নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী প্ৰেছ ক্লাবত এন ৯৫ মাস্ক আৰু ছিনেটাইজাৰ বিতৰণ

নিয়মীয়া বাৰ্তা ২৬ মেঃ স্বেচ্ছাসেৱী সংগঠন ডা০ ভৱ দাস ফাউণ্ডেচনৰ উদ্যোগত আজি গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকসকলৰ মাজত এন ৯৫ মাস্ক আৰু ছিনেটাইজাৰ বিতৰণ কৰা হয়। মাস্ক-ছিনেটাইজাৰ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি হেলথ্‌ চিটী হাস্পতালৰ অধীক্ষক ডাঃ হেমজিৎ তালুকদাৰ আৰু ফেচিলিটী ডাইৰেক্টৰ পৰাগজ্যোতি দত্তই কয় যে জন্মলগ্নৰে পৰা ডা০ ভৱ দাস ফাউণ্ডেচন আৰু হেলথ্‌ চিটী হাস্পতালে কিছুমান জনকল্যানমূলক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।

তাৰে অংশ হিচাপে আজি এই কাৰ্যসূচী ৰূপায়ণ কৰা হ’ল। দুয়োজন বিষয়ববীয়াই আৰু কয়- ক’ভিডৰ ভয়াৱহ প্ৰাদুৰ্ভাৱৰ সময়তো সাংবাদিকসকলে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি কৰ্তব্য পালন কৰাই নহয় ক’ভিডৰ বিৰুদ্ধে সজাগতা সৃষ্টিত অতি গুৰুত্বপূৰ্ণ ভূমিকাও পালন কৰি আহিছে। কাৰ্যসূচীত গুৱাহাটী প্ৰেছ ক্লাবৰ উপ সভিপতি ধনীৰাম কলিতা, সম্পাদক সঞ্জয় ৰয়, সহকাৰী সাধাৰণ সম্পাদক মনীষা কলিতা,সাংস্কৃতিক সম্পাদক পল্মৱী বৰা প্ৰমুখ্যে বিষয়ববীয়াসকল উপস্থিত থাকে। আজি সাংবাদিক-সংবাদ কৰ্মীসকলৰ মাজত ২০০খন এন ৯৫ মাস্ক আৰু ২০০ বটল হেণ্ড ছিনেটাইজাৰ বিতৰণ কৰা হয়।

You might also like