কাছাৰৰ যৌনকর্মীসকলক ৰেচন যোগান ধৰিবলৈ নির্দেশ উচ্চ ন্যায়ালয়ৰ
নিয়মীয়া বাৰ্তা ২৯ মেঃ ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে অভাৱৰ সন্মুখীন হোৱা কাছাৰৰ যৌনকর্মীসকলক ৰেচন যোগান ধৰিবলৈ সংশ্লিষ্ট জিলাখনৰ উপায়ুক্তক নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ এই সন্দর্ভত ৰুজু হোৱা ২৮/২০২১ নম্বৰৰ ৰাজহুৱা স্বার্থজড়িত গোচৰৰ শুনানি গ্রহণ কৰি এখন খণ্ড বিচাৰপীঠে এক নির্দেশ জাৰি কৰিছে৷ ইতিমধ্যে এটা প্রকল্প ৰূপায়ণৰ বাবে কাছাৰত চিনাক্ত কৰা যৌনকর্মীসকলৰ পৰিয়ালক এই ৰেচন যোগান ধৰিবলৈ ন্যায়ালয়ে নির্দেশনা দিছে৷
উল্লেখ্য যে ক’ভিডৰ দ্বিতীয় লহৰৰ বাবে ব্যাপক অসুবিধাৰ সন্মুখীন হোৱা ৰাজ্যৰ যৌনকর্মীসকলৰ সমস্যাসমূহক লৈ এই ৰাজহুৱা স্বার্থজড়িত আবেদনখন দাখিল কৰা হৈছে৷ ইতিমধ্যে এই সন্দর্ভত উচ্চতম ন্যায়ালয়ে প্রদান কৰা নির্দেশনাও দৃষ্টিগোচৰ কৰা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ত৷ শুকুৰবাৰে শুনানি গ্রহণ কৰি উচ্চ ন্যায়ালয়ে অসমৰ যৌনকর্মীসকলক চিনাক্ত কৰি কিদৰে মহামাৰীৰ সময়ছোৱাত সাহায্য প্রদান কৰিব পৰা যায়, সেই সন্দর্ভত অৱগত কৰিবলৈ চৰকাৰী পক্ষক নির্দেশনা দিয়ে৷ এই গোচৰটোৰ পৰৱর্তী শুনানি অহা ১ জুনত গ্রহণ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ে৷