নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড ৰোগ প্রতিৰোধত আয়ুর্বেদৰ প্রাসংগিকতা

আয়ুর্বেদ শাস্ত্রৰ এখন মূল গ্রন্থ চৰক সংহিতাৰ বিমান স্থানৰ তৃতীয় অধ্যায়ত ‘জনপদ ধ্বংস’ নামৰ এটা শব্দ উল্লেখ কৰিছে, যাৰ দ্বাৰা সমস্ত বিশ্বক সংহাৰ কৰিব পৰা কিছুমান বিশেষ অৱস্থাৰ কথা বর্ণনা কৰা হৈছে৷ সাধাৰণ ভাষাত জনপদ মানে সমাজ আৰু ধ্বংস মানে হ’ল বিনাশ হোৱা৷ এই অধ্যায়ত মহামাৰীৰ বাবে কিদৰে এখন সমাজ সম্পূর্ণৰূপে বিনাশ হ’ব পাৰে, তাক বিতংভাৱে বর্ণনা কৰা হৈছে৷ সাম্প্রতিক সময়ত বিশ্বজুৰি ভয়াৱহ ৰূপ ধাৰণ কৰি মানৱ জাতিৰ অস্তিত্বৰ প্রতি সংকট কঢ়িয়াই অনা ক’ৰোনা ভাইৰাছৰ দ্বাৰা সংক্রমিত ৰোগ ক’ভিড–১৯ৰ ঘটনাটোও এই জনপদ ধ্বংসৰে জ্বলন্ত উদাহৰণ৷ প্রত্যেক মানুহৰ প্রকৃতি, শাৰীৰিক গঠন আৰু বল, খাদ্যাভ্যাস, মানসিক অৱস্থা, জীৱনধাৰণ শৈলী, বংশ পৰম্পৰা, বাসস্থানৰ জলবায়ু তথা ভৌগোলিক অৱয়ৱ আদি পৃথক হ’লেও একে সময়তে একেবিধ ৰোগৰ দ্বাৰা সমস্ত বিশ্বৰ লোক আক্রান্ত হ’ব পাৰে বুলি স্পষ্টকৈ উল্লেখ কৰা হৈছে৷ ইয়াৰ মূল কাৰণ হিচাপে বায়ু, পানী, দেশ আৰু কালৰ প্রদূষণ বুলি উল্লেখ কৰিছে৷ বায়ু, পানী প্রদূষণৰ বিষয়ে আমি কম–বেছি সকলোৱে জানো৷ ভূমি বা দেশ প্রদূষণৰ ফলত বিভিন্ন ধৰণৰ মহ, মাখি, ফৰিং, এন্দুৰ, বাদুলি আদিৰ উপদ্রৱ হয় আৰু স্বাস্থ্যৰ প্রতি ভাবুকি কঢ়িয়াই আনে৷ একেদৰে যেতিয়া কাল বা সময় দূষিত হয়, তেতিয়া মানুহৰ মনৰ পৰা সৎ চিন্তা, শুদ্ধ মানসিকতা, ধার্মিক মনোভাব, সু–স্বভাৱ চৰিত্র, আচাৰ–ব্যৱহাৰ আদি সমূলি নাশ হয়৷ এনে সময়ত প্রাকৃতিক বাতাৱৰণ ভয়ানক হৈ পৰে আৰু বিভিন্ন ধৰণৰ প্রাকৃতিক দুর্যোগ আৰম্ভ হয়৷ উপৰিউক্ত চাৰিওটা কাৰণৰ ভিতৰত কাল বা সময়ৰ প্রদূষণ সকলোতকৈ ভয়ানক বুলি অভিহিত কৰা হৈছে৷ আয়ুর্বেদত ২০ প্রকাৰৰ কৃমি বা অণুজীৱৰ কথা বিতংভাৱে বর্ণনা কৰাৰ লগতে এইবোৰৰ উৎপত্তিৰ কাৰণ, ইয়াৰ পৰা হ’ব পৰা ৰোগৰ লক্ষণ আৰু চিকিৎসাৰ কথা সুন্দৰভাৱে বর্ণনা কৰা হৈছে৷ এনেবোৰ কাৰণৰ ফলত হ’ব পৰা বিভিন্ন বিধ্বংসী ৰোগৰ পৰা যে কিছুমান নির্দিষ্ট ঔষধ আৰু চিকিৎসাৰ প্রয়োগৰ দ্বাৰা কোনো ক্ষতি নোহোৱাকৈ বাচি যাব পাৰি, সেয়াও ইয়াত উল্লেখ কৰা হৈছে৷ তাৰ বাবে দুটা কথাত বিশেষ গুৰুত্ব দিয়া হৈছে৷ সেয়া হৈছে– ক) মহামাৰী আৰম্ভ হোৱাৰ আগতেই উচিত গুণসম্পন্ন ঔষধি দ্রব্যসমূহ গোটাই থোৱা, কিয়নো মহামাৰীৰ সময়ত ভূমি, বায়ু, পানী আৰু কাল দূষিত হয় বাবে তেনে সময়তে ঔষধি গছসমূহৰো গুণ হ্রাস পায়৷ খ) মানুহৰ দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা immunity) আৰু বল বৃদ্ধি কৰা৷

প্রদূষিত বায়ু, পানী আদি পৰিশোধন কৰিবৰ বাবে বীজাণু নাশ কৰিব পৰা গুণ থকা নিম, হালধি, দেৱদাৰু, হিংগু, কর্পূৰ আদিৰ দ্বাৰা ধূপন দিয়া (যাক আমি ধোঁৱা দিয়া বাfumigation কৰা বুলি কওঁ), পানী উতলাই ঠাণ্ডা কৰা আৰু পদ্মমূলৰ দৰে প্রাকৃতিক পানী শোধন কৰা দ্রব্য ব্যৱহাৰ কৰা আদি ইয়াত উল্লেখ কৰা হৈছে৷ আনহাতে, অশ্বগন্ধা, তুলসী, হালধি আদিৰ নিয়মিত সেৱনৰ যোগেদি শৰীৰৰ বল বর্ধনৰ লগতে ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে৷
বর্তমান সময়ত সমগ্র বিশ্বতে সংহাৰী ৰূপ ধাৰণ কৰা ক’ভিড–১৯ৰ ঘটনাটোও জনপদ ধ্বংসৰে এক উদাহৰণ৷ ইয়াৰ নিৰাময়ৰ উপায় হিচাপে ভেকচিন প্রয়োগৰ দিশটো অতি গুৰুত্বপূর্ণ বিষয় হিচাপে গ্রহণ কৰা হৈছে আৰু তাৰ বাবে যুদ্ধকালীন প্রস্তুতি প্রায়বোৰ দেশেই গ্রহণ কৰিছে৷ অর্থাৎ সহজ ভাষাত ৰোগবিধৰ প্রতি দেহৰ প্রতিৰোধ ক্ষমতা তৈয়াৰ কৰাই হ’ল ইয়াৰ মূল উদ্দেশ্য৷ এয়া কৃত্রিমভাৱে তৈয়াৰ কৰি দেহৰ ৰোগবিধৰ প্রতি প্রতিৰোধ ক্ষমতা তৈয়াৰ কৰাৰ প্রক্রিয়া৷ এক কথাত দেহৰ সামগ্রিক ৰোগ প্রতিৰোধ ক্ষমতা কিমান, তাৰ ওপৰত সকলো ৰোগে শৰীৰত কিমান প্রভাৱ বিস্তাৰ কৰিব পাৰে, সেয়া নির্ভৰ কৰে৷ সেয়েহে আয়ুর্বেদত নিৰোগী শৰীৰপ্রাপ্তিৰ বাবে বর্ণনা কৰা ব্যাধিক্ষামত্ব (ৰোগ প্রতিৰোধ ক্ষমতা) বিষয়টো সাম্প্রতিক সময়ত অতি প্রভাৱশালী আৰু গুৰুত্বপূর্ণ বিষয় হিচাপে গ্রহণ কৰা উচিত৷

আচলতে ব্যাধিক্ষামত্ব বুলিলে আমি কি বুজোঁ? ই কেৱল দেহটোক ৰোগৰ পৰা বচাই ৰখাটোকে নুবুজায়৷ আয়ুর্বেদৰ মতে ই এনে এক শক্তি, যিয়ে শৰীৰত নতুন ৰোগ উৎপত্তিক বাধা দিয়াৰ লগতে আগৰে পৰা হৈ থকা ৰোগৰ বল বা শক্তি হ্রাস কৰি ৰোগটো নিৰাময় কৰাত সহায় কৰে৷ যেতিয়া ৰোগ উৎপত্তি কৰিব পৰা কাৰকসমূহ শৰীৰৰ সংস্পর্শলৈ আহে, তেতিয়াই ই বেমাৰৰ উৎপত্তি কৰিবলৈ চেষ্টা কৰে৷ একে সময়তে আমাৰ শৰীৰেও ৰোগ প্রতিৰোধ কৰিবলৈ চেষ্টা কৰে৷ এই ৰোগ প্রতিৰোধ কৰিব পৰা ক্ষমতাটোকে আমি ইমিউনিটী বা ব্যাধিক্ষামত্ব বুলি গণ্য কৰোঁ৷
এতিয়া কথা হ’ল আমি এই ৰোগ প্রতিৰোধী বল কেনেকৈ পাম? ইয়াৰ বাবে আয়ুর্বেদত কেঁচুৱাৰ পৰা বৃদ্ধ বয়সৰ সকলোৰে বাবে উপযোগী বিভিন্ন দ্রব্য আৰু ঔষধি যোগ বর্ণনা কৰা হৈছে৷ এনে কিছুমান তথ্য তলত উল্লেখ কৰা হ’ল৷

  • সুস্থ–সবল সন্তান পাবলৈ গর্ভাৱস্থাৰ সময়ত গর্ভধাৰণৰ আৰম্ভণিৰ পৰা প্রসৱ হোৱালৈকে মাহ অনুসৰি মহিলাগৰাকীক বিভিন্ন ধৰণে যত্ন লোৱা হয়৷ এগৰাকী অর্হতাসম্পন্ন বিশেষজ্ঞ আয়ুর্বেদিক চিকিৎসকৰ পৰামর্শ অনুসৰি এনে পৰিচর্যা গ্রহণ কৰিব পাৰি৷
  • শিশুৰ সুস্বাস্থ্যৰ বাবে লেহন কর্ম আৰু মেধ্য ৰসায়ন (মানসিক বিকাশ আৰু স্মৃতিশক্তি বৃদ্ধি কৰা ঔষধ) প্রয়োগ কৰা হয়৷ লেহন কর্ম হ’ল বাল্য অৱস্থাত বল শক্তি বৃদ্ধি কৰাবলৈ ঔষধিযুক্ত কিছুমান যোগ প্রয়োগ (খাবলৈ) কৰা পদ্ধতি৷ ই উপযুক্ত পুষ্টি প্রদান কৰি শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ সঠিকভাৱে হোৱাত সহায় কৰাৰ লগতে ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধিত অৰিহণা যোগায়৷ এনে কিছুমান যোগ হ’ল– পঞ্চগব্য ঘৃত, ব্রাহ্মী ঘৃত, অভয়া ঘৃত, ঘি, মৌ, শংখপুেষ্পী, ব্রাহ্মী আদিৰ সৈতে স্বর্ণভস্মৰ মিশ্রণ আদি৷
  • দিনচর্যা আৰু ঋতুচর্যা সঠিক ৰূপত পালন কৰা৷
  • সঠিক বিধি মানি পুষ্টিকৰ খাদ্য গ্রহণ কৰা৷
  • সময়মতে আৰু সঠিক মাত্রাত টোপনি যোৱা (কমেও ৫–৬ ঘণ্টা), ব্যায়াম কৰা, যোগাভ্যাস কৰা৷
  • সুস্থ মানুহৰ বাবে প্রয়োগ কৰা পঞ্চকর্ম বিধি ঋতু অনুযায়ী গ্রহণ কৰা৷
  • মানসিক আৰু আধ্যাত্মিক শক্তি বৃদ্ধি কৰিবলৈ আচাৰ ৰসায়ন (সংক্ষেপতে শুভ–শুভ বিচাৰ কৰি পালন কৰা কিছুমান বিধি) পালন কৰা৷
  • ধ্যান কৰাৰ অভ্যাস কৰা৷
  • ৰসায়ন আৰু বাজিকৰণ যোগ (এয়া হ’ল শাৰীৰিক আৰু মানসিক বল শক্তি বৃদ্ধি কৰিবলৈ নিৰোগী মানুহেও ব্যৱহাৰ কৰা কিছুমান বিশেষ ঔষধীয় যোগ আৰু পদ্ধতি) সঠিকভাৱে সময়মতে গ্রহণ কৰা৷ ইয়াৰ প্রয়োগ চিকিৎসকৰ পৰামর্শ অনুসৰি গ্রহণ কৰিলে অতি সুফল লাভ কৰিব পাৰি৷

আয়ুর্বেদত জীৱনীয় enlivening) আৰু বৃঙহনীয় গুণ থকা কিছুমান ঔষধি দ্রব্যৰ কথা কোৱা হৈছে৷ এই দ্রব্যসমূহৰ প্রয়োগৰ ফলত আমাৰ শৰীৰৰ বল, বীর্য, শক্তি অতি চমৎকাৰী ধৰণে বৃদ্ধি পায়৷ এনে দ্রব্যসমূহৰ কিছুমান সাধাৰণতে সহজলভ্য নহয় আৰু ইয়াৰ যোগ প্রস্তুত কৰিবলৈ শাস্ত্রোক্ত জ্ঞানৰ দৰকাৰ৷ চ্যাবনপ্রাশ, ব্রাহ্ম ৰসায়ন, বৃঙহনী গুটিকা, বৃষ্য গুটিকা আদি এনেধৰণৰ দ্রব্যৰে প্রস্তুত কৰা কিছুমান যোগ৷ আমি প্রায়ে দেখি থকা কিছুমান দ্রব্য যেনে– অশ্বগন্ধা, ব্রাহ্মী, গুডুচি (গিলয় বা শগুণী লতা), আমলখি, হৰিতকী, শতাৱৰী, হালধি, খেজুৰ, পুনর্ণভা, দ্রাক্ষা আদিৰ এনেধৰণৰ বলকাৰক গুণ আছে৷

আয়ুর্বেদত নির্দিষ্টভাৱে কোনো দ্রব্যকে কোনো নির্দিষ্ট ৰোগৰ প্রতিৰোধক বুলি বর্ণনা কৰা হোৱা নাই যদিও ওপৰত উল্লেখ কৰা বিধি, ঔষধি যোগ আৰু দ্রব্যসমূহৰ আলোচনা কৰা ধৰণে থকা গুণবোৰে ৰোগ প্রতিৰোধ কৰাত যথেষ্ট সহায় কৰে৷ গতিকে আমি ক’ব পাৰোঁ যে সঠিক জীৱনশৈলী অনুসৰণ আৰু আয়ুর্বেদৰ উচিত প্রয়োগেৰে (প্রয়োজনত চিকিৎসকৰ পৰামর্শ গ্রহণ কৰি) আমি নিজৰ ৰোগ প্রতিৰোধ ক্ষমতা নিশ্চয় বৃদ্ধি কৰিব পাৰোঁ৷ হয়তো এনেবোৰ পদ্ধতিৰে আমি আগবাঢ়িব পাৰিলে বর্তমান আৰু অনাগত দিনত আহিব পৰা সকলো ৰোগৰ বিৰুদ্ধে আমি নিজকে সুৰক্ষিত কৰি সুস্থ জীৱন যাপন কৰিবলৈ সক্ষম হ’ম৷ তাৰ বাবে লাগিব বিশ্বাস, আস্থা আৰু দৃঢ় মনোবল৷

– ডাঃ মৃণাল বৈশ্য

প্রবক্তা, চৰকাৰী আয়ুর্বেদিক মহাবিদ্যালয়
জালুকবাৰী, গুৱাহাটী, অসম

You might also like