নতুন চৰকাৰৰ আৰম্ভণি
এটি জটিল সময়ত অসমৰ নতুন চৰকাৰে ৰাজ্যখনৰ প্রশাসনৰ দাায়িত্ব পালন কৰিবলৈ সাজু হৈছে৷ এই সময়ত প্রতিজন মানুহেই সামাজিক আৰু অর্থনৈতিক দিশত প্রতিটো খোজেই সাৱধানতাৰে দিবলগীয়া হৈছে৷ এনে সময়ত চৰকাৰ এখনৰ কান্ধলৈ ভালেখিনি অতিৰিক্ত দায়িত্ব আহি পৰে৷ চৰকাৰ এখন ধাৰাবাহিকভাৱে চলি থকা সময়ৰ কথা পৃথক, কিন্তু যেতিয়া নির্বাচনত জিকি দল এটাই চৰকাৰ এখন গঠন কৰা সময়ত, নতুনকৈ হিচাপৰ বহী খোলা এই সময়ত চৰকাৰখনৰ মূৰত থকা আটাইতকৈ গধুৰ দায়িত্ব পৰে জনসাধাৰণৰ তৎকালীন আশা–আকাংক্ষা পূৰণৰ৷ কিছুমান আশা পূৰণৰ বাবে ৰাইজে চৰকাৰখনক কিছু সময়ো দিয়ে৷ কিন্তু এইবাৰ কথাটো বহু পৃথক৷ চৰকাৰক দিবলৈ ৰাইজৰ কাৰো হাতত সময় নাই৷ ক’ৰোনা মহামাৰীয়ে সকলো দিশৰ পৰা আক্রমণ কৰি ৰাজ্যখনক দুর্বল কৰি পেলাইছে৷ কোৱা বাহুল্য, ভাৰতৰ বহু ৰাজ্যৰ তুলনাত অসম চৰকাৰৰ ক’ভিড নিয়ন্ত্রণ ব্যৱস্থা বহু উন্নত আছিল আৰু ৰাইজে তাৰ ফল দেখা পাইছে৷ কিন্তু অভাৱনীয়ভাৱে অকল্পনীয় ৰূপত অহা ক’ভিডৰ দ্বিতীয় প্রবাহে ৰাজ্যখনক বেয়াকৈ আক্রমণ কৰিছে৷ প্রশাসনৰ প্রধান কাম হৈছে ক’ভিড সংক্রান্তীয় সমস্যাবোৰৰ যথাসম্ভৱ সমাধান কৰা৷ তাতে নির্বাচনৰ বাবে বহু দিন ৰাজ্যখন চৰকাৰ নোহোৱা অৱস্থাৰ মাজেৰে অতিক্রম কৰিছিল৷ এতিয়া নতুন চৰকাৰে প্রথমেই ক’ভিড ব্যৱস্থাপনা কার্যত মনোযোগ দি ৰাজ্যখনৰ জনসাধাৰণৰ মনলৈ কিছু পৰিমাণে হ’লেও সকাহৰ ভাব আনিব পাৰিব লাগিব৷ অকল ক’ভিড আক্রান্তক সকাহ দিয়াই যথেষ্ট নহয়, শিক্ষা, অর্থনীতি, উদ্যোগ, কৃষিকে ধৰি সকলো ক্ষেত্রকে ক’ভিডে আক্রমণ কৰি যি ধৰণে নিশকতীয়া কৰিছে তাক চৰকাৰে কেৱল অর্থ যোগানেৰে ৰাতিটোৰ ভিতৰতে পূর্বৰ অৱস্থালৈ ওভটাই নিব নোৱাৰে৷ কিন্তু অৱস্থা ভাল কৰাৰ দায়িত্ব প্রথম দিনাৰ পৰাই ল’ব লাগিব আৰু হ্রস্বকালীন–দীর্ঘকা উভয় ধৰণৰ পৰিকল্পনাকে চৰকাৰে গ্রহণ কৰি তাক দ্রুতভাৱে কার্যশীল কৰি তুলিব লাগিব৷
ক’ভিডৰ সমস্যা শেষ হওক বা নহওক, অসমলৈ আৰু এটি সমস্যা আহিবই– বানপানীৰ সমস্যা৷ সম্পূর্ণ প্রাকৃতিক এই সমস্যাৰ ক্ষেত্রত চৰকাৰে আগৰ পৰাই কিছু ব্যৱস্থা কৰিলে বানপানীৰ পৰা হোৱা ক্ষয়–ক্ষতি অলপ হ’লেও কমাব পাৰিব আৰু বান আক্রান্ত ৰাইজৰ দুর্দশাৰ সময়ত কিছু পৰিমাণে ভাল সহায় আগবঢ়াব পাৰিব৷ বানপানীৰ ক্ষেত্রত আগতীয়া কিছু ধাৰণা কৰিব পাৰি কাৰণেই দুর্যোগ প্রশমনৰ কিছু আগতীয়া ব্যৱস্থাও কৰিব পাৰি৷ বানপানীৰ সময়ত দুর্বল হৈ থকা দলং কিছুমান বানে উটুৱাই নিয়া খবৰ সদায়েই প্রকাশ হৈ থাকে৷ অন্ততঃ বানপানী অহাৰ আগে আগে তেনে দলংবোৰ ঠিক কৰাৰ কথা চৰকাৰে ভবাটো অতি দৰকাৰী কথা৷ অকল ইমানেই নহয়, বানপানী যোৱাৰ লগে লগে হ’ব পৰা অন্য সমস্যাবোৰৰ কেনেদৰে সমাধান কৰা হ’ব সেই কথাও চৰকাৰে আগতে চিন্তা কৰি সেইমতে ব্যবস্থা ল’ব পৰাৰ আয়োজন কৰি থ’লে বানাক্রান্ত ৰাইজে কিছু হ’লেও সকাহ পাব৷ অকল মানুহৰ কথাই নহয়, ঘৰচীয়া আৰু বনৰীয়া জীৱ–জন্তুৰ কথাও চৰকাৰে চিন্তা কৰিব লাগিব৷ এইবোৰৰ লগতে চৰকাৰে অগ্রাধিকাৰ ভিত্তিত কৰিবলগীয়া আৰু এটা কাম হ’ল প্রতিভা বিকাশৰ পৰিৱেশ ঘূৰাই অনা আৰু প্রতিভাৰ ক্ষেত্রখনত বিনিয়োগ কৰা৷ সম্পূর্ণ এক বছৰতকৈও অধিক দিন শিক্ষাজগতখন স্থবিৰ হৈ আছে৷ শিক্ষাৰ ক্ষেত্রত যিখিনি চলাই থকা হৈছিল সেয়া আছিল সম্পূর্ণ জোৰা–টাপলি মৰা বিধৰ আৰু সেই সময়ত চৰকাৰৰ হাতত আন কোনো উপায়ো নাছিল৷ ক্লাছৰুমৰ সলনি ম’বাইল ফোনৰ ব্যৱহাৰ কৰি দিয়া শিক্ষাকেই ‘অনলাইন শিক্ষা’ বুলি চলোৱা হৈছিল, যিটো প্রকৃত অর্থত অনলাইন শিক্ষা নহয়৷ অনলাইন শিক্ষাৰ বাবে প্রয়োজনীয় আহিলাপাতিও চৰকাৰে ব্যৱস্থা কৰাৰ কথা ভবা নাছিল আৰু সেই আহিলাপাতি চলাবপৰাকৈ শিক্ষকসকলো প্রশিক্ষিত নাছিল বা এই ধৰণৰ প্রয়োজনৰ কথা কোনেও ভবা নাছিল৷ স্কুল–কলেজৰ শিক্ষা আৰু লগতে আন সাংস্কৃতিক ক্ষেত্রৰ শিক্ষাৰ ক্ষেত্রত যিমানখিনি ক্ষতি হ’ল– সেই ক্ষতি পূৰাব পৰাকৈ অর্থাৎ সময় ঘূৰাই নাপায়, কিন্তু পঢ়োৱা সময়ৰ পৰিমাণ বঢ়াব পৰা যাব– এই ধৰণৰ চিন্তাৰে শিক্ষাৰ জগতখনক উজ্জীৱিত কৰিব লাগিব৷ এবছৰ কাল অনিশ্চয়তাৰ মাজেৰে পাৰ কৰা বিদ্যার্থী এজনৰ মনৰ জগতখন কিদৰে শুকান হৈ যাব পাৰে, তাৰ সঠিক উত্তৰ দিব পাৰিব সংবেদনশীল মনোবিজ্ঞানীয়ে আৰু তেনে যোগ্য ব্যক্তিৰ সহায়েৰে এই মানৱ সম্পদখিনিক আগবঢ়াই নিয়াটো চৰকাৰৰ অন্যতম প্রধান দায়িত্ব৷