নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংকটত ওৰাং ৰাষ্ট্রীয় উদ্যান

নিয়মীয়া বাৰ্তা ১১ মেঃ দৰঙৰ শিলবৰীস্থিত মৰা ধনশ্রী নৈত ব্যাপক হাৰত দিনে নিশাই জেচিবিৰে চলোৱা অবৈধ মাটি খনন কার্যই ভয়ংকৰ বিপদ মাতি আনিব ওৰাং ৰাষ্ট্রীয় উদ্যানলৈ৷ এই আশংকা ব্যক্ত কৰিছে স্থানীয় সচেতন মহলে৷

জানিব পৰা মতে ওৰাং ৰাষ্ট্রীয় উদ্যানৰ কাষতেই থকা তথা দৰঙৰ দলগাঁও থানাৰ অন্তর্গত ১/২নং কছাৰিভেটীটুপ গাঁৱৰ মাজেৰে বৈ যোৱা মৰাধনশ্রী (পাঁচনৈ) নৈত জেচিবি আৰু কেইবাটাও ড্রেক্টৰে দিনে–নিশাই চলাইছে মাটি খননকার্য৷

খহনীয়াৰ ভয়ত সমাজৰ মাজত সৃষ্টি হৈছে ব্যাপক প্রতিক্রিয়াৰ৷ যি সময়ত চৰকাৰে বিভিন্ন আঁচনিৰ জৰিয়তে গৰাখহনীয়াৰ পৰা ৰাইজক পৰিত্রাণ দিবলৈ লাখ লাখ টকা খৰচ কৰি মথাউৰি বান্ধ নির্মাণ আৰম্ভ কৰিছে, ঠিক তেনে সময়তে সমাজৰ একাংশ দুষ্টচক্রই নিজৰ স্বার্থৰ লোভত আৰক্ষী তথা বন বিভাগক মেনেজ কৰি দিনে–নিশাই জেচিবি আৰু ট্ৰেক্টৰ ব্যৱহাৰ কৰি মৰাধনশ্রী(পাঁচনৈ) নৈৰ পৰা মাটি কাটি খহনীয়াৰ সৃষ্টি কৰিবলৈ কু–চক্রান্ত চলাইছে৷ ওৰাং ৰাষ্ট্রীয় উদ্যানৰ কাষতেই থকা নৈত দিনে–নিশাই কেইবাখনো ট্ৰেক্টৰেৰে মাটি খনন কৰাত আগন্তুক দিনত ৰাষ্ট্রীয় উদ্যানখন ভয়ংকৰ বিপদৰ সন্মুখীন হোৱাৰ লগতে গৰাখহনীয়াৰ শংকাত শংকিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ৷ যি সময়ত চৰকাৰে গৰাখহনীয়া ৰোধ কৰাৰ বাবে বিভিন্ন পন্থা অৱলম্বন কৰিছে তেনে সময়তে মৰাধনশ্রী (পাঁচনৈ) নৈত অবৈধভাৱে মাটি খননকার্যই ৰাইজৰ মাজত এক চর্চাৰ বিষয় হৈ পৰিছে৷ নৈখনত দীর্ঘদিন ধৰি চলি থকা মাটি খননকার্যৰ বিৰুদ্ধে বাতৰি প্রচাৰ হোৱাৰ পিছতো গা লৰা নাই আৰক্ষী তথা বন বিভাগৰ৷

বন বিভাগৰ একাংশ বিষয়া–কর্মচাৰী উক্ত অবৈধ মাটি খনন কার্যত জডিত থকাৰো অভিযোগ তুলিছে একাংশ ৰাইজে৷ উক্ত খননকার্যৰ ফলত আগন্তুক বাৰিষাৰ দিনত ৰাষ্ট্রীয় উদ্যানৰ লগতে বৃহৎ ক্ষতি হোৱাৰ সম্ভাৱনা আছে কৃষিপ্রধান অঞ্চলটিত৷ অবৈধ খননকার্য বন্ধ কৰাৰ বাবে জিলা প্রশাসনৰ ওচৰত প্রকৃতিপ্রেমী সংগঠনসমূহে দাবী জনাইছে৷

You might also like