নিজৰ এমাহৰ দৰমহা আগবঢ়ালে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই
নিয়মীয়া বাৰ্তা ১৮ মেঃ মুখ্যমন্ত্ৰী সাহাৰ্য নিধিলৈ নিজৰ এমাহৰ দৰমহা আগবঢ়ালে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই। উল্লেখ্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কভিডৰ জটিল পৰিস্থিতত মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য নিধিলৈ সাধাৰণ জনতাক সাহাৰ্যৰ বাবে আহ্বান জনাইছিল।
সেই আহ্বান মৰ্মে আজি লখিমপুৰৰ বিধায়ক মানৱ ডেকাই বিধায়কৰ প্ৰথমটো দৰমহা মুখ্যমন্ত্ৰী সাহাৰ্য্য নিধিলৈ আগবঢ়াই। এই সন্দৰ্ভত বিধায়ক জনে সামাজিক মাধ্যম যোগে জানিলৈ দিয়ে।