৰণে হোৱা বুলি ধৰি লোৱা উচিত নহয়৷
সেই কাৰণে সম্প্রতি ডাক্তৰসকলে উপদেশ দিয়ে যে চকুৰ সমস্যা হ’লে চছমা সলনি কৰাৰ কথা ভবাতকৈ প্রথমেই জীৱনৰ প্রতি দৃষ্টিভংগী সলনি কৰাৰ কথাহে ভবা উচিত৷ আন কথাত ক’বলৈ গ’লে চকুৰ বিষ বা অশান্তিৰ লগত অনেক সময়ত আৱেগিক বা মনস্তাত্বিক সমস্যাও জড়িত হৈ থাকিব পাৰে৷ উদাহৰণস্বৰূপে, এজনী ছাত্রীয়ে পৰীক্ষাৰ কাৰণে অধিক মনোযোগ দি পঢ়াৰ সময়ত ভীষণ মূৰৰ বিষ অনুভৱ কৰে৷ কিন্তু তন্ন তন্নকৈ পৰীক্ষা কৰি দেখা গ’ল যে কেৱল লেটিন বিষয় পঢ়াৰ সময়তহে তাইৰ মূৰৰ বিষ বেছি হয় আনবোৰ বিষয় পঢ়িলে মূৰৰ বিষ বেছি নহয়৷
চকুৰ ৰোগ নোহোৱাকৈ ৰাখিবলৈ আৰু চকুৰ পৰিশ্রমজনিত যন্ত্রণাৰ পৰা সকাহ পাবলৈ সকলো মানুহেই তলত উল্লেখ কৰা সাধাৰণ নিয়মকেইটা পালন কৰিব পাৰে৷ মই নিজেই এই নিয়মকেইটা পালন কৰি উপকাৰ পাইছোঁ৷
কেতিয়াও কোনো কাৰণতে, কোনো পৰিস্থিতিতে হাত দুখনেৰে চকু নোমোহাৰিব৷ আচলতে হাত দুখন বা আঙুলিবোৰ চকুৰ ওচৰলৈ কেতিয়াও নিনিবই৷ মনত ৰাখিব যে কেৱল হাত দুখন দিনটোত কেইবাবাৰো চাবোনেৰে ভালকৈ ধুই (কমেও ২০ ছেকেণ্ড) ২০বিধ মান ৰোগৰ পৰা ৰক্ষা পৰি থাকিব পাৰি৷ চকুৰ ওচৰলৈ কিন্তু পৰিষ্কাৰ হাতো নিনিব৷ ঠিক সেইদৰে চকু মচিবলৈ সামান্য ময়লা থকা ৰুমাল বা গামোচাখনো ব্যৱহাৰ নকৰিব৷ একে আষাৰে ক’বলৈ গ’লে হাতৰ স্পর্শৰ দৰে চকু দুটাক ৰোগৰ বীজাণুৰ স্পর্শলৈ আহিব নিদিয়াটো হ’ল চকু দুটাক ৰোগমুক্ত কৰি ৰখাৰ এটা প্রধান উপায়৷
ৰাতি পঢ়িব লগা হ’লে গোটেই কোঠাটো সমানে পোহৰ হোৱাৰ ব্যৱস্থা কৰিব৷ কোঠাটোৰ এটা মাত্র অংশ পোহৰ কৰি লৈ পঢ়িলে চকুৱে কষ্ট পায়৷ বহুতে ক’ব খোজে যে বিছনাত শুই পঢ়াটো এটা বেয়া অভ্যাস৷ ই চকুৰ ক্ষতি কৰে৷ কিন্তু অভিজ্ঞ ডাক্তৰে কয় যে কোঠাটো সমানভাৱে পোহৰ হৈ থাকিলে আৰু শৰীৰৰ শোৱাৰ ভংগী আৰামদায়ক হ’লে শুই পঢ়িলেও চকুৰ একো ক্ষতি নহয়৷ সর্বপল্লী ৰাধাকৃষ্ণনৰ জীৱনীত পঢ়িবলৈ পাইছোঁ যে তেওঁ বিছনাত শুই শুয়ে বেছিভাগ কিতাপ পঢ়িছিল৷ পঢ়ি থাকোঁতে বা লিখি থাকোঁতে প্রতি আধা ঘণ্টাৰ মূৰে মূৰে চকু দুটা কিছুসময় মুদি থাকিব লাগে৷ কিছুসময় চকু দুটা জোৰেৰে জপালে আৰু মেলিলেও চকুৰ ব্যায়াম হয়৷ ই চকুৰ উপকাৰ কৰে৷
একেৰাহে বহুত সময় লিখি বা পঢ়ি থকাৰ ফলত চকু দুটা ক্লান্ত হ’লে এটা সহজ ব্যায়াম কৰিব৷ সোঁহাতখন সন্মুখৰ ফালে সম্পূর্ণ দীঘলকৈ মেলি দিব৷ দুয়োটা চকুৰে হাতৰ মুঠিটোলৈ চাই থাকিব৷ এতিয়া হাতৰ মুঠিটো পূৰণ চিনটোৰ আকৃতিৰে ঘূৰাই ঘূৰাই চকুৰ ওচৰলৈ আনিব আকৌ দূৰলৈ মুঠিটো পূৰণ চিনৰ আকৃতিৰে ঘূৰাই ঘূৰাই দূৰলৈ লৈ যাব৷ এনেকৈ কিছুসময় ব্যায়াম কৰিলে চকু দুটাই খুব আৰাম পাব৷