নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ কোটি ভেকচিন ড’জ প্রদানেৰে অভিলেখ

বিশ্বৰ দ্বিতীয় দেশ ভাৰত

নিয়মীয়া বাৰ্তা ২৭ মেঃ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে দেশজুৰি সংহাৰী ৰূপ লৈ থকাৰ মাজতে ক’ভিড–১৯ টিকাকৰণ অভিযানো অব্যাহত আছে৷ ক’ভিড–১৯ ভেকচিনৰ ২০ কোটি ড’জ প্রদানেৰে বিশ্বৰ দ্বিতীয় দেশ হিচাপে স্বীকৃতি পালে ভাৰতে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ প্রথমখন দেশ হিচাপে ২০ কোটি ভেকচিন ড’জ প্রদান কৰাৰ পাছত আজি ভাৰতে ২০ কোটি ভেকচিন ড’জ প্রদান কৰি দ্বিতীয় দেশ হ’ল৷

কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা মতে ১৩০ দিনৰ ভিতৰত ভাৰতে ২০ কোটি ক’ভিড ভেকচিনৰ ড’জ প্রদান কৰিলে৷ ইয়াৰ পূর্বে আমেৰিকাই ১২৪ দিনত ২০ কোটি ভেকচিন ড’জ নাগৰিকক প্রদান কৰিছিল৷ স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি ভেকচিন প্রদান কৰাৰ ভিতৰত ৬০ বছৰৰ ঊর্ধ্বৰ ৪২ শতাংশ লোকক ভেকচিনৰ প্রথমটো ড’জটো প্রদান কৰা হৈছে৷ যোৱা ২৪ ঘণ্টাত ২০,৩৯,০৮৭জন লোকক ভেকচিন প্রদান কৰা হৈছে৷ ইয়াকে লৈ দেশজুৰি ভেকচিন প্রদানৰ সংখ্যা ২০,০৬,৬২,৪৫৬জনলৈ বৃদ্ধি পাইছে৷

তাৎপর্যপূর্ণ যে বিশ্বৰ বৃহত্তম ক’ভিড–১৯ টিকাকৰণ অভিযান যোৱা ১৬ এপ্রিলত আৰম্ভ কৰা হৈছিল৷ প্রথম পর্যায়ত ক’ভিড যুঁজৰ অগ্রগণী যোদ্ধা, চিকিৎসক, স্বাস্থ্যকর্মীৰ লগতে ৬০ৰ ঊর্ধ্বৰ লোকক ভেকচিন প্রদান কৰা হৈছিল৷ পিছলৈ দ্বিতীয় পর্যায়ৰ ৪৫ৰ ঊর্ধ্বৰ সকলো ব্যক্তিক ভেকচিন প্রদান কৰা অভিযান আৰম্ভ হয়৷ যোৱা এক মে’ৰ পৰা তৃতীয় পর্যায়ত ১৮–৪৪ বছৰৰ ভিতৰৰ লোকক ভেকচিন প্রদান প্রক্রিয়া আৰম্ভ হৈছে৷ লক্ষণীয় যে ভেকচিনৰ নাটনিৰ বাবে দেশৰ প্রায়বোৰ ৰাজ্যতেই ভেকচিন প্রদান প্রক্রিয়া লেহেমীয়া হোৱাৰ লগতে কেইবাখনো ৰাজ্যৰ প্রধান প্রধান চহৰসমূহত ভেকচিন অভিযান বন্ধ ৰাখিবলগীয়া হৈছে৷

You might also like