নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শক্তিশালী পদক্ষেপেৰে ৰোধ কৰা সম্ভৱ ক’ভিডৰ তৃতীয় লহৰ

নিয়মীয়া বাৰ্তা, ৮ মে:   শক্তিশালী পদক্ষেপ গ্রহণ কৰিলে ক’ৰোনাৰ তৃতীয় লহৰ প্রতিৰোধ কৰাটো সম্ভৱ৷ এই কথা প্রকাশ কৰিছে কেন্দ্রীয় চৰকাৰৰ প্রধান বৈজ্ঞানিক উপদেষ্টা ড০ কে বিজয় ৰাঘৱনে৷

প্রধান বৈজ্ঞানিক উপদেষ্টাগৰাকীয়ে কয়– ‘আমি শক্তিশালী পদক্ষেপ গ্রহণ কৰিলে সম্ভৱতঃ ক’ৰোনাৰ তৃতীয় লহৰে গুৰুত্ব ৰূপ ধাৰণ নকৰিব৷ ৰাজ্য, জিলা আৰু চহৰসমূহৰ লগতে স্থানীয় অঞ্চলসমূহত কিদৰে চৰকাৰী নীতি–নির্দেশনাসমূহ কঠোৰভাৱে বলৱৎ কৰিব পৰা যায় তাৰ ওপৰত সেয়া নির্ভৰ কৰিব৷’ উল্লেখ্য যে এদিন পূর্বে ড০ ৰাঘৱনে ক’ৰোনাৰ তৃতীয় লহৰৰ বাবে সাজু হৈ থাকিবলৈ চৰকাৰক সকীয়াই দিছিল৷

You might also like