নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা সংক্রমণঃ ড০ লক্ষ্মীনন্দন বৰা সংকটজনক অৱস্থাত চিকিৎসাধীন

নিয়মীয়া বাৰ্তা ২৭ মেঃ ক’ভিডত আক্রান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে বিশিষ্ট সাহিত্যিক তথা সৰস্বতী বঁটাপ্রাপক ড০ লক্ষ্মীনন্দন বৰা৷ সম্প্রতি মহানগৰীৰ এক্সেল কেয়াৰ হাস্পতালৰ আই চি ইউত চিকিৎসাধীন হৈ আছে বিশিষ্ট সাহিত্যিকগৰাকী৷ যোৱা ২০ মে’ত সাহিত্যিকগৰাকীৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰাৰ পাছতে তেওঁক হাস্পতালখনত ভর্তি কৰোৱা হৈছিল৷ পৰৱর্তী সময়ত তেওঁৰ হাঁওফাঁওত সংক্রমণ ঘটাৰ বাবে উশাহ–নিশাহত কষ্ট পোৱাত অক্সিজেন দিয়াৰ ব্যৱস্থা কৰা হয়৷ তদুপৰি বিশিষ্ট সাহিত্যিকগৰাকী বৃক্কৰ সমস্যাতো ভুগি আছে বুলি জানিব পৰা গৈছে৷ সম্প্রতি এটা বিশেষজ্ঞ চিকিৎসকৰ দলে ড০ বৰাৰ স্বাস্থ্য নিৰীক্ষণ কৰি আছে৷

উল্লেখ্য যে নগাঁও জিলাৰ কুজিডাহত জন্মলাভ কৰা বিশিষ্ট সাহিত্যিকগৰাকী সৰস্বতী সন্মানৰ উপৰি অসম উপত্যকা, সাহিত্য অকাডেমিৰ বঁটাৰেও সন্মানিত হৈছে৷ পদ্মশ্রী সন্মানেৰে বিভূষিত ড০ লক্ষ্মীনন্দন বৰাক অসম প্রকাশন পৰিষদে জীৱনজোৰা সাধনা বঁটাৰেও সন্মানীত কৰিছিল৷ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড০ বৰাই অনবদ্য সৃষ্টিৰাজিৰে চহকী কৰিছে অসমীয়া সাহিত্যৰ ভঁৰাল৷ ১৯৫৪ চনত ভাওনা শীর্ষক চুটিগল্পৰে নিজৰ সাহিত্যিক জীৱন আৰম্ভ কৰা ড০ বৰাৰ উল্লেখযোগ্য সৃষ্টিৰাজিসমূহৰ অন্যতম হৈছে গঙা চিলনীৰ পাখি, যাকেৰি নাহিকে উপাম, আকৌ শৰাইঘাট, কায়াকল্প, পাতাল ভৈৰৱী আদি৷ বিশিষ্ট সাহিত্যিকগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে তেওঁৰ শুভাকাংক্ষীসকলে৷

You might also like