বিধায়ক মানৱ ডেকাই মুখ্যমন্ত্ৰীক অৰ্পণ কৰিলে নিজৰ এমাহৰ দৰমহা
নিয়মীয়া বাৰ্তা ৪ জুনঃ আজি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত উপস্থিত হৈ ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সাহাৰ্য্য নিধিলৈ লখিমপুৰৰ বিধায়ক মানৱ ডেকাই নিজৰ প্ৰথম মাহৰ দৰমহা আৰু লখিমপুৰ সমষ্টিৰ ভিন্ন ব্যক্তি আৰু প্ৰতিষ্ঠানে আগবঢ়োৱা চেক সমূহ মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰে।
সামাজিক মাধ্যম যোগে এই কথা জানিবলৈ দিয়ে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই।