নিয়মীয়া বাৰ্তা ১৩ মেঃ মহানগৰীৰ চৌদিশে ক’ভিডৰ আতংক বিৰাজ কৰি থকাৰ মাজতে কালি নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়৷ জিএমচিএইচত চিকিৎসাধীন ক’ভিড আক্রান্ত এজন ৰোগীয়ে অট্টালিকাৰ পৰা জঁপিয়াই আত্মহত্যা কৰে৷ অট্টালিকাৰ খিৰিকীৰে জঁপিয়াই আত্মহত্যা কৰা লোকজন ছয়গাঁৱৰ দীপক দাস (৫০) বুলি জানিব পৰা গৈছে৷
প্রাপ্ত খবৰ মতে, যোৱা ৮ মে’ত ব্যক্তিজনৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰাত তেওঁক পৰিয়ালৰ লোকে জিএমচিএইচত ভর্তি কৰায়৷ জিএমচিএইচৰ ২নং ক’ভিড ৱার্ডত চিকিৎসাধীন অৱস্থাতে মঙলবাৰে নিশা প্রায় ৮.৪৫ বজাত তৃতীয় মহলাৰ পৰা খিৰিকীৰে জঁপিয়াই ব্যক্তিজন গুৰুতৰভাৱে আহত হয়৷ আহত ব্যক্তিজনক পিছত জিএমচিএইচৰ জৰুৰী সেৱাত ভর্তি কৰি চিকিৎসা প্রদান কৰা হয় যদিও তেওঁৰ বুধবাৰে পুৱাৰ ভাগত মৃত্যু হয়৷ হাস্পতালৰ পৰা ব্যক্তিজনে জঁপিওৱাৰ কাৰণ জানিব পৰা হোৱা নাই যদিও মানসিক অশান্তিৰ বাবেই তেওঁ এই পথ বাছি লোৱা বুলি একাংশই সন্দেহ ব্যক্ত কৰিছে৷