লংকাৰ ওদালীত চিকিৎসকক আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত ২৪ আক্রমণকাৰীক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ২ জুনঃ মহামাৰীৰ সময়ত দিনে–নিশাই ৰাইজৰ সেৱাত ব্রতী হৈ থকা চিকিৎসকক আক্রমণৰ ঘটনা সংঘটিত হৈছে হোজাই জিলাৰ লংকাৰ ফুলতলী ক’ভিড চিকিৎসালয়ত৷ এজন ক’ভিড ৰোগীৰ মৃত্যুক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পিছতে উক্ত চিকিৎসালয়খনৰ চিকিৎসক সেউজ কুমাৰ সেনাপতিক বর্বৰভাৱে আক্রমণ কৰে একাংশ উন্মত্ত লোকে৷ যাৰ বাবে গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈছে চিকিৎসক সেনাপতি৷
ইপিনে কর্মৰত অৱস্থাতে চিকিৎসকক আক্রমণৰ ঘটনাই ৰাজ্যজুৰি প্রতিক্রিয়াৰ সৃষ্টি কৰাৰ পিছতে এই ঘটনাত জড়িত ২৪ জন লোকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে৷
আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক টুইটযোগে চিকিৎসক সেউজ কুমাৰ সেনাপতিক বর্বৰভাৱে আক্রমণ কৰা ২৪ জন লোকক গ্ৰেপ্তাৰ কৰা বুলি প্ৰকাশ কৰে।
UPDATE:
Remaining culprits have also been identified
9. Rahimuddin
10. Abdul Kalam
11. Nurzul Islam
12. Abdul Gumi
13. Dilwar Hussain
14. Abdul Hussain
15. Anuwar
16. Nasirrudin
17. Alimuddin
18. Jamil Ahmad
19. Sarifuddin
20. Safiquddin
21. Matibur Rahman
22. Miss Misba Begum— Himanta Biswa Sarma (@himantabiswa) June 2, 2021