নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড ৰোগীৰ প্রয়োজনীয় কম মূল্যৰ ভেণ্টিলেটৰ উদ্ভাৱন

নিয়মীয়া বাৰ্তা ১৭ মেঃ কামৰূপ জিলাৰ দদৰাৰ ভবেশ দাস আৰু তেওঁৰ দুই পুত্র ক্রমে লহৰজ্যোতি দাস আৰু ৰক্তিম দাসে কম খৰচতে সাজি উলিয়াইছে মেকানিকেল ভেণ্টিলেটৰ৷ ভবেশ দাসে জানিবলৈ দিয়া মতে, সাম্প্রতিক সময়ত ক’ৰোনা মহামাৰীয়ে দেশ ৰাজ্যত ভয়াৱহতাৰ সৃষ্টি কৰিছে৷ ক’ভিডত আক্রান্তসকলক প্রয়োজন হৈ পৰিছে ভেণ্টিলেটৰ আৰু অক্সিজেন৷ বজাৰত ভেণ্টিলেটৰৰ দাম অধিক৷ সেয়েহে ভেণ্টিলেটৰ কিদৰে কম খৰচত নির্মাণ কৰি সেই সন্দর্ভত বিভিন্ন মাধ্যমৰ জৰিয়তে অৱগত হৈ প্রথমবাৰ ক’ভিডৰ সময়তে ভেণ্টিলেটৰ বনোৱাৰ চিন্তা–চর্চা কৰি অনলাইনযোগে ‘পার্টছ’সমূহ ক্রয় কৰোঁ৷ পার্টছৰ ভিতৰত আছে অম্বুবেগ, কণ্ড্র’লাৰ, মটৰ, ইণ্ডিকেটৰ আদি৷ ইয়াৰে অম্বুবেগ অসমত পোৱা নাযায়৷ অনলাইনযোগে গুজৰাটৰ পৰা আনিব লগা হৈছে৷ ইয়াৰ দাম প্রায় ৭,৫০০ টকা৷

দাসে কয়– মই আৰু মোৰ দুই পুত্রই প্রায় এমাহ মানৰ মূৰত ভেণ্টিলেটৰৰ প্রথম মডেলটো নির্মাণ কৰাৰ পিছত গোৱা আই আই টিয়ে লৈ যায়৷ এইবাৰ দ্বিতীয়বাৰ ক’ভিড আৰম্ভ হওঁতে ভেণ্টিলেটৰৰ দ্বিতীয় মডেলৰ বাবে বাংগালুৰুৰ ‘চেলকো ফাউণ্ডেচন’ নামৰ এটা এন জি অ’ৱে অর্ডাৰ কৰে৷ বাংগালুৰুৰ এন জি অ’টোৰ পৰা অর্ডাৰ লাভ কৰাৰ পিছতে আমি তিনিওজনে একান্তমনে মেকানিকেল ভেণ্টিলেটৰ নির্মাণৰ কামত ব্রতী হৈ পৰোঁ৷ বর্তমান আমি ভবামতেই দ্বিতীয় মডেলৰ মেকানিকেল ভেণ্টিলেটৰ নির্মাণ হৈ উঠিছে৷ ইয়াৰ বজাৰ মূল্য হ’ব মাত্র ১৫ হাজাৰ টকা৷ মেকানিকেল ভেণ্টিলেটৰটো সৌৰশক্তিৰেও চলিব৷ ১২ ভ’ল্টৰ বেটাৰী সংলগ্ণ মেকানিকেল ভেণ্টিলেটৰটো বিদ্যুৎ নহ’লেও ৫–৬ ঘণ্টা চলিব৷ গ্রামাঞ্চলত ইয়াৰ ব্যৱহাৰ উত্তম হ’ব৷ নির্মাণ হৈ উঠা মেকানিকেল ভেণ্টিলেটৰটো বাংগালুৰুৰ এন জি অ’টোৱে লৈ যাব৷

ইয়াৰ পিছত তৃতীয় মডেলৰ কাম আৰম্ভ হ’ব৷ প্রথম মডেলতকৈ দ্বিতীয় মডেলত কিছু কিছু সুবিধা বেছি আছে৷ আকৌ তৃতীয় মডেলত ইয়াতকৈও সুবিধা থাকিব৷ বাংগালুৰুৰ এন জি অ’টোৱে সেউজ সংকেত দিলেই তৃতীয় মডেল নির্মাণৰ কাম আৰম্ভ হ’ব বুলি উদ্ভাৱক ভবেশ দাসে ব্যক্ত কৰে৷ বর্তমান অর্থৰ অভাৱৰ বাবেও কিছু থমকিব লগা হৈছে৷ গোৱা, মধ্যপ্রদেশ আৰু বাংগালুৰুৰ চিকিৎসকসকলৰ লগতো এই সন্দর্ভত ভবেশ দাস আৰু তেওঁৰ দুই পুত্রই ভিডি’ কনফাৰেঞ্চৰ জৰিয়তে বার্তালাপ কৰে৷ ইয়াৰ পূর্বেও উদ্ভাৱক ভবেশ দাসে ৰবৰৰ ছেনিটাইজাৰ মেচিন, হেণ্ড ৱাছ আদি উদ্ভাৱন কৰি ৰাইজক চমক দিবলৈ সক্ষম হৈছিল৷ জালুকবাৰী সমষ্টিৰ দদৰা নিৱাসী উদ্ভাৱক ভবেশ দাসে সদায় নতুন উদ্ভাৱনা কামত নিজকে নিয়োজিত কৰি ৰাখিছে৷ এওঁক সকলো দিশতে সহায় কৰে দুই পুত্রই৷ বর্তমান ডাঙৰ পুত্রই ইলেক্ট্রনিকছৰ তৃতীয় ছেমিষ্টাৰ আৰু সৰু পুত্রই ইলেক্ট্রিকেলৰ প্রথম ছেমিষ্টাৰ অধ্যয়ন কৰি আছে৷

You might also like