নিয়মীয়া বাৰ্তা ১ জুনঃ গুৱাহাটী মহানগৰীৰ জালুকবাৰী থানাৰ অন্তর্গত পাণ্ডুৰ জয়মতী নগৰত যোৱানিশা সংঘটিত হয় এক ভয়াৱহ অগ্ণিকাণ্ড৷ জানিব পৰা মতে ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হৈ সংঘটিত অগ্ণিকাণ্ডটোত সম্পূর্ণৰূপে ভস্মীভূত হয় ১০টাকৈ বাসগৃহ৷ প্রাপ্ত খবৰ মতে যোৱানিশা প্রায় ১১.৩০ বজাত সংঘটিত ভয়াৱহ অগ্ণিকাণ্ডটোত জয়মতী নগৰত ভাৰাতীয়া হিচাপে থকা প্রায় দহটা পৰিয়ালৰ বাসগৃহ সম্পূর্ণৰূপে ভস্মীভূত হয়৷
ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় অঞ্চলটোত এক হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয়৷ জুইৰ লেলিহান শিখাই মুহূর্ততে ছানি ধৰে সমগ্র জয়মতী নগৰ অঞ্চলটো৷ ভয়াৱহ অগ্ণিকাণ্ডটোত ১০ লক্ষাধিক টকাৰ অতি মূল্যৱান সা–সম্পত্তি জ্বলি ছাৰখাৰ হয়৷ তদুপৰি বাসগৃহৰ ভিতৰত থকা বাইকসহ কোনো ধৰণৰ সা–সামগ্রী ৰক্ষা নপৰিল অগ্ণিকাণ্ডটোৰ পৰা৷ ইপিনে স্থানীয় নাগৰিকৰ তৎপৰতা আৰু পাণ্ডু–আই এছ বি টিৰ পৰা অহা মুঠ ৬খনকৈ অগ্ণিনির্বাপক বাহনীৰ বাহনে জুই নির্বাপন কৰিবলৈ সক্ষম হয়৷ দিন হাজিৰা কৰি পৰিয়াল চলাই থকা ভাৰাতীয়া লোকসকল অগ্ণিকাণ্ডটোৰ ফলত বিশেষভাৱে ক্ষতিগ্রস্ত হয় বুলি জানিব পৰা গৈছে৷