অপৰাধ জগতৰে জড়িত সুশীল
নিয়মীয়া বাৰ্তা ২ জুনঃ মল্লযুঁজাৰু সাগৰ ৰাণাৰ হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড তাৰকা খেলুৱৈ সুশীল কুমাৰৰ অপৰাধ জগতৰে পুৰণি সম্পর্ক আছে৷ টোল ব্যৱসায়ত জড়িত হৈ তাৰকা মল্লযুঁজাৰুগৰাকী গ্রেটাৰ নয়ডাৰ কুখ্যাত গেংষ্টাৰ অনিল ভাটিৰ সৈতে ঘনিষ্ঠ হৈ পৰিছিল৷ এই বিস্ফোৰক তথ্য ফাদিল কৰিছে দিল্লী আৰক্ষীৰ অপৰাধ শাখাই৷ আৰক্ষীৰ এক সূত্রই আজি প্রকাশ কৰিছে যে টোল গেট চলোৱাৰ দায়িত্ব লাভৰ পিছতে ৩৭ বছৰীয়া সুশীল কুমাৰ গেংষ্টাৰৰ সান্নিধ্যলৈ আহে৷ ধনবল আৰু বাহুবলেৰে তেওঁ টোল গেটৰ ব্যৱসায় চলাই নিছিল৷
এই ব্যৱসায়ত তেওঁৰ ঘনিষ্ঠ হৈ পৰিছিল কুখ্যাত মাফিয়া সুন্দৰ ভাটিৰ ভতিজাক অনিল ভাটি৷ তেওঁ কেইবাটাও হত্যাকাণ্ড আৰু অন্যান্য অপৰাধজনিত ঘটনাৰ সৈতে জড়িত এগৰাকী দাগী অপৰাধী৷ যোৱা মাহত নতুন দিল্লীৰ সত্রশাল ষ্টেডিয়ামৰ বাহিৰত সাগৰ ৰাণা নামৰ যুৱ মল্লযুঁজাৰুগৰাকীক হত্যা কৰাৰ অভিযোগত গ্রেপ্তাৰ হোৱা সুশীল কুমাৰে আৰক্ষীৰ জেৰাত এই সকলো কথা স্বীকাৰ কৰিছে৷ ইফালে, দিল্লী আৰক্ষীয়ে আজি তাৰকা মল্লযুঁজাৰুগৰাকীৰ আর্ম লাইচেন্স বাতিল কৰাৰ কথা উল্লেখ কৰিছে৷ লাইচেন্স বিভাগে অলিম্পিয়ান সুশীল কুমাৰৰ আর্ম লাইচেন্স বাতিল প্রক্রিয়া আৰম্ভ কৰিছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷