নিয়মীয়া বাৰ্তা, ২১ মে: চিপকো আন্দোলনৰ আঁৰৰ পৰিৱেশবিদ সুন্দৰলাল বহুগোণাৰ শুকুৰবাৰে ৯৪ বছৰ বয়সত মৃত্যু হয়। তেওঁক ৮ মে’ত ক’ভিড-১৯ ৰ চিকিৎসাৰ বাবে এইমছ ঋষিকেশত( AIIMS Rishikesh) ভৰ্তি কৰোৱা হৈছিল।
জানিব পৰা মতে তেওঁ নিউমোনিয়াত ভুগি আছিল আৰু ডায়েবেটিচো আছিল।
উল্লেখ্য যে গড়ৱালী পৰিৱেশবিদ আৰু চিপকো আন্দোলনৰ নেতাজনে যোৱা ১০ দিন ধৰি ঋষিকেশৰ এইমছত চিকিৎসাধীন হৈ আছিল।
Chipko movement leader Sundarlal Bahuguna died of COVID19 at AIIMS, Rishikesh today, says AIIMS Rishikesh Administration
(File photo) pic.twitter.com/6QQGf0vYm5
— ANI (@ANI) May 21, 2021