নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাড্ডাৰে বৈঠক সোণোৱাল–ড০ শর্মাক দিল্লীলৈ জৰুৰী তলব

নিয়মীয়া বাৰ্তা ৮ মেঃ ৰাজ্যৰ পৰৱর্তী মুখ্যমন্ত্রীক লৈ চলি থকা দীঘলীয়া চর্চাৰ মাজতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু ড০ হিমন্ত বিশ্ব শর্মাক কাইলৈ দিল্লীলৈ তলব কৰা হৈছে৷ আজি পুৱা বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ বাসগৃহত অনুষ্ঠিত হ’ব এক গুৰুত্বপূর্ণ বৈঠক৷ বৈঠকৰ অন্তত দুয়োজন নেতাৰ উপস্থিতিতে চূড়ান্ত কৰা হ’ব মুখ্যমন্ত্রীৰ নাম৷

উল্লেখ্য যে ৰাজ্যৰ মুখ্যমন্ত্রী পদৰ বাবে সর্বানন্দ সোণোৱালৰ লগতে ড০ হিমন্ত বিশ্ব শর্মাৰ নামো বহুলভাৱে চর্চিত হৈ আছে৷ ইতিমধ্যে মুখ্যমন্ত্রীৰ প্রসংগটোক লৈ ৰাজ্যত চলি থকা ৰাজনৈতিক চর্চাৰ মাজতে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই কলকাতাত এখন সংবাদ মেলত স্পষ্ট কৰি দিছিল যে সংসদীয় ব’র্ডে চূড়ান্ত কৰিব অসমৰ পৰৱর্তী মুখ্যমন্ত্রী কোন হ’ব৷ নির্বাচনত্তোৰ হিংসাৰ পৰিপ্রেক্ষিতত যোৱা সময়ছোৱাত পশ্চিমবংগত অধিক সময় অতিবাহিত কৰা জে পি নাড্ডাই যোৱা বৃহস্পতিবাৰে দিল্লীত উপস্থিত হোৱাৰ পিছতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ বাসগৃহত দলৰ সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষৰ উপস্থিতিত জে পি নাড্ডাই অনুষ্ঠিত কৰিছিল এক জৰুৰী বৈঠক৷ মুখ্যতঃ পশ্চিমবংগ আৰু অসমৰ শেহতীয়া নির্বাচনী ফলাফলক লৈ অনুষ্ঠিত বৈঠকত অসমৰ মুখ্যমন্ত্রীৰ প্রসংগত সংসদীয় ব’র্ডে পর্যবেক্ষক প্রেৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল৷

উল্লেখ্য যে মুখ্যমন্ত্রী নির্বাচনৰ ক্ষেত্রত বিজেপিৰ সংসদীয় ব’র্ডে পর্যবেক্ষকৰ জৰিয়তে পৰামর্শ লোৱাৰ অন্তত মুখ্যমন্ত্রীৰ নাম ঘোষণা কৰে৷ অসমৰ ক্ষেত্রতো একেই ধৰণে পর্যবেক্ষকৰ জৰিয়তে মুখ্যমন্ত্রীৰ নাম ঘোষণা হ’ব বুলি ৰাষ্ট্রীয় নেতৃত্বই ইংগিত দিছিল যদিও  সমগ্র বিষয়টোৰ সিদ্ধান্ত গ্রহণৰ বাবে ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই সর্বানন্দ সোণোৱাল আৰু ড০ হিমন্ত বিশ্ব শর্মাক জৰুৰীভাৱে তেওঁৰ বাসগৃহত পুৱা ১০.৩০ বজাত উপস্থিত হ’বলৈ নির্দেশ দিছে৷ সেই অনুসৰি আজি  পুৱা বিশেষ বিমানেৰে সোণোৱাল আৰু ড০ শর্মা দিল্লীত উপস্থিত হোৱাৰ পিছতেই জে পি নাড্ডাৰ বাসগৃহত মুখ্যমন্ত্রীৰ নাম চূড়ান্ত কৰাৰ প্রসংগত অনুষ্ঠিত হ’ব এক গুৰুত্বপূর্ণ বৈঠক৷

You might also like