নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগ উত্তপ্ত হৈ পৰা কি এই নাৰদ ষ্টিং অপাৰেচন গোচৰ?

নিয়মীয়া বাৰ্তা, ১৮ মে’: পশ্চিমবংগৰ নাৰদ নিউজে টি এম চিৰ কেইবাগৰাকীও মন্ত্রী–নেতা আৰু আই পি এছ বিষয়াই ভুৱা কোম্পানীৰ পৰা উৎকোচ লোৱাৰ ষ্টিং অপাৰেচন চলাইছিল৷ নাৰদ নিউজ প’র্টেলৰ চি ই অ’ মেথি’ ছেমুৱেলে ২০১৪ চনত তৃণমূল চৰকাৰৰ মন্ত্রী–নেতা আৰু আই পি এছ বিষয়াই উৎকোচ লোৱাৰ ষ্টিং অপাৰেচন চলাইছিল যদিও সেই ষ্টিং অপাৰেচনৰ ফুটেজ ২০১৬ চনৰ বিধানসভা নির্বাচনৰ পূর্বে প্রচাৰিত হৈছিল৷ এই ষ্টিং অপাৰেচনক লৈ মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছ নির্বাচনৰ সময়ত সংকটত পৰিছিল যদিও পাছলৈ নির্বাচনত অভাৱনীয় জয়লাভ কৰিছিল৷ উল্লেখ্য যে ভুৱা কোম্পানীক গোপনে সুবিধা দি মন্ত্রী–নেতা–আইপিএছ অফিচাৰে উৎকোচ লোৱাৰ নাৰদ ষ্টিং অপাৰেচন এনে সময়ত চর্চিত হৈছিল৷ সেই সময়ত বহু কোটিটকীয়া সাৰদা আৰু ৰ’জভেলী চিট ফাণ্ড কেলেংকাৰিয়ে ৰাজ্যখনৰ লগতে দেশতো জোকাৰণিৰ সৃষ্টি কৰিছিল৷

নাৰদ ষ্টিং অপাৰেচনত জড়িত কোন?

নাৰদ ষ্টিং অপাৰেচনত মমতা বেনার্জী কেবিনেটৰ মন্ত্রীসহ ১২জন নেতা উৎকোচ লোৱাৰ সময়ত ধৰা পৰিছিল৷ ইয়াৰে ভিতৰত সুব্রত মুখার্জী, শোভন চেটার্জী, মদন মিত্র, ফিৰহাদ হাকিম, সৌগত ৰায়, কাকলি ঘোষ দস্তিদাৰ আৰু প্রসূন বেনার্জী৷ তদুপৰি বর্তমান বিজেপি নেতা তথা পূর্বৰ তৃণমূল কংগ্রেছৰ জ্যেষ্ঠ নেতা মুকুল ৰয় আৰু শুভেন্দু অধিকাৰী৷ এই নেতাসকলে ষ্টিং অপাৰেচনত ধন উৎকোচ লোৱা স্পষ্টকৈ প্রতিফলিত হৈছিল৷ উল্লেখিত নেতাসকলৰ উপৰি জ্যেষ্ঠ আৰক্ষী বিষয়া মিৰ আহমেদ মির্জাও নাৰদ ষ্টিং অপাৰেচনৰ ফুটেজত স্পষ্ট ৰূপত দেখা পোৱা গৈছিল৷ ২০১৯ চনত প্রথম অভিযুক্ত হিচাপে আহমেদ মির্জাক গ্রেপ্তাৰ কৰা হৈছিল৷ এই ষ্টিং অপাৰেচনক লৈ মমতা বেনার্জী নেতৃত্বাধীন চৰকাৰখনে বিশেষ পদক্ষেপ গ্রহণ কৰা নাছিল৷

গোচৰটো কেতিয়া চিবিআইলৈ হস্তান্তৰ কৰা হ’ল?

২০১৭ চনৰ মার্চ মাহত নাৰদ টেপৰ আংক্ষিক অনুসন্ধানৰ বাবে কলকাতা উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰা হৈছিল৷ এই আবেদনৰ শুনানি লৈ কলকাতা উচ্চ ন্যায়ালয়ে গোচৰটোৰ প্রাৰম্ভিক তদন্তৰ বাবে চিবিআইক অনুমতি দিছিল৷ প্রয়োজনসাপেক্ষে এই গোচৰত জড়িতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ চিবিআইক নির্দেশ দিছিল উচ্চ ন্যায়ালয়ে৷ কিন্তু উচ্চ ন্যায়ালয়ৰ এই নির্দেশক প্রত্যাহ্বান জনাই পশ্চিমবংগ চৰকাৰে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰে৷ সর্বোচ্চ ন্যায়ালয়ে পশ্চিমবংগ চৰকাৰৰ আবেদনক অগ্রাহ্য কৰি চিবিআইক এই গোচৰৰ তদন্ত চলাই যাবলৈ নির্দেশ দিয়ে৷

You might also like