নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিংৰাইত হোৱা বিস্ফোৰণস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ; নিহতৰ পৰিয়াললৈ ৫লাখ টকাৰ সাহায্যৰ ঘোষণা

নিয়মীয়া বাৰ্তা, ১৫ মে’: “যোৱাকালি এক অনাকাংখিত ঘটনা হৈ যায়। এই ঘটনাক মই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। মই সকলোকে আহ্বান জনাইছো, কোনো কাৰণতে যাতে আমি শান্তিৰ পৰিৱেশ বিঘ্নিত হ’ব নিদিও। এই ঘটনাৰে সৈতে যিসকল জড়িত তাক তদন্ত কৰি উচিত আইনৰ বিচাৰলৈ আনিবলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে।”

ইপিনে এই ঘটনাত মৃত্যু হোৱা ২ জনকৈ লোকৰ পৰিয়ালক ৫ লাখ টকাৰ সাহায্যৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে সাংবাদিকে আলফাই অপহৰণ কৰা ONGCৰ কৰ্মচাৰী ৰিতুল শইকীয়াৰ সন্দৰ্ভত সোধা প্ৰশ্নত মুখ্যমন্ত্ৰীয়ে কয়, “ৰিতুল শইকীয়া বৰ্তমান ম্যানমাৰত আছে। আমাৰ হাতত থকা খবৰ মতে তেওঁ তাত কুশলে আছে, ভাল স্বাস্থ্যত আছে। ৰিতুল শইকীয়াৰ মুক্তিৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা আমি চলাই আছোঁ।”

উল্লেখ্য যে তিনিচুকীয়া জিলাৰ ডিগবৈ আৰক্ষী থানাৰ অন্তর্গত টিংৰাই বজাৰত শুকুৰবাৰে দুপৰীয়া প্রায় ১ বজাত এক ভয়ংকৰ গ্রেনেড বিস্ফোৰণৰ ঘটনাই সমগ্র তিনিচুকীয়া জিলাতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ অৱশ্যে এই সন্দর্ভত আলফাই সমগ্র ঘটনাৱলীৰ বিষয়ে অস্বীকাৰ কৰি এক প্রেছ বিবৃত্তি প্রেৰণ কৰিছে৷

You might also like