ধাৰাপুৰ বজাৰত জনসমাগমক লৈ উদ্বিগ্ন বাসিন্দা
আজাৰা, কাঁহিকুছি, ভিআইপি,বৰুৱাপাৰা, গডল, ভট্টাপাৰা, কেন্দুকুছি, আগছিয়াত ক’ৰোনাতংক
নিয়মীয়া বাৰ্তা ২০ মেঃ গুৱাহাটীৰ পশ্চিম প্রান্তত ক’ৰোনা ভাইৰাছৰ সামাজিক সংক্রমণ বৃদ্ধি পাই অহা বিষয়টোৱে স্বাভাৱিকতে চিন্তাম্বিত কৰি তুলিছে সকলো স্তৰৰ নাগৰিকক৷ উল্লেখনীয় যে বিগত পহিলা মে’ৰ পৰা এপষেকত আজাৰা প্রাথমিক স্বাস্থ্য কেন্দ্র এলেকাত ৬৯১জনৰ দেহত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰাৰ সমান্তৰালকৈ ১২জনকৈ লোকে ক’ৰোনাত আক্রান্ত হৈ প্রাণ হেৰুৱাবলগীয়া হৈছে৷ তাৎপর্যপূর্ণ যে আজাৰা থানাৰ অন্তর্গত বৃহত্তৰ ধাৰাপুৰ, আজাৰা, কাঁহিকুছি, ভিআইপি,বৰুৱাপাৰা, গডল, ভট্টাপাৰা, কেন্দুকুছি, আগছিয়া, মাজিৰগাঁও আদি অঞ্চলৰ যথেষ্ট সংখ্যক লোক ক’ভিডত আক্রান্ত হৈ নিজ গৃহতে আইছ’লেচনত আছে৷ এনে এক ভয়াৱহ পৰিস্থিতিৰ উৎস হিচাপে পৰিগণিত হৈছে ধাৰাপুৰ চাৰিআলি চ’কত প্রতিদিনে বহা শাক–পাচলি আৰু মাছ–মাংসৰ বজাৰখন৷ কিয়নো প্রতিদিনে ধাৰাপুৰ চাৰিআলি চ’কত বহা দৈনিক বজাৰখনত গুৱাহাটী মহানগৰীৰ ভিন্ন স্থানৰ পৰা অহা অগণন লোকৰ সমাগম ঘটে৷
আনহাতে, ধাৰাপুৰ চাৰিআলি বজাৰখনৰ সৈতে বৃহত্তৰ ধাৰাপুৰ, গডল, আগছিয়া, মাজিৰগাঁও, কেন্দুকুছি, আজাৰা আদি অঞ্চলৰ লোকৰ এক প্রত্যক্ষ সম্পর্ক আছে৷ স্থানীয় কৃষিজীৱী গঞাই নিজগৃহতে উৎপাদিত শাক–পাচলি বিক্রী কৰি জীৱিকা নির্বাহ কৰি আহিছে৷ ইয়াৰ সমান্তৰালকৈ বিগত কিছুদিন ধৰি দক্ষিণ কামৰূপৰ বকো, ছয়গাঁও, বামুণীগাঁও, ধুপধাৰা, নগৰবেৰা আদি অঞ্চলৰ অধিকাংশ জনজাতীয় পুৰুষ–মহিলাই বিভিন্ন ধৰণৰ শাক–পাচলি বিক্রীৰ বাবে ধাৰাপুৰ চাৰিআলি বজাৰখনলৈ আনি ধাৰাপুৰ–পলাশবাৰী পথছোৱাৰ দাঁতিত পোহাৰ মেলি আহিছে৷ এনেবোৰ সা–সামগ্রী ক্রয় কৰিবলৈ অগণন ক্রেতাৰ সমাগম ঘটে এই বজাৰখনত৷ চিনাকি–চিনাকি মানুহেৰে ভৰি পৰে বজাৰখন৷ বজাৰখনত নাথাকে কোনো ধৰণৰ সামাজিক দূৰত্ব৷ যাৰ বাবে বজাৰখনত বিৰাজ কৰি আহিছে ক’ভিডকেন্দ্রিক ভয়াৱহ পৰিস্থিতি৷
ইপিনে ৰাজ্য চৰকাৰে শেহতীয়াকৈ সাপ্তাহিক বজাৰসমূহ বন্ধ কৰি দিয়াৰ লগে লগে গডচুক আৰু কাঁহিকুছি সাপ্তাহিক পাচলি বজাৰ দুখন বন্ধ হৈ পৰাত ধাৰাপুৰ চাৰিআলি বজাৰখনত ভিন্ন স্থানৰ পৰা প্রতিদিনে সমাগম ঘটে যথেষ্ট সংখ্যক লোকৰ৷ বজাৰখনৰ এনে এক ভয়ার্ত পৰিস্থিতি সম্পর্কত অনুধাৱন কৰি আজি ধাৰাপুৰ দুর্গা মন্দিৰ প্রাংগণত ক’ভিড প্রট’কল মানি চলি হোম কোৱাৰেণ্টাইন কমিটী, ধাৰাপুৰ শাখাৰ উদ্যোগত এখন বৈঠক অনুষ্ঠিত হয়৷ বৃহত্তৰ ধাৰাপুৰ গাঁৱৰ গাঁওবুঢ়া অমিয় বৈশ্যৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকখনত বিষয়টো অতি গুৰুত্ব সহকাৰে আলোচনা কৰা হয়৷
বৈঠকত ধাৰাপুৰ তালুকৰ সভাপতি ধনেশ্বৰ কলিতা, সম্পাদক প্রশান্ত কলিতা, অৱসৰপ্রাপ্ত শিক্ষকদ্বয় ক্রমে গিৰিন্দ্র কাকতি , কনক বৈশ্য , ভিডিপি অশ্বিনী কলিতা, বিশিষ্ট সমাজকর্মী মতিউৰ ৰহমানে বিভিন্ন পৰামর্শ আগবঢ়োৱাৰ পিছত আজাৰা ৰাজহ চক্র বিষয়াগৰাকীক অৱগত কৰে৷ হোম কোৱাৰেণ্টাইন কমিটীখনে দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলৰ পৰা ধাৰাপুৰ চাৰিআলিলৈ সা–সামগ্রী বিক্রী কৰিবলৈ অহা লোকসকলৰ আগমন ক’ভিডকেন্দ্রিক পৰিস্থিতি সুস্থিৰ হৈ নুঠা পর্যন্ত বন্ধ কৰা আৰু ধাৰাপুৰ চাৰিআলিৰ মাছ–মাংসৰ বজাৰখন নির্ধাৰিত স্থানৰ পৰা উঠাই আনি মূল পথৰ দাঁতিত কিম্বা ৰাজহুৱা মুকলি স্থানত সামাজিক দূৰত্ব বর্তাই ৰাখি বিক্রীৰ ব্যৱস্থা কৰাৰ ক্ষেত্রত যথোচিত ব্যৱস্থা গ্রহণ কৰিবলৈ চক্র বিষয়াগৰাকীক আহ্বান জনায়৷ ইপিনে চক্র বিষয়াগৰাকীয়ে এই সন্দর্ভত কাইলৈৰ পৰা কেনেধৰণৰ পদক্ষেপ গ্রহণ কৰে সেয়া পৰৱর্তী সময়ত লক্ষণীয় হ’ব৷