এতিয়াৰে পৰা ৰাজধানী দিল্লীত সুৰাৰ হোম ডেলিভাৰী কৰিব পৰা যাব। শেহতীয়াকৈ দিল্লী চৰকাৰে দিল্লী আবকাৰী নীতি ২০২১ প্ৰৱৰ্তন কৰিছে। চহৰখনত কোভিড-১৯ ৰ নিষেধাজ্ঞা অব্যাহত থকাৰ সময়ছোৱাত নতুন নিয়ম অনুসৰি, “মোবাইল এপ বা অনলাইন ৱেব পৰ্টেলৰ জৰিয়তে অৰ্ডাৰ দি L-13 অনুজ্ঞাপত্ৰৰ জৰিয়তে ভাৰতীয় সুৰা বা বিদেশী সুৰাৰ হোম ডেলিভাৰী কৰিব পাৰিব।
অৱশ্যে দিল্লী চৰকাৰে জাৰি কৰা এক জাননীত কোৱা হৈছে, “কোনো হোষ্টেল, কাৰ্যালয় বা প্ৰতিষ্ঠানলৈ সুৰা প্ৰদান কৰা নহ’ব। কেৱল হোম ডেলিভাৰীহে হ’ব।
আনহাতে দিল্লীৰ সুৰা দোকানবোৰক ঘৰুৱা বিতৰণৰ অনুমতি দিয়া হোৱা নাই। কেৱল L-13 অনুজ্ঞাপত্ৰ থকা বিক্ৰেতাসকলকহে দিল্লীত সুৰাৰ ঘৰুৱা বিতৰণ আৰম্ভ কৰিবলৈ অনুমতি দিয়া হ’ব।
স্মৰ্তব্য যে দিল্লী আবকাৰী নীতি ২০১০ত সুৰাৰ ঘৰুৱা বিতৰণৰ ব্যৱস্থাও আছিল কিন্তু কেৱল ই-মেইল বা ফেক্সৰ জৰিয়তে অনুৰোধ কৰিব পাৰিছিল, কিন্তু দিল্লীত কেতিয়াও ঘৰত সুৰা বিতৰণ কৰা হোৱা নাছিল। দিল্লী চৰকাৰৰ সূত্ৰ অনুসৰি, যেতিয়া ২০২০ চনৰ মে’ মাহত লকডাউন খোলা হৈছিল, তেতিয়া সুৰাৰ দোকানত যথেষ্ট ভিৰ দেখা গৈছিল।
কোনে কৰিব পাৰিব অৰ্ডাৰ?
অনলাইন বিতৰণৰ ওপৰত কিছুমান প্ৰতিবন্ধকতাও আৰোপ কৰা হৈছে। দিল্লী চৰকাৰে মোবাইল এপ আৰু ৱেবছাইটৰ জৰিয়তে সুৰা অৰ্ডাৰৰ অনুমতি দিছে। কিন্তু অনুজ্ঞাপত্ৰ ধাৰকসকলক কোনো হোষ্টেল, কাৰ্যালয় বা প্ৰতিষ্ঠানলৈ বিতৰণ কৰিবলৈ অনুমতি দিয়া হোৱা নাই। কেৱল হোম ডেলিভাৰী হে সম্ভৱ হ’ব।