নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলংপাৰত পত্নীৰ সন্মুখতে বিকাৰগ্রস্ত মহিলাক বলাৎকাৰ

নিয়মীয়া বাৰ্তা ১ জুনঃ স্বামীৰ শাৰীৰিক–মানসিক নির্যাতনৰ কথা সুঁৱৰি সংবাদ মেলত উচুপি উঠিল এগৰাকী ভুক্তভোগী মহিলা৷ নাৰেংগীৰ কলংপাৰৰ জয়ন্তী দাস নামৰ মহিলাগৰাকীয়ে আজি নাৰেংগীস্থিত পূব গুৱাহাটী প্রেছ ক্লাবত এক সংবাদ মেলত স্বামী কানু দাসৰ কুকীর্তি বর্ণনা কৰি উচুপি উঠে৷ ২৮ বছৰ পূর্বে কানু দাসে জয়ন্তী দাসক সামাজিকভাৱে বিয়া কৰায়৷ বিয়াৰ পিছত তেওঁলোকৰ সংসাৰত তিনিটাকৈ কন্যা সন্তান আহে বুলি জয়ন্তী দাসে সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ কন্যা সন্তান জন্ম হোৱাৰে পৰাই স্বামী কানু দাসে পত্নীক শাৰীৰিক–মানসিক নির্যাতন চলাবলৈ আৰম্ভ কৰে বুলি জয়ন্তী দাসে অভিযোগ কৰে৷

আনকি পত্নীৰ উপস্থিতিতে স্বামী কানু দাসে পথত ঘূৰি ফুৰা মানসিক বিকাৰগ্রস্ত মহিলাক ঘৰলৈ আনি অসৎ কার্য চাৰিতার্থ কৰে৷ ইয়াৰ বিৰোধিতা কৰিলে স্বামী দাসে ঘৰৰ বাহিৰলৈ উলিয়াই আনি পত্নীক ৰাজপথত গুৰুলা গুৰুলকৈ প্রহাৰ কৰে৷ স্বামীৰ নির্যাতন সহিব নোৱাৰি পত্নী জয়ন্তী দাসে নাৰেংগীৰ বাবু বস্তি মহিলা মুক্তি সংগ্রাম সমিতিৰ কাষ চাপে৷ উক্ত মহিলা সমিতিয়ে নাৰেংগীৰ কলংপাৰ বজাৰৰ সমীপৰ কানু দাসৰ ঘৰত ২০১৯ চনত এক ৰাজহুৱা সভা অনুষ্ঠিত কৰে৷

সভাৰ সিদ্ধান্ত মর্মে কানু দাসে তেওঁৰ নামত থকা এক কঠা পাঁচ লেচা ভূমিৰ বাৰ লেচা আৰু আধা লেচা ভূমি পত্নী জয়ন্তী দাসৰ নামত দান কৰি লিখিতভাৱে দিয়ে৷ ইয়াৰ মাজতে কন্যাৰ শাৰীৰিক অসুস্থতাৰ বাবে ধনৰ দৰকাৰ হোৱাত জয়ন্তী দাসে নিজৰ দখলত থকা ভূমি বগা দৈমাৰী নামৰ এজন লোকৰ ওচৰত বিক্রী কৰি দিয়ে৷ বগা দৈমাৰীয়ে মাটি চমজি লোৱাৰ পিছত কানু দাসে তেওঁৰ আৰু পত্নীৰ ভূমি ৰাজা ৰংপীৰ ওচৰত বিক্রী কৰি দিয়ে৷ এই লৈ দুই পক্ষই নুনমাটি থানাত এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে পৃথকে পৃথকে গোচৰ ৰুজু কৰি তদন্ত চলাই আছে৷ ইপিনে, জয়ন্তী দাস ঘৰৰ পৰা ওলাই যোৱাৰ পিছতেই কানু দাসে ৫গৰাকীকৈ মহিলাক বিয়া পাতে বুলি পত্নীয়ে অভিযোগ কৰে৷ উল্লেখ্য যে পত্নীৰ সন্মুখত মানসিক বিকাৰগ্রস্ত মহিলাক বলাৎকাৰ কৰাৰ অভিযোগত আৰক্ষীয়ে কানু দাসক গ্রেপ্তাৰ কৰিছিল৷

You might also like