নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাগৰিকত্ব সন্দর্ভত আইন প্রস্তুতৰ অধিকাৰ নাই বিধানসভাৰঃ আইনমন্ত্রী

আইন প্রস্তুতৰ অধিকাৰ নাই বিধানসভাৰঃ আইনমন্ত্রী

নিয়মীয়া বাৰ্তা, ১ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বলৱৎ নকৰাৰ প্রস্তাৱ কেৰালা বিধানসভাই গৃহীত কৰাৰ পিছতেই তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে কেন্দ্রীয় আইনমন্ত্রী ৰবিশংকৰ প্রসাদে৷ নাগৰিকত্ব সংশোধনী আইন প্রত্যাহাৰৰ দাবী জনাই কেৰালা চৰকাৰে প্রস্তাৱ গ্রহণ কৰাটো আইনসংগত নহয় বুলি উল্লেখ কৰি কেন্দ্রীয় মন্ত্রী প্রসাদে কয় যে নাগৰিকত্ব সন্দর্ভত আইন গৃহীত কৰাটো সদনৰহে ক্ষমতা৷ এইক্ষেত্রত ৰাজ্যৰ বিধানসভাৰ কোনো অধিকাৰ নাই৷ নতুন আইনখনে কোনো ভাৰতীয়ৰ নাগৰিকত্ব কাঢ়ি নলয় বুলি স্পষ্ট কৰি দি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে ন্যস্তস্বার্থজড়িত লোকসকলে আইনখনক লৈ ভুল তথ্য প্রচাৰ কৰি আছে৷ আইনখন সম্পূর্ণ সাংবিধানিক আৰু আইনসংগত বুলিও কয় মন্ত্রীগৰাকীয়ে৷ আনপিনে, ৰাষ্ট্রীয় জনসংখ্যাপঞ্জীৰ লগত ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ কোনো সম্পর্ক নাই বুলিও কেন্দ্রীয় মন্ত্রীগৰাকীয়ে মন্তব্য কৰে৷