নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথত পত্নী হত্যাৰ অভিযোগত ৱেবপৰ্টেলৰ সাংবাদিক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২ জুনঃ বিশ্বনাথ চাৰিআলিত নিজ পত্নীৰ গাত কেৰাচিন ঢালি অগ্নি সংযোগ কৰি  হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল বিশ্বনাথ চাৰিআলিৰ গোপাল খনাল নামৰ এজন সাংবাদিক৷

ঘটনাৰ বিৱৰণি মতে দীৰ্ঘদিন ধৰি নিজৰ পত্নীৰ ওপৰত শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই অহাৰ অভিযোগ উঠিছে গোপাল খনাল আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে৷ পৰকীয়া প্ৰেমৰ বাবে দুয়োৰে মাজত দীৰ্ঘদিন ধৰি হৈ আহিছিল কাজিয়াৰ সুত্ৰপাত৷ প্ৰায়েই নিজৰ পত্নীক মাৰ ধৰ কৰিছিল গোপালে ৷

ঘটনা অনুসৰি যোৱা ২৯ মে’ তাৰিখে নিশা গোপাল খনালৰ গৃহৰ বাথৰুমত অগ্নিদগ্ধ হয় ৰীতা খনাল নামৰ মহিলাগৰাকী ৷ ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজ উপস্থিত হৈ মহিলা গৰাকীক বচোৱাৰ চেষ্টা কৰে যদিও স্বামীৰ লগতে পৰিয়ালৰ কোনো নাহিল আগবাঢ়ি৷ আনকি স্থানীয় ৰাইজৰ তৎপৰতাত হে অগ্নিদগ্ধ মহিলা গৰাকীক লৈ যোৱা হয় চিকিৎসালয়লৈ ৷ শৰীৰৰ ৯০% জ্বলি যোৱা ৰীতা খনালক নিশাই ততাতৈয়াকৈ তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় উন্নত চিকিৎসাৰ বাবে।

অৱস্থা অতি সংকটজনক হৈ পৰাৰ বাবে ৩০ মে’ দিনা চিকিৎসকে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰন কৰে ৰীতাক আৰু গুৱাহাটীলৈ নিয়াৰ পথতে মৃত্যু হয় মহিলা গৰাকীৰ ৷ ইয়াৰ পিছতে সোমবাৰে মৰোনোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত বিশ্বনাথ চাৰিআলিলৈ মহিলা গৰাকীৰ মৃতদেহ লৈ অহাৰ পিছতে বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গোপাল খনালক ৷ ৰীতা খনালৰ পিতৃ গৃহৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গোপালক ৷ পৰিয়ালৰ অভিযোগ অনুসৰি স্বামী গোপাল আৰু স্বামীৰ পৰিয়ালে মিলি হত্যা কৰিছে ৰীতাক ৷

উল্লেখ্য যে ১৫ বছৰ পূৰ্বে প্ৰেম সুত্ৰে বিবাহপাশত আবদ্ধ হোৱা বিশ্বনাথ চাৰিআলিৰ পানীভৰাল গাৱৰ গোপাল আৰু চতিয়াৰ বোকাবিল গাৱৰ ৰীতাৰ আছে আছে দুটি সন্তান ৷ আনহাতে গোপাল খনাল নেপালী জনগোষ্ঠীৰ এজন কন্ঠশিল্পী আৰু এটা ৱেবপৰ্টেলৰ বিশ্বনাথ চাৰিআলিৰ সংবাদদাতা৷ ইতিমধ্যে মৃত মহিলাগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গোপালক৷ সমগ্ৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

You might also like