নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন এছঅ’পি প্রসংগত

বৃহস্পতিবাৰৰ পুৱা ৫ বজাৰ পৰা ক’ভিডসৃষ্ট পৰিস্থিতি নিয়ন্ত্রণৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰা নতুন তথা কঠোৰ ব্যৱস্থা (এছ অ’ পি)ৰ অসমজুৰি বলৱৎ হৈছে৷ নতুন এছ অ’ পিক লকডাউনৰ মিনি সংস্কৰণ বুলি ক’ব পাৰি৷ নতুন এছ অ’ পি অনুসৰি চহৰাঞ্চলত পুৱা ৫ বজাৰ পৰা দিনৰ এক বজালৈ আৰু গ্রামাঞ্চলত বিয়লি দুই বজালৈ মোটামুটিকৈ স্বাভাৱিক বাহাল থাকিব৷ তাৰ পিছৰে পৰা সকলো স্তব্ধ৷ সান্ধ্য আইনৰ কবলত পৰিব ৰাজ্যখন৷ ব্যৱসায়–বাণিজ্য, অফিচ–কার্যালয়, যান–বাহনৰ চলাচলকে ধৰি প্রাত্যহিক জীৱনৰ প্রায় সকলো বন্ধ হৈ পৰিব৷ বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনৰ প্রথমখন কেবিনেট বৈঠকতে এই কঠোৰ তথা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়৷ আনহাতে, নতুন এছ অ’ পিৰ নিষেধাজ্ঞা অমান্য কৰোঁতাসকলে আৰক্ষীৰ কঠোৰ ব্যৱস্থাৰ সন্মুখীন হ’বলগীয়াত পৰিব বুলি আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই সকীয়াই দিছে৷ ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে ক’ভিডৰ সংক্রমণ নিয়ন্ত্রণ তথা ৰাজ্যবাসীক সুৰক্ষিত কৰি ৰখাৰ স্বার্থত নতুন চৰকাৰখন কঠোৰ হৈ পৰিছে৷ অৱশ্যে ইয়াৰ আঁৰত যুক্ত নথকাও নহয়৷ ক’ভিডৰ দ্বিতীয়টো ঢ়ৌত অসমত সংক্রমণৰ হাৰ বৃদ্ধি হোৱাৰ পৰাই ৰাজ্য চৰকাৰে জনসাধাৰণলৈ মাস্ক পিন্ধাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাই আহিছিল৷ কিন্তু দুর্ভাগ্যজনকভাৱে একাংশ লোকে তালৈ কর্ণপাত নকৰি চৰম দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিয়ে৷ হাট–বজাৰ আদিত সামাজিক দূৰত্ব, মাস্কৰ ব্যৱহাৰ আদিক উপলুঙা কৰা হয়৷ সংক্রমণৰ ভয়াৱহতালৈ পিঠি দি ঠায়ে ঠায়ে আডম্বৰপূর্ণভাৱে বিবাহ অনুষ্ঠানৰ আয়োজন কৰা হয়৷ তেনে কেইবাখনো বিবাহ অনুষ্ঠানৰ পৰা ভাইৰাছটোৰ ব্যাপক সংক্রমণ হোৱা বুলি প্রায় প্রতিদিনে সংবাদ মাধ্যমত খবৰ প্রচাৰ হ’বলৈ ধৰে৷ উপায় অন্তৰ নেদেখি প্রশাসনে কেইবাখনো গাঁও তথা গৃহক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিবলগীয়া হয়৷ পৰিস্থিতি নিয়ন্ত্রণৰ পৰা ওলাই যোৱাৰ উপক্রম দেখি চৰকাৰে জনসাধাৰণক যথাসম্ভৱ আর্থিক ক্ষতিৰ পৰা ৰক্ষা কৰি নতুন বিধি–ব্যৱস্থা হাতত ল’বলগীয়া হয়৷
ক’ভিডৰ দ্বিতীয়টো ঢ়ৌত অদ্যাপি মহাৰাষ্ট্র, দিল্লী, উত্তৰ প্রদেশ, ছত্তিশগড আদি ৰাজ্যৰ দৰে দুৰৱস্থা হোৱা নাই৷ কিন্তু প্রতিদিনে ভাইৰাছটোৰ সংক্রমণ বৃদ্ধি পাই আহিছে আৰু অসমখন দ্রুতগতিত তেনে ৰাজ্যৰ সমপর্যায়লৈ ধাৱমান হৈছে৷ এই অৱস্থাত কঠোৰ ব্যৱস্থাৰ প্রয়োজন আছিল৷ মহাৰাষ্ট্র, দিল্লীৰ দৰে ক’ভিডৰ বিৰুদ্ধে যুঁজ দিব পৰাকৈ অসমৰ স্বাস্থ্য সেৱা খণ্ডটো উন্নত নহয়৷ আই চি ইউ, ভেণ্টিলেটৰৰ দৰে সুবিধাৰে সমৃদ্ধ হাস্পতালৰ সংখ্যা ৰাজ্যখনত তেনেই কম৷ গ্রামাঞ্চলত ক’ভিডৰ বিৰুদ্ধে যুঁজ দিব পৰাকৈ হাস্পতাল নাই বুলিবই ক’ব পাৰি৷ আজিও বহু লোক বেজ–কবিৰাজৰ ওপৰতে নির্ভৰশীল৷ এই অৱস্থাত যদি ক’ভিডত আক্রান্ত লোকৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাবলৈ ধৰে, ৰাজ্যখনত ক’ভিড আক্রান্ত লোকক চিকিৎসাৰ বাবে হাস্পতাল তথা আৱশ্যকীয় চিকিৎসা সুবিধাৰ ভয়াৱহভাৱে অভাৱ ঘটিব৷ জনসাধাৰণৰ জীৱনলৈ অকল্পনীয় দুর্যোগ নামি অহাৰ দুর্ভাবনা আছে৷ সেয়ে ক’ভিডৰ শৃংখল ভাঙিবলৈ অসমত কঠোৰ ব্যৱস্থাৰ প্রয়োজন আছিল৷ ক’ভিড প্রট’কল মানিব নিবিচৰাক ঘৰতে আবদ্ধ কৰি ৰাখিবলৈ নতুন তথা অধিক কঠোৰ ব্যৱস্থাৰ প্রয়োজন আছিল৷ সেয়ে ৰাজ্য চৰকাৰে বুধবাৰে নতুন এছ অ’ পি ঘোষণাৰ লগতে এই বিধি–ব্যৱস্থা নামানিলে কঠোৰ আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব বুলি সকীয়াই দিয়া হয়৷ কিন্তু এই নতুন ব্যৱস্থাই ৰাজ্যখনৰ অর্থনীতিত আঘাত হানিব৷ দুখীয়া লোকৰ বাবে নতুন ব্যৱস্থা অভিশাপস্বৰূপ হৈ পৰিব পাৰে৷ মধ্যবিত্তৰ বাবেও সমস্যা সৃষ্টি হোৱাটো নিশ্চিত৷ চৰকাৰে কথাবোৰ বিবেচনা কৰি সাময়িকভাৱে হ’লেও সকাহৰ ব্যৱস্থা কৰিব লাগিব৷ তেওঁলোক যাতে পেটত গামোচা বান্ধি থাকিব লগা হয়, সেইটো চৰকাৰে সুনিশ্চিত কৰিব লাগিব৷ ইয়ে সংকটত পৰা ৰাজ্যখনত ক’ভিডৰ বিৰুদ্ধে চলি থকা যুঁজখন শক্তিশালী কৰিব৷ তদুপৰি, পূর্বতেও দেখা গৈছে যে গ্রামাঞ্চল, চৰাঞ্চল, দুর্গম অঞ্চলৰ কোনো কোনো অংশত প্রট’কল অমান্য হয়৷ তেনে অঞ্চলত এইবাৰ যাতে প্রট’কল ভংগ নহয়, সেইটো চৰকাৰে সুনিশ্চিত কৰিব লাগিব৷

You might also like