নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এক কোটিৰ ব্রাউন ছুগাৰসহ তিনিজনক আটক

নিয়মীয়া বাৰ্তা ১১ মেঃ   মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে ৰাজ্যত সান্ধ্য আইন চলি থকাৰ মাজতে নলবাৰী জিলাৰ ঘগ্রাপাৰত আজি আবেলি প্রায় ৫ বজাত ঘগ্রাপাৰ আৰক্ষী আৰু নলবাৰী সদৰ আৰক্ষীয়ে অভিযান চলাই এক কিলো ৫৮ গ্রাম ব্রাউন ছুগাৰসহ তিনিজন সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ মূল্য প্রায় এক কোটি টকা হ’ব৷

নলবাৰী সদৰ থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া তপন কলিতা আৰু ঘগ্রাপাৰ থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত চলোৱা আৰক্ষীৰ দলটোৱে ব্রাউন ছুগাৰসহ সৰবৰাহকাৰী মণিপুৰৰ মাইবাং তম্ব (৩৫), হাউলীৰ সাহিদল ইছলাম (২৫) আৰু ৰকিবুল ইছলামক (২৬) কৰায়ত্ত কৰে৷ উল্লেখ্য যে তিনি দিন আগতে নলবাৰী জিলাৰ কৈঠালকুছিত আৰক্ষীয়ে অভিযান চলাই গামাৰিমূৰীৰ সঞ্জয় ডেকা আৰু মৃণাল ডেকা নামৰ দুজন যুৱকক ব্রাউন ছুগাৰসহ আটক কৰিছিল৷

You might also like