নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত আক্রান্তৰ হাৰ নিম্নগামী; ২৪ ঘণ্টাত সংক্রমিত ১.২৭ লাখ

নিয়মীয়া বাৰ্তা, ২ জুনঃ দেশজুৰি ক’ৰোনাত আক্রান্তৰ হাৰ দ্রুতগতিত নিম্নগামী হৈ আছে৷ দেশবাসীৰ বাবে সাময়িকভাৱে কিছু সকাহেৰে আশাৰ খবৰ এয়ে যে আক্রান্তৰ বিপৰীতে সুস্থৰ হাৰ অধিক হৈ আছে৷ যোৱা ২৪ ঘণ্টাত ১.২৭ লাখ লোক মহামাৰী ভাইৰাছটোত আক্রান্ত হোৱাৰ বিপৰীতে সুস্থ হৈ উঠিছে ২.৫৫ লাখ৷ ৫৪ দিনৰ ভিতৰত এদিনত অর্থাৎ ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা ডেৰ লাখৰ তললৈ নিম্নগামী হৈ ১,২৭,৫১০জন আক্রান্ত হৈছে৷ তেনেদৰে মৃতকৰ সংখ্যাও ৩৪ দিনৰ পিছত এদিনত ৩ হাজাৰৰ তললৈ নামিছে৷ অর্থাৎ যোৱা ২৪ ঘণ্টাত মৃত্যু ঘটিছে ২,৭৯৫জনৰ৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ১,২৭,৫১০জন নতুনকৈ আক্রান্ত হোৱাত দেশজুৰি আক্রান্তৰ সংখ্যা ২,৮১,৭৫,০৪৪জনলৈ বৃদ্ধি পাইছে৷

ইপিনে, যোৱা ২৪ ঘণ্টাত ২,৭৯৫জনৰ মৃত্যু ঘটাত মৃতকৰ সংখ্যা ৩,৩১,৮৯৫জনলৈ বৃদ্ধি পালে৷ ইপিনে, যোৱা ২৪ ঘণ্টাত ২,৫৫,২৮৭জন সুস্থ হৈ উঠাত সুস্থ হৈ উঠা লোকৰ সংখ্যা ২,৫৯,৪৭,৬২৯জনলৈ বৃদ্ধি পালে৷ সম্প্রতি দেশত সুস্থতাৰ হাৰ ৯২.০৯ শতাংশ৷ আনপিনে, দেশত ২১,৬০,৪৬,৬৩৮ ভেকচিন ড’জ প্রদান কৰা হৈছে৷ দেশৰ পজিটিভিটীৰ হাৰ ৯ শতাংশলৈ নিম্নগামী হৈছে৷

গুৰুত্বপূর্ণ যে দেশৰ ৰাজধানী দিল্লীত বিগত দুমাহৰ ভিতৰত এদিনত সর্বনিম্ন ৬২৩জন লোক আক্রান্ত হৈছে৷ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰত পজিটিভিটীৰ হাৰ ৩৫ শতাংশলৈ ঊর্ধ্বগামী হোৱা ৰাজধানী দিল্লীত যোৱা ২৪ ঘণ্টাত পজিটিভিটীৰ হাৰ মাত্র ০.৮৮ শতাংশ৷

ইপিনে, কেন্দ্রীয় শিক্ষামন্ত্রী ৰমেশ পোখৰিয়ালক ক’ভিডোত্তৰ জটিল সমস্যাৰ বাবে নতুন দিল্লীৰ এইম্ছত মঙলবাৰে পুৱা ভর্তি কৰোৱা হৈছে৷ শ্বাস–প্রশ্বাসত অসুবিধাৰ সৃষ্টি হোৱাত আজি পুৱা প্রায় ১১.৩০ বজাত শিক্ষামন্ত্রীগৰাকীক এইম্ছত ভর্তি কৰোৱা হয়৷

উল্লেখ্য যে যোৱা ২১ এপ্রিলত ক’ভিড–১৯ত আক্রান্ত হোৱা শিক্ষামন্ত্রীগৰাকী পাছলৈ সুস্থ হৈ উঠিছিল যদিও আজি পুৱা হঠাতে শ্বাস–প্রশ্বাসৰ জটিলতাত ভোগে৷ লক্ষণীয় যে বিশ্ব স্বাস্থ্য সংস্থাই গ্রেট ব্রিটেইন, দক্ষিণ আফ্রিকা আৰু ভাৰতত প্রথমতে চিনাক্ত হোৱা ক’ৰোনাৰ নতুন প্রকৰণৰ নতুন নামকৰণ কৰিছে৷

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে গ্রেট ব্রিটেইনৰ প্রকৰণক আলফা, দক্ষিণ আফ্রিকাৰ প্রকৰণক ডেল্টা আৰু ভাৰতীয় প্রকৰণক ডেল্টা বুলি নামকৰণ কৰা হৈছে৷ আনপিনে, ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ অধীনত থকা দেশৰ ঐতিহাসিক স্মৃতিচিহ্ণসমূহ অহা ১৫ জুনলৈ বন্ধ থাকিব বুলি ঘোষণা কৰিছে৷

ক’ভিডসৃষ্ট পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি দেশৰ সাংস্কৃতিক মন্ত্রালয়ে দেশৰ ঐতিহাসিক স্মৃতিচিহ্ণ যিবোৰ কেন্দ্রীয় চৰকাৰৰ দ্বাৰা পৰিচালিত হয়, সেইবোৰ ১৫ জুনলৈ বন্ধ ৰাখিব বুলি ঘোষণা কৰিছে৷ উল্লেখ্য যে এই স্মৃতিচিহ্ণসমূহ ৩০ মে’লৈকে বন্ধ আছিল৷ নতুন নির্দেশনাযোগে এইবোৰ ১৫ জুনলৈ বন্ধ ঘোষণা কৰিলে৷

You might also like