নিয়মীয়া বাৰ্তা, ৬ জুন: ক’ভিড–১৯ৰ তৃতীয় জোৱাৰ অনিবার্য৷ দেশৰ জনগণ সজাগ–সচেতন নহ’লে কালান্তক ক’ৰোনাৰ তৃতীয় জোৱাৰে অবর্ণনীয় পৰিস্থিতি সৃষ্টিৰে ধ্বংসলীলা চলাব৷ এই সতর্কবাণী নিটি আয়োগৰ৷ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে দেশজুৰি স্বাস্থ্য ব্যৱস্থাক বিধ্বস্ত কৰি সংহাৰী ৰূপ লোৱাৰ মাজতেই শনিবাৰে নিটি আয়োগে দেশবাসীক সতর্কবাণী শুনায়৷
নিটি আয়োগৰ সদস্য ভি কে সাৰস্বতে প্রকাশ কৰা মতে, তৃতীয় জোৱাৰ অনিবার্য বুলি সতর্কবাণী দি নিটি আয়োগৰ সদস্যগৰাকীয়েও এই কথা স্পষ্ট কৰি দিয়ে যে অহা ছেপ্টেম্বৰ–ক্টোবৰ মাহতেই কালান্তক ক’ৰোনাৰ তৃতীয় জোৱাৰ আৰম্ভ হ’ব৷ এইক্ষেত্রত ক’ভিড–১৯ৰ তৃতীয় জোৱাৰৰ সৈতে মোকাবিলা কৰিবলৈ প্রস্তুতি সম্পূর্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ নিটি আয়োগৰ সদস্যগৰাকীয়ে তৃতীয় জোৱাৰে যুৱ জনসংখ্যাৰ ওপৰত অধিক ক্ষতি কৰিব বুলিও শংকা ব্যক্ত কৰে৷ ক’ভিড–১৯ৰ তৃতীয় জোৱাৰৰ সম্ভাব্য বিপজ্জনক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে চৰকাৰ সাজু হৈ থকাৰ লগতে যিমান পাৰে সিমান লোকক ভেকচিন প্রদান কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে সাৰস্বতে৷
উল্লেখ্য যে দেশত ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে আঘাত কৰাৰ পূর্বে জানুৱাৰী আৰু ফেব্রুৱাৰী মাহত জনগণ সচেতন হোৱাৰ পৰিৱর্তে মহামাৰী ভাইৰাছটোক লৈ শিথিল হৈ পৰিছিল৷ জনগণৰ এই অসচেতন আৰু সজাগহীনতাই ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংক্রমণৰ মাত্রা অধিক তীব্রতৰ কৰি তুলিলে৷ মার্চৰ পৰা মে’ৰ মধ্য ভাগলৈকে দ্বিতীয় জোৱাৰে সংহাৰী ৰূপ ধাৰণ কৰি দেশজুৰি এক ভয়ানক বিপজ্জনক পৰিস্থিতি সৃষ্টি কৰিলে৷
অৱশ্যে পিছলৈ দ্বিতীয় জোৱাৰৰ তীব্র সংক্রমণৰ সময়তে ব্যৱস্থাপনা অধিক সঠিক হৈ পৰাৰ ফলত লাহে লাহে আক্রান্তৰ সংখ্যা নিম্নগামী হোৱা বুলিও নিটি আয়োগৰ সদস্যগৰাকীয়ে প্রকাশ কৰিছে৷
ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ সৈতে হোৱা কথোপকথনত নিটি আয়োগৰ সদস্য সাৰস্বতে কয় যে দেশৰ বিজ্ঞান আৰু প্রযুক্তি কার্যকলাপৰ সহায়ত ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰ নিয়ন্ত্রণ কৰিবলৈ সক্ষম হৈছে৷ অক্সিজেন বেংক স্থাপন কৰি, বৃহৎসংখ্যক উদ্যোগৰ পৰা অক্সিজেন যোগানত সহায়, বিমানবন্দৰ, ৰে’ল ষ্টেচন, সামৰিক বাহিনীৰ লিকুইড অক্সিজেন আদিৰে দেশৰ অক্সিজেন নাটনিৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছে৷ নিটি আয়োগৰ সদস্যগৰাকীয়ে কয় যে দেশত এদিনত চাৰি লক্ষাধিক লোক ক’ভিড–১৯ত আক্রান্ত হৈছিল৷ কিন্তু এতিয়া তাৰ সংখ্যা হ্রাস পাই প্রায় ১.৩ লাখলৈ নিম্নগামী হৈছে৷