ড০ হিমন্ত বিশ্ব শর্মাই হ’ল একমাত্র মুখ্যমন্ত্রী, যিগৰাকীয়ে ৰাজ্যখনৰ উন্নয়নৰ হকে অসমৰ জনগণৰ পৰা আশীর্বাদ আৰু পৰামর্শ বিচাৰিছে৷ ড০ হিমন্ত বিশ্ব শর্মাই শপত লোৱাৰ পিছতেই মই মনতে পাঙি আছিলো যে প্রশাসন পৰিচালনাত সহায়ক হোৱাকৈ তেখেতলৈ মই কিছু পৰামর্শ আগবঢ়াম৷ যিহেতু তেখেত মোৰ সমষ্টিৰ বিধায়ক৷
জীৱনত কৃতকার্য হ’বলৈ আৰু ঈপ্সিত ফল লাভ কৰিবলৈ হ’লে তিনিটা ঘাই শক্তি আয়ত্ত কৰিব লাগিব৷ এইকেইটা হ’ল– ইচ্ছা, বিশ্বাস আৰু আশা৷ মুখ্যমন্ত্রী হিচাপে আপুনি যিকোনো মূল্যৰ বিনিময়ত সিদ্ধি লাভ কৰাটোৱেই একমাত্র লক্ষ্য হ’ব লাগিব৷ মুখ্যমন্ত্রীয়ে সদায় আগুৱাই যোৱা মুহূর্তবোৰত এটা কথা মনত ৰাখিব লাগিব যে ৰাজ্যখনত বসবাস কৰা ৩ কোটি ৩০ লাখ লোকৰ তেখেত নেতা৷ গতিকে মুখ্যমন্ত্রী হিচাপে তেখেতৰ কামৰ অগ্রগতিয়েই হ’ল সমগ্র ৰাজ্যখনৰ আশা–ভৰসাৰ স্থল৷ সেয়েহে মন্ত্রীসকল কার্যদক্ষ হোৱাটো অতিকৈ প্রয়োজন৷ মন্ত্রীসকলে নিজ নিজ কামবোৰত পার্গতালি দেখুৱাব লাগিব৷ কামত জড়িত হোৱা, অংশগ্রহণ কৰা আৰু দায়বদ্ধতা এইকেইটা কার্য সম্পাদনাৰ মূলমন্ত্র৷
দল এটাক নেতৃত্ব দিয়াৰ ভাৰ যিয়ে নিজৰ কান্ধত লৈছে, তেনে ব্যক্তি পর্যাপ্ত পৰিমাণে স্বাধীনচিতীয়া, শক্তিশালী আৰু নিজ অধিকাৰৰ বলত প্রভাৱশালী হ’ব পাৰিলেহে কার্যত সফল হ’ব পাৰিব৷ মানুহৰ জীৱনত ব্যক্তিগত সন্তুষ্টি লাভৰো বোধহয় এইটোৱেই সুচল পথ৷ কিয়নো দায়িত্ব থকা স্বাধীনতাইহে ব্যক্তিগত সুখ–সন্তুষ্টিৰ সফল ভেটি বুলি ক’ব পাৰি৷ নেতা এজনে নিজৰ কেউদিশে ঘটি থকা ঘটনাবোৰৰ বিষয়ে সঠিক সময়ত সঠিক জ্ঞান লাভ কৰিলেহে নিজ দল, চৰকাৰক পৰিচালনা কৰাত সহায়ক হ’ব৷ চৰকাৰৰ আঁচনিসমূহ খৰতকীয়াকৈ ৰূপায়ণ কৰা সন্দর্ভত মন্ত্রীসকলে নিজে গৈ ক্ষেত্রভিত্তিক পৰিদর্শন Spot visit) কৰাটো একান্ত জৰুৰী৷ ইয়াৰ পৰিণাম হিচাপে কামৰ মান উন্নত হোৱাত অৰিহণা যোগাব আৰু কামটো সোনকালে সম্পাদন হৈ উঠিব৷ মনত ৰাখিব, ৰাজ্যখনৰ মুখ্যমন্ত্রীয়ে প্রতিটো কামতে সাফল্যৰ পোছাকযোৰহে পিন্ধি থাকিব লাগিব, যিযোৰ পোছাকৰ সৌন্দর্যত ৰাজ্যখনৰ ৩ কোটি ৩০ লাখ লোক আপোনাৰ প্রতি মোহিত হৈ থাকিব৷
মন্ত্রীসকলে অনবৰতে নিজৰ বুদ্ধি আৰু প্রতিভা প্রমাণ কৰাৰ বাবে পথৰ সন্ধান অব্যাহত ৰাখিব লাগিব৷ ‘মন্ত্রী সেইজন, যিজনে ৰজাৰ কার্যত উদ্যম, পাপৰ পৰা ভয়, প্রজাসকলৰ মাজত গোপনীয় মন্ত্রণা, পৰিচালকসকলৰ কার্যত যোজনা, ৰজাৰ মনোগত ভাবৰ অনুসৰণ, সময়োচিত পৰিজ্ঞান (ভালকৈ জ্ঞান হোৱা), অমংগলীয় কার্যৰ পৰা ৰজাক নিবাৰণ কৰা, এইবোৰ গুণ থাকিলেই মন্ত্রী পদৰ যোগ্য হয়৷’ শাস্ত্রত কৈছে– ‘ৰজা (মুখ্যমন্ত্রী), প্রজাসকলৰ পিতৃ–মাতৃৰ তুল্য৷ ৰজা বন্ধুহীনৰ বন্ধু, অন্ধ লোকৰ চকু, ৰজা পিতৃ–মাতৃ, ব্যাধি নাশ কাৰক আৰু গুৰু৷’ এনে উপদেশ মনত ৰাখি ৰাজ্য শাসন কৰিলে বিপদৰ পৰা উদ্ধাৰ হ’ব পাৰি৷
অন্তৰত সদায় উৎসাহ–উদ্যম আৰু আশা লৈ কাম কৰি যাব লাগে৷ ইয়াৰ পৰিণাম হিচাপে আপোনাৰ ওচৰ–পাঁজৰৰ বিষয়া–কর্মচাৰীসক আপোনাক অনুসৰণ কৰিব আৰু কর্ম সংস্কৃতি গঢ়ি উঠিব৷ সামূহিক অথবা পাৰস্পৰিক বুজাবুজিৰ যোগেদি যিকোনো সমস্যাৰ সমাধান সম্ভৱ কৰি তুলিব পাৰি৷ সেইটোৱেই সফল নেতৃত্বৰ বিশেষ গুণ৷ মনত ৰাখিব, সিদ্ধান্ত লোৱাটোৱেই মুখ্যমন্ত্রীৰ কাম৷ কিন্তু সেই সিদ্ধান্তবোৰ চৰকাৰৰ বিষয়াবর্গই গ্রহণ কৰিছেনে নাই, সেইফালে চকু দিয়াটো সমানেই গুৰুত্বপূর্ণ৷ সমস্যা সমাধানত প্রতিগৰাকী বিষয়া–কর্মচাৰী যাতে প্রত্যক্ষভাৱে জড়িত হ’ব পাৰে, তাৰ বাবে মুখ্যমন্ত্রী সচেষ্ট (চেষ্টা কৰি থকা) হ’ব লাগিব৷ কাৰণ কার্য সম্পাদনৰ বাবে সাগ্রিক দায়বদ্ধতাৰ প্রয়োজন৷ সংকট উদ্ভৱ হ’লেহে দক্ষ লোকৰ পৰিচয় ওলাই পৰে৷
মন্ত্রীসকলে কেতিয়াও নৈৰাশ্যৰ ভাব লুকুৱাবলৈ চেষ্টা কৰা উচিত নহয়৷ সদায় অকপটে, বস্তুনিষ্ঠভাৱে বিষয়াবর্গৰ লগত কথা–বতৰা পাতিব লাগে৷ বুজনি দিয়াৰ ছলেৰে যাদুকৰী শক্তিৰে তেওঁলোকক মুগ্ধ কৰিব লাগিব৷
প্রতিগৰাকী মন্ত্রীৰ সহায়ক হোৱাকৈ কাম কৰা একোটা টীম Team) গঠন কৰি লওঁক, য’ত ইটোৱে সিটোক সমৃদ্ধ কৰাৰ যত্ন কৰে আৰু একেলগে কাম কৰাৰ যি আনন্দ সেই অভিজ্ঞতা অর্জন কৰে৷ দক্ষতাসম্পন্ন সচিব, প্রধান সচিবসকলৰ কাম–কাজত চকু দিয়াৰ বাবে মুখ্যমন্ত্রী সকলো ক্ষেত্রতে সংবেদনশীল হ’ব লাগিব৷ নিয়মীয়াকৈ তেখেতসকলৰ কাম–কাজত আগ্রহ দেখুৱাব লাগিব৷ তদুপৰি তেখেতসকলৰ ওপৰত আস্থা ৰখাৰ লগতে নিজৰ ভূমিকা পালনত তেখেতসকলে অনুভৱ কৰা স্বায়ত্ততাও দিব লাগিব৷
আপোনাৰ সচিবালয়ত এনে এগৰাকী দক্ষ প্রধান সচিব নিযুক্তি দিয়ক, যিগৰাকীয়ে আপোনাৰ চকুত নপৰা কথাটো লক্ষ্য কৰিব, আপুনি নুশুনা কথাবোৰৰ পইণ্টবোৰ তেখেতে ঠিকেই শুনিব আৰু সম্ভাব্য কথাবোৰৰ ওপৰত আপোনাক পৰামর্শ আগবঢ়াব৷ এই সন্দর্ভত আপোনাৰ পছন্দৰ প্রধান সচিব সমীৰ কুমাৰ সিন্হাৰ নিযুক্তি এক উল্লেখযোগ্য কৃতিত্ব৷ কাৰণ আপুনি অনবৰতে প্রশাসনীয় আৰু ৰাজনৈতিক কাম–কাজত ব্যস্ত থাকিব লাগিব৷ মনত ৰাখিব, যথোচিত সমন্বয়ৰ অবিহনে কঠোৰ পৰিশ্রমো অথলে যায়৷
প্রশাসনীয় কাম–কাজবোৰ আগ–পাছ গুণীহে কৰিব লাগে৷ তেতিয়া বিপদত পৰাৰ ভয় নাথাকে৷ ভাবি–চিন্তি কাম নকৰিলে বিপদ আহি উপস্থিত হয়৷ যি লোকে বিচাৰ–বিবেচনা কৰি কাম কৰে, সৌভাগ্য লক্ষ্মী আপোনা–আপুনি আহি তেওঁক বৰণ কৰে৷ কৌটিল্যৰ মতে, ‘ৰজালৈ আগবঢ়োৱা পৰামর্শবোৰ ৰজাই চালনীৰে চালিব, কুলাৰে জাৰিব, তাৰ ভিতৰত যদি সৰকে তেতিয়াহে গ্রহণ কৰিব’৷
ৰাজ্যখনৰ শাসন কার্য সুচাৰুৰূপে পৰিচালনা কৰিবলৈ হ’লে দুটা সিদ্ধান্তৰ আৱশ্যক৷ এটা হৈছে, ক্ষিপ্র সিদ্ধান্ত আৰু তাৰ কার্যত পৰিণতি সাধন৷ দ্বিতীয়টো হৈছে, সিদ্ধান্ত লোৱাৰ পূর্বে তাৰ আগ–পাছ, ভাল–বেয়া, দুয়োপক্ষৰ সুস্থিৰ বিবেচনা৷ এটাৰ পৰিমাণ অধিক হ’লে আনটো অলপীয়া হ’লে তাৰ পৰা পয়মাল ঘটে৷ নাভাবি–নিচিন্তি কৰা কামৰ পৰিণাম সততে বেয়া হয় আৰু ভাবোতে যদি হেমাহি কৰা যায়, তাৰ পৰাও পৰিণাম বেয়া হ’ব পাৰে৷ এই দুই প্রবৃত্তিৰ ভিতৰত সাম্যভাব ৰক্ষা কৰাটোৱেই হৈছে উত্তম পন্থা৷
শৰাইঘাটৰ যুদ্ধ আৰু লাচিত বৰফুকনৰ কীর্তিৰ মূলতে আছিল– সুচিন্তিত আঁচনি, বিচক্ষণ সংগঠন অর্থাৎ বিচক্ষণ কর্মীৰ দল, শৃংখলামূলক আয়োজন, সুদৃঢ় নিয়মানুৱর্তিতা, বিপদত ধৈর্য, সংকটত নির্ভীকতা আমূলে দুর্নীতি দমন, দেশৰ মংগল কার্যত সম্পূর্ণ আত্মবিলোপ, স্বার্থত্যাগ আৰু আত্মকন্দল ৰূপী বৃষবৃক্ষৰ গুৰিয়ে–শিপায়ে, ঠালে–ঠেঙুলিয়ে উৎপাটন৷ অকল যুদ্ধৰ সামগ্রীয়ে যুদ্ধ জয় কৰিব নোৱাৰে৷ এনে বহু দৃষ্টান্ত পোৱা যায় যে যুদ্ধৰ সামগ্রী পর্বত পৰিমাণে গোট খাই আছে, কিন্তু তাক চলাওঁতা মানুহৰ অভাৱত যুদ্ধত পৰাজয়হে হ’ল৷ যুদ্ধ জয়ৰ কাৰণে আহিলাপাতিৰ যিমান প্রয়োজন, তাতোকৈ বেছি প্রয়োজন সৈনিকবৃন্দ আৰু সমগ্র জাতিৰ স্বার্থহীন মনোবৃত্তি, কর্মনিষ্ঠতা আৰু যুদ্ধ জয়ৰ কাৰণে উত্রাৱল অথচ স্থিৰচিত্ত অভিলাষ৷ আহোমৰ বুৰঞ্জীত জিলিকি আছে– ‘জয়ধ্বজ ৰাজাদেৱৰ দিনত এনে আহিলাপাতি বহুতো আছিল, তথাপি নাম হ’ল ভগনীয়া ৰজা৷ অস্ত্র–শস্ত্র, আহিলাপাতি সমস্তো জড়, স্বর্গদেৱৰ বন্দী বেটাহে চেতন, সেয়ে চলালেহে চলে’৷ শৰাইঘাটৰ যুদ্ধত এই দুই প্রবৃত্তিৰ সুন্দৰ সামঞ্জস্য ঘটিছিল৷ ক্ষেত্রশক্তিৰ প্রতিমা আছিল মহামন্ত্রী আতনু বুঢ়াগোহাঞি ডাঙৰীয়া৷ এই দুই শক্তিৰ সমাৱেশৰ বাবেই অসমীয়াই শৰাইঘাটৰ যুদ্ধত জয়লাভ কৰিছিল আৰু সেই জয়ৰ দ্বাৰা অসমীয়াৰ কাৰণে মহান আদর্শ এটা যুগ–যুগান্তৰৰ কাৰণে সোণৰ সঁফুৰাত ভৰাই থৈ যাব পাৰিছিল৷
এজন সফল টীম লিডাৰ হ’বলৈ হ’লে কামৰ দিনটোৰ হাই–উৰুমিৰ শেষত জিৰণি লৈ নিজক পুনৰ সক্রিয় কৰি আৰু এটা নতুন দিনৰ বাবে নিজক প্রস্তুত কৰি তুলিব লাগিব৷ গীতাত কৈছে– কর্মৰ কৌশল আয়ত্ত কৰিবলৈ হ’লে – ‘যিজনে নিয়মমতে আহাৰ আৰু বিহাৰ কৰে, কর্মসমূহত নিয়মিত চেষ্টা কৰি থাকে আৰু পৰিমাণ মতে নিদ্রিত আৰু জাগ্রত থাকে, সমাধিৰূপ যোগ তেওঁৰে দুখ নিবাৰণক্ষম হয় অর্থাৎ নিবাৰণ কৰিবলৈ সক্ষম হয়৷’ গীতাত কর্মৰ কৌশলক যোগ বুলি কোৱা হৈছে৷ এই কর্মৰ কৌশল সকলোৱে আয়ত্ত কৰিব নোৱাৰে৷ যিসকলে ‘অত্যধিক আহাৰ গ্রহণ কৰে, নাইবা যিজন একান্ত অনাহৰী, তাৰ যোগ নহয়৷ অতিশয় নিদ্রালু আৰু অতি জাগৰণশীলৰো যোগ সমাধি নহয়৷ অর্থাৎ তেনে লোকে কর্মৰ কৌশল আয়ত্ত কৰিব নোৱাৰে’৷