নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগত আশাভংগ হ’ল বিজেপিৰঃ তৃতীয়বাৰলৈ তৃণমূলৰ চৰকাৰ

নিয়মীয়া বাৰ্তা, ৩ মে’: দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ থকা পশ্চিমবংগ বিধানসভা নির্বাচনত শেষ হাঁহি মাৰিলে মমতা বেনার্জীৰ তৃণমূল কংগ্রেছে৷ শাসকীয় তৃণমূল কংগ্রেছে নির্বাচনী ফলাফলত দুই শতাধিক আসন লাভ কৰিলেও তুমুল প্রতিদ্বন্দ্বিতাৰ অন্তত একালৰ সতীর্থ বিজেপিৰ প্রার্থী শুভেন্দু অধিকাৰীৰ হাতত নন্দীগ্রামত পৰাজিত হয় মুখ্যমন্ত্রী বেনার্জী৷

নির্বাচনৰ দিন ঘোষণা নকৰাৰ পৰা কেন্দ্রত শাসনাধিষ্ঠিত বিজেপিয়ে সর্বশক্তি প্রয়োগ কৰিও অৱশেষত তৃণমূল কংগ্রেছৰ নেত্রী মুখ্যমন্ত্রী মমতা বেনার্জীৰ হাতত পৰাজিত হ’ল গেৰুৱা বাহিনী৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পৰা গৃহমন্ত্রী অমিত শ্বাহকে ধৰি বিজেপিৰ শীর্ষ নেতৃত্বই পশ্চিমবংগৰ পৰা তৃণমূল কংগ্রেছক উৎখাতৰ মৰণপণ যুঁজ দিলেও তৃতীয়বাৰৰ বাবে শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ পৰা মুখ্যমন্ত্রী বেনার্জীক আশাহত কৰিব নোৱাৰিলে৷ প্রাক–নির্বাচনী হিংসাৰ পৰা ভোটগ্রহণৰ সময়ত চলা ব্যাপক হিংসাৰ অন্তত আঠটা পর্যায়ত সমাপ্ত হোৱা ভোটগ্রহণৰ পিছত  পশ্চিমবংগৰ ২৯৪জনীয়া বিধানসভাৰ ভোটগণনা কৰা হয়৷ ভোটগণনা আৰম্ভ হোৱাৰ পিছতেই শাসকীয় তৃণমূল কংগ্রেছে অগ্রগতি ল’বলৈ আৰম্ভ কৰে যদিও মাজতে দুঘণ্টামানৰ বাবে শাসকীয় টি এম চি আৰু কেন্দ্রত শাসনাধিষ্ঠিত বিজেপিৰ মাজত তুমুল প্রতিদ্বন্দ্বিতা আৰম্ভ হয়৷

অৱশ্যে পাছলৈ দিনৰ ১২ বজামানৰ পৰা টি এম চিয়ে অগ্রগতি অধিক বঢ়াই তোলে৷ ২৯৪খন আসনৰ ভিতৰত নির্বাচন অনুষ্ঠিত ২৯২খন আসনৰ ভিতৰত চৰকাৰ গঠনৰ মেজিক সংখ্যা টি এম চিয়ে অতিক্রম কৰাই নহয়, ২০০ আসন অতিক্রম কৰিবলৈ সক্ষম হয়৷ ইয়াৰ বিপৰীতে বিজেপিয়ে ৮০খন আসনতে সীমাবদ্ধ হৈ থাকে৷

কার্যতঃ নির্বাচনী ফলাফলৰ অগ্রগতিৰে তৃতীয়বাৰৰ বাবে টি এম চিয়ে ৰাজ্যখনত শাসনত অধিষ্ঠিত হোৱাটো নিশ্চিত হয় আৰু বিজেপিৰ আশাত চেঁচাপানী পৰে৷ ২০০তকৈ অধিক আসন লাভ কৰি বিজেপিয়ে টি এম চিক উৎখাত কৰাৰ হুংকাৰ দিছিল যদিও কার্যতঃ ভোটগণনাই তাৰ বিপৰীত ছবি এখন দাঙি ধৰিলে৷

সন্ধিয়া ৬.৩০ বজাত যুগুতোৱা বাতৰি মতে ২৯২খন আসনৰ ভিতৰত তৃণমূল কংগ্রেছে ২১১খনত অগ্রগতি লৈ আছে৷ বিজেপিয়ে ৭৮খন আসনত অগ্রগতি লৈ আছে৷ ইপিনে, মুখ্যমন্ত্রী মমতা বেনার্জীয়ে তীব্র প্রতিদ্বন্দ্বিতাৰ অন্তত নন্দীগ্রাম বিধানসভা সমষ্টিৰ পৰা বিজয়ী হোৱা বুলি বাতৰি চর্চিত হ’লেও নির্বাচনী ফলাফলৰ আনুষ্ঠানিক ঘোষণাত ১,৯৫৭টা ভোটৰ ব্যৱধানত বিজেপিৰ প্রার্থী তথা একালৰ ঘনিষ্ঠ সহযোগী শুভেন্দু অধিকাৰীৰ হাতত মুখ্যমন্ত্রী বেনার্জী পৰাজিত হয়৷

একালৰ সতীর্থ তথা তৃণমূল কংগ্রেছৰ প্রাক্তন জ্যেষ্ঠ নেতা শুভেন্দু অধিকাৰীৰ সৈতে নন্দীগ্রামত মুখ্যমন্ত্রী বেনার্জীৰ তীব্র প্রতিদ্বন্দ্বিতা হয়৷ ভোটগণনা আৰম্ভ হোৱাৰ পাছৰে পৰা শুভেন্দু অধিকাৰীয়ে ৬টা ৰাউণ্ডলৈ মমতা বেনার্জীক পিছ পেলাই থকাৰ অন্তত বেনার্জীয়ে পাছলৈ সামান্য অগ্রগতি লয় যদিও পুনৰ পৰৱর্তী দুটা ৰাউণ্ডত অধিকাৰী অগ্রগতি ল’বলৈ সক্ষম হয়৷ এটা সময়ত এনে পৰিস্থিতিৰ সৃষ্টি হয় যে মুখ্যমন্ত্রী বেনার্জী নন্দীগ্রামৰ পৰা পৰাজিত হোৱাৰ শংকা ঘনীভূত হয়৷ অন্তিম দুটা ৰাউণ্ড ভোটগণনা কৰিবলৈ বাকী থকা অৱস্থাত অধিকাৰীৰ অগ্রগতি হ্রাস কৰি বেনার্জীয়ে মাত্র ৬টা ভোটৰ ব্যৱধানত পিছপৰি থাকে৷ পৰৱর্তী দুটা ৰাউণ্ডৰ ভোটগণনাত বেনার্জীক পিছ পেলাই অধিকাৰীয়ে ১,৯৫৭টা ভোটৰ ব্যৱধানত জয়ী হয়৷ মন কৰিবলগীয়া যে মুখ্যমন্ত্রী বেনার্জীয়ে তৃণমূল কংগ্রেছ এৰি বিজেপিৰ প্রার্থী হিচাপে নন্দীগ্রামত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা শুভেন্দু অধিকাৰীক প্রত্যাহ্বান জনাই নিজেই উক্ত সমষ্টিৰ পৰা প্রার্থিত্ব আগবঢ়াইছিল৷

আন কোনো সমষ্টিত প্রার্থিত্ব আগনবঢ়াই একমাত্র নন্দীগ্রামত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা মুখ্যমন্ত্রী বেনার্জী নির্বাচনী ৰণত পৰাজিত হ’ব বুলি বিজেপি নিশ্চিত আছিল আৰু সেয়া ফলাফলত প্রমাণিত হ’ল৷ নির্বাচনী প্রচাৰ অভিযান চলাই থকাৰ সময়তে ভৰিত আঘাত পোৱা মমতা বেনার্জীয়ে অকলেই বিজেপিৰ সর্বশক্তিৰ বিৰুদ্ধে যুঁজি ৰণত জয়ী হোৱাৰ বাবেই দেশজুৰি বিৰোধী ৰাজনৈতিক দলসমূহে বেনার্জীৰ দক্ষতাক ভূয়সী প্রশংসা কৰিছে৷

কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙেও টুইটাৰযোগে পশ্চিমবংগত পুনৰ শাসনৰ গাদীলৈ অহা মুখ্যমন্ত্রী বেনার্জীক অভিনন্দন জনাইছে৷ ইপিনে, পশ্চিমবংগত তৃতীয়বাৰৰ বাবে বৃহৎ জয় সাব্যস্ত কৰাৰ পিছত মুখ্যমন্ত্রী বেনার্জীয়ে প্রথমটো বিজয়ী ভাষণত কয়– জয় বাংলা আৰু খেলা হবে শ্লোগানে তৃণমূল কংগ্রেছক বিজয়ত সহায় কৰিলে৷ এই বৃহৎ জয়ৰ বাবে জনতাৰ প্রতি আমি কৃতজ্ঞ৷ শীঘ্রেই ক’ভিড–১৯ৰ কাম আৰম্ভ কৰিম৷ শপত গ্রহণ অনুষ্ঠান অতি অনুষ্টুপীয়া হ’ব৷ কিয়নো ৰাজ্যখনত ক’ভিড–১৯ৰ পৰিস্থিতি ভয়াৱহ হৈ আছে৷ তদুপৰি মুখ্যমন্ত্রী বেনার্জীয়ে কয়– নন্দীগ্রামক লৈ তেওঁ উদ্বিগ্ন নহয়৷ মই নন্দীগ্রামত সংগ্রাম কৰিবলগীয়া হৈছে৷ কাৰণ মই এক আন্দোলনৰ বাবে যুঁজিছোঁ৷ নন্দীগ্রামৰ জনতাই যি জনাদেশ দিছে, মই তাক গ্রহণ কৰিছোঁ৷ তাক লৈ মই মূৰ নঘমাওঁ৷ আমি ৰাজ্যখনত ২২১তকৈ অধিক আসন লাভ কৰিছোঁ আৰু বিজেপিয়ে নির্বাচন হাৰিছে৷

তদুপৰি বেনার্জীয়ে কয় – বিজেপি নির্বাচনত পৰাজিত হৈছে৷ তেওঁলোকে লেতেৰা ৰাজনীতি কৰিছে৷ আমি নির্বাচন আয়োগৰ ভয়াৱহতাৰ সন্মুখীন হৈছোঁ৷ লক্ষণীয় যে নির্বাচনত বৃহৎ জয়লাভ কৰাৰ পিছতো মুখ্যমন্ত্রী বেনার্জীয়ে নির্বাচন আয়োগৰ ভূমিকাক লৈ উচ্চতম ন্যায়ালয়ৰ ওচৰ চাপিব বুলি ঘোষণা কৰিছে৷ বিজেপিক পৰাস্ত কৰি তৃতীয়বাৰ শাসনলৈ অহা মুখ্যমন্ত্রী বেনার্জীক অভিনন্দন জনাই প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কয় যে ৰাজ্যখনলৈ কেন্দ্রীয় চৰকাৰে সকলো প্রকাৰৰ সহায়–সমর্থন আগবঢ়াব৷

You might also like