‘মানুহৰ যেতিয়াই মৃত্যুৰ সময় হয়, তেতিয়াই তেওঁক ৰুচিসন্মতভাৱে মৰিবলৈ দিব লাগে৷ মোৰ নিজৰো যথেষ্ট বয়স হৈছে৷ মৃত্যু খুউব বেছি দূৰত নাই৷ মই বহুত দিনৰ আগতেই সংকল্প লৈ থৈছোঁ যে কৃত্রিমভাৱে মোক জীয়াই ৰাখিবলৈ মই কোনো চিকিৎসকক অনুমতি নিদিম৷ মোৰ পুত্র দুজনে যেন এই কথা মনত ৰাখে৷ মই এজন অতি সামান্য মানুহ৷ কিন্তু মোৰ অন্তিম সংস্কাৰ হ’ব লাগিব অসামান্য মানুহ এলবার্ট আইনষ্টাইনৰ নিচিনাকৈ৷ জীৱনৰ অনিবার্য পৰিণতি হ’ল মৃত্যু৷ মৃত্যুক কোনেও জয় কৰিব নোৱাৰে৷ মৃত্যুক সুন্দৰভাৱে গ্রহণ কৰিব পৰাটোৱেই হ’ল জীৱনত শেষৰবাৰৰ কাৰণে কৰিব পৰা আটাইতকৈ সুন্দৰ কাম৷’
কিছুদিন পূর্বে নিজৰ জীৱনৰ ওপৰত সম্পৰীক্ষা চলাই যোৱা হোমেন বৰগোহাঞি ছাৰে যেন জানি–বুজিয়েই এই কথাখিনি লিখি থৈ গৈছিল৷
আমৃত্যু কাম কৰি যোৱাৰ প্রতিশ্রুতি ৰক্ষা কৰি আকস্মিকভাৱেই আমাক নিঠৰুৱা কৰি অজান দেশলৈ গুচি গ’ল বৰগোহাঞি ছাৰ৷
আজি মই দ্বিতীয়বাৰৰ কাৰণে পিতৃহাৰা হ’লোঁ৷ মই বহু ঠাইত কোৱাৰ লগতে তেখেতৰ সন্মুুখতো এই কথাটো কৈছিলোঁ যে যেতিয়াই কিবা কাৰণত মই জীৱনত দুর্বল হওঁ বা যেতিয়াই মোক জীৱন যাত্রাত আগবাঢ়ি যাবলৈ কিবা উপদেশৰ প্রয়োজন হয়, তেতিয়াই ছাৰৰ কাষ পাইছিলোঁ৷
মই বৰগোহাঞি ছাৰক মোৰ জীৱনৰ অন্যতম প্রেৰণাদাতা হিচাপে বিশ্বাস কৰোঁ৷ বৰগোহাঞি ছাৰে লিখিছিল– ‘কিছুমান মানুহ স্বভাৱতেই বিষণ্ণ আৰু নিৰাশাবাদী৷ আন কিছুমান মানুহ স্বভাৱতেই আনন্দময় আৰু আশাবাদী৷ মই নিজেই এই দ্বিতীয় শ্রেণীটোত পৰোঁ৷ জীৱনৰ পথ বিপদসংকুল কিন্তু ইনাই–বিনাই কান্দিলে বা কাকূতি–মিনতি কৰিলে বিপদে বাট এৰি নিদিয়ে৷ তেনেস্থলত ভয়ংকৰ বিপদ বা দুর্ভাগ্যক ভেঙুচালি কৰি মই হঁাহি হঁাহি জীৱনৰ পথত আগবাঢ়িব খোজোঁ৷’ সেই কাৰণেই ছাৰ ধৰা দিয়ে ব্যতিক্রমী ৰূপত৷
এয়া মোৰ ব্যক্তিগত ক্ষতি৷
তাৰ পিছত সমাজখনৰ যে কি ক্ষতি হৈছে, সেয়া বৰগোহাঞি ছাৰৰ অবর্তমানত ৰাইজে মুহূর্তে মুহূর্তে উপলব্ধি কৰিব পাৰিব৷
আমি বৰগোহাঞি ছাৰৰ অতি নিকট সম্পর্ক ৰাখি থকা কেইজনমানে বৰগোহাঞি ছাৰৰ এক প্রতিমূর্তি নির্মাণৰ সিদ্ধান্ত লৈছিলোঁ৷
ছাৰক নোকোৱাকৈয়ে সেই কাম নতুন চৰকাৰখনৰ সৈতে কথা পাতি কৰিম বুলি মনে মনে থিৰাং কৰিছিলোঁ৷
কিন্তু আমাৰ দুর্ভাগ্য যে তেওঁ জীৱিত অৱস্থাত আমি সেই কামটো কৰিব নোৱাৰিলোঁ৷
চৰকাৰক অনুৰোধ জনাব খুজিছোঁ, যাতে তেখেতৰ এটা প্রতিমূর্তিসহ এটা পুথিভঁৰাল আৰু প্রেক্ষাগৃহ সকলোৱে দেখিবলৈ পোৱা এক স্থানত নির্মাণ কৰে৷ আৰু এয়াই হ’ব ছাৰৰ প্রতি এক সুন্দৰ শ্রদ্ধাঞ্জলি৷
ছাৰৰ নামত ৱেবছাইট লাগে বুলি মই প্রথম দিনা কওঁতে তেওঁ উছাট মাৰি উঠিছিল৷ অৱশেষত বহু কাকূতি–মিনতি কৰি তেওঁক মই সৈমান কৰাইwww.homenborghain.com নামেৰে এটা ৱেবছাইট কৰিছিলোঁ৷ যাৰ কাম এতিয়াও চলি আছে৷ কিন্তু কংক্রিট কামখিনি সমাধা হোৱাৰ আগতেই ছাৰ আমাৰ মাজৰ পৰা গুচি গ’ল৷ এতিয়া ৱেবছাইটটোৰ বাকী থকা কামখিনি সম্পূর্ণ কৰিব লাগিব৷
১৯৩২ চনৰ ৮ ডিচেম্বৰত হোমেন বৰগোহাঞি এই ধৰালৈ আহিছিল৷ অর্থাৎ ৪ মাহ পূর্বে আমাৰ বৰগোহাঞি ছাৰৰ ৮৯সংখ্যক ওপজা দিন পালন কৰিছিলোঁ৷
২০০০ চনত ‘আমাৰ অসম’ কাকতৰ তেতিয়াৰ বার্তা সম্পাদক প্রণয় বৰদলৈয়ে কাকতখনৰ হাফলঙৰ সাংবাদিক হিচাপে মোক আৱিষ্কাৰ কৰাৰ সময়ত কাকতখনৰ প্রতি মোৰ দুর্বাৰ আকর্ষণৰ কেন্দ্রবিন্দু আছিল কাকতখনৰ প্রতিষ্ঠাপক সম্পাদক হোমেন বৰগোহাঞি৷ ২০০১ চনত ‘আমাৰ অসম’ৰ হাফলঙৰ প্রতিনিধি হিচাপে স্থায়ীভাৱে নিযুক্তি লাভ কৰাৰ পিছত পেছাগত সাংবাদিকতাৰ জীৱনত প্রৱেশ কৰিছিলোঁ৷ হাফলঙৰ পৰা গুৱাহাটী আহিলেই প্রণয় দাক খাটনি ধৰোঁ বৰগোহাঞি ছাৰক লগ কৰাই দিবলৈ৷ সময়–সুযোগ মিলা নাছিল৷
২০০২ চন৷
এদিন প্রণয় দাই মোৰ আবদাৰ শুনি বৰগোহাঞি ছাৰৰ ঘৰলৈ যাবলৈ ক’লে৷ হেঙেৰাবাৰীৰ হাউছিং ক’লনীৰ বাসিন্দা বৰগোহাঞি ছাৰৰ ঘৰৰ ঠিকনাটো বুজাই দিলে প্রণয় দাই৷ কৈশোৰৰ সময়ৰ পৰা মন–মগজু উদ্বেলিত কৰি ৰখা হোমেন বৰগোহাঞিক নিচেই কাষৰ পৰা লগ পোৱাৰ আনন্দই হূদয়ত এক অনন্য অনুভূতি প্রদান কৰিছিল৷ কিন্তু সেই আনন্দ মষিমূৰ হ’বলৈ বেছি পৰ নালাগিল৷ বৰগোহাঞি ছাৰৰ ঘৰৰ দুৱাৰ মুখত কলিং বেলটো বজোৱাৰ পিছতেই ছাৰে ঘপহকৈ দর্জাখন খুলি সাংঘাতিক খঙেৰে ‘খবৰ নকৰাকৈ, অনুমতি নোলোৱাকৈ কোনে আহিব দিছে, এতিয়া মোৰ লিখাৰ সময় কথা পাতিব নোৱাৰোঁ’ বুলি জোৰকৈ দর্জাখন মাৰি দিলে৷ মোৰ চকুপানী ওলাই গৈছিল৷ প্রণয় দাক সকলো বিৱৰি কোৱাত মোৰ দুখৰ সমভাগী হোৱাৰ বিপৰীতে জোৰ জোৰকৈ হঁাহিছিল প্রণয় দাই৷ বৰগোহাঞি ছাৰৰ গালি খাব পোৱাটো সৌভাগ্যৰ কথা বুলি মোক বুজনি দিবলৈ চেষ্টা কৰিছিল প্রণয় দাই৷
সেই ঘটনাটোৰ আঁত ধৰি ২০১৪ চনৰ অক্টোবৰ মাহৰ শেষৰ দেওবাৰটোত ‘নিউজ লাইভ’ত বৰগোহাঞিৰ মননশীল অনুষ্ঠান ‘কথা–বার্তা’ত মোক অতিথি হিচাপে লৈ এনেদৰে মন্তব্য কৰিছিল– ‘মই জীৱনত প্রায় ৪৫ বছৰ সাংবাদিকতা কৰিছেছা৷ এই ৪৫ বছৰত মোৰ জীৱনত বহু সাংবাদিক আহিছে আৰু গৈছে৷ কিন্তু মই তোমাৰ সন্মুুখত এইটো ক’বলৈ ভাল পাইছেছা যে মোৰ জীৱনত যিকেইজন মুষ্টিমেয় সাংবাদিক মোৰ ঘনিষ্ঠতম সংস্পর্শলৈ আহিছিল, তাৰ ভিতৰত সেইখন তালিকাত তুমি এক নম্বৰতে আছা৷ কিন্তু এইটো এটা আচৰিত কথা ২০০২ চনত প্রথমবাৰৰ কাৰণে যেতিয়া তুমি মোক দেখা কৰিবলৈ আহিছিলা, মই আগবেলা সাধাৰণতে কাকো দেখা নকৰোঁ, আৰু সেই দিনা তুমি এপইণ্টমেণ্ট নকৰাকৈ দেখা কৰিবলৈ আহিছিলা৷ মই তোমাক মোৰ ঘৰৰ ভিতৰত সোমাবলৈ নিদিয়াকৈ খুউব বেয়া ধৰণে অসভ্য আচৰণ কৰি তোমাক মই ঘৰৰ পৰা বাহিৰ কৰি দিছিলোঁ৷ আৰু সেই মানুহটোৱেই পিছলৈ মোৰ জীৱনত ঘনিষ্ঠতম সংস্পর্শলৈ আহিলা৷
২০০২ চনৰ ১২ ডিচেম্বৰ৷
তিনিদিনীয়া কার্যসূচী লৈ হাফলঙত উপস্থিত হৈছিল অসম সাহিত্য সভাৰ তদানীন্তন সভাপতি হোমেন বৰগোহাঞি৷
পোন্ধৰ বছৰ ধৰি নিষ্ক্রিয় হৈ থকা অসম সাহিত্য সভাৰ হাফলং শাখাটি সক্রিয় কৰি তোলাৰ পিছত হাফলং সাহিত্য সভাৰ সাধাৰণ সম্পাদক হিচাপে মোক মনোনীত কৰিছিল৷ অসম সাহিত্য সভাৰ প্রতি জনগোষ্ঠীয় লোকৰ আগ্রহ কিমান আছিল, সেয়া প্রতিফলিত হৈছিল হোমেন বৰগোহাঞিৰ হাফলং ভ্রমণকালত৷ জিলাখনৰ সচেতন মহলে বৰগোহাঞি ছাৰৰ হাফলং ভ্রমণক ঐতিহাসিক বুলি ক’বলৈ বাধ্য হৈছিল৷
হাফলঙত আৰম্ভ হৈছিল সাহিত্য–সংস্কৃতিৰ এক নতুন কর্মযজ্ঞ৷ এই কর্মযজ্ঞৰ যেন আৰম্ভণি ঘটাইছিল হোমেন বৰগোহাঞিৰ প্রথমটো হাফলং ভ্রমণে৷ হোমেন বৰগোহাঞিৰ উৎসাহতেই হাফলঙত স্থাপন হ’ল সাহিত্য সভা ভৱন৷ তেওঁ আগবঢ়োৱা কিতাপেৰেই আৰম্ভ হ’ল হাফলং সাহিত্য সভাৰ লাইব্রেৰী৷ ডিমাচা, জেমী নগা, মাৰ, কুকী, বেইটে, ৰাংখল, ভাইফে আদি জনজাতিসমূহৰ উপৰি অজনজাতীয় সম্প্রদায়সমূহেও বৰগোহাঞিয়ে আহ্বান জনোৱা বাটেৰেই বাট বুলি সকলো সম্প্রদায়ৰ সন্মিলিত অনুষ্ঠান ইউনাইটেড লিটাৰেৰী ফ’ৰাম গঠন কৰিছিল৷ বৰগোহাঞি ছাৰৰ হাফলং ভ্রমণসমূহক কেন্দ্র কৰি এখন কিতাপেই হ’ব৷
অসম সাহিত্য সভাৰ সভাপতি হিচাপে ‘বিশ্বকোষ’ আন্দোলন আৰু তাৰ পিছৰ পর্যায়ত আৰম্ভ কৰা আৰু এতিয়ালৈকে চলাই থকা ‘কৰুণাধাৰা’ৰ আন্দোলন বৰগোহাঞি ছাৰৰ লেখীয়া ব্যক্তিয়েহে একক প্রচেষ্টাৰে আগুৱাই লৈ যাব পাৰে৷
পৃথিৱীৰ গ্লেমাৰাছ সাংবাদিকসকলৰ ভিতৰতেই হোমেন বৰগোহাঞিক সাংবাদিক হিচাপে যিদৰে মানুহে মনত ৰাখিব, অসমৰ গড হিচাপত সবাতোকৈ বেছি ৰাজহ অর্জন কৰা লেখক বৰগোহাঞিক যিদৰে মনত ৰাখিব, মাত্র আধাঘণ্টীয়া টিভি শ্ব’ এটাই মানুহৰ মনত কিদৰে এক চাপ বহুৱাব পাৰে, সেই কথা যিদৰে মনত ৰাখিব, চিকিৎসক নহ’লেও স্বাস্থ্যৰ ওপৰত থকা অগাধ পাণ্ডিত্যৰ লগতে এক অতুলনীয় স্মৃতি শক্তিৰ ব্যক্তি হিচাপেও সকলোৱে বৰগোহাঞি ছাৰক মনত ৰাখিব৷
৮৯ বছৰত ভৰি দিয়া বৰগোহাঞি ছাৰ আছিল সাংঘাতিকভাৱে আধুনিক মনৰ আৰু নতুন প্রজন্মৰ দৰেই স্মার্ট৷ স্বাধীনতাৰ তেৰ বছৰ পূর্বেই জন্ম হ’লেও আজিৰ যুগতো নিজকে সুন্দৰকৈ খাপ খুৱাই সকলো কথা বুজিব পৰা এক ব্যতিক্রমী পুৰুষ আছিল বৰগোহাঞি ছাৰ৷