এজাক বৰষুণত মহানগৰীৰ বিভিন্ন স্থানত কৃত্রিম বান
নিয়মীয়া বাৰ্তা, ১৮ মে’: সোমবাৰে পুৱা অহা এজাক ধাৰাসাৰ বৰষুণৰ পিছতে ভি আই পি পথৰ নাৰেংগী, সাতগাঁও আদি কেইবাটাও স্থানত কৃত্রিম বানৰ সৃষ্টি হয়৷ ফলত পথৰ ওপৰত একাঁঠু পর্যন্ত পানী হোৱাত কিছু সময়ৰ বাবে যাতায়াত ব্যৱস্থা ব্যাহত হয়৷ উল্লেখ্য যে সোমবাৰে কাহিলিপুৱা প্রায় এঘণ্টা সময় মুষলধাৰ বৰষুণ হয় মহানগৰীৰ বিভিন্ন স্থানত৷ এই বৰষুণৰ ফলত মহানগৰীৰ পূব প্রান্তৰ অন্যতম ব্যস্ত পথ ভি আই পি পথৰ কেইবাটাও স্থান কৃত্রিম বানে বুৰাই পেলায়৷
জানিব পৰা মতে, নাৰেংগী মহাবিদ্যালয়ৰ সন্মুখৰ পথছোৱা, প্রতীক্ষা হাস্পতালৰ সমীপত আৰু সাতগাঁও পুলিচ পইণ্টৰ সমীপৰ বহু পথ বৰষুণৰ পানীয়ে বুৰাই পেলায়৷ বিশেষকৈ পুলিচ পইণ্টৰ সমীপৰ অংশত প্রায় একাঁঠু পর্যন্ত পানী হোৱাত কিছু সময়ৰ বাবে দুচকীয়া আৰু তিনিচকীয়া বাহনৰ চলাচল স্তব্ধ হৈ পৰে৷ পথৰ কাষেৰে পানী ওলাই যোৱাৰ পর্যাপ্ত সুবিধা নথকাৰ বাবে এজাক বৰষুণতে প্রায় এনেদৰে কৃত্রিম বান সৃষ্টি হয়৷
আশ্চর্যকৰভাৱে পৌৰ নিগম অথবা সংশ্লিষ্ট কর্তৃপক্ষই সমাধানৰ কোনো ব্যৱস্থা কৰা নাই ব্যস্ত পথটোৰ দীর্ঘদিনীয়া সমস্যাটোৰ৷ উল্লেখ্য যে পুৱাৰ বৰষুণ জাকত ভি আই পি পথৰ উপৰি বামুণীমৈদাম আৰু চানমাৰিৰ ৰাজপথতো কৃত্রিম বান হোৱাৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হয়৷