নিয়মীয়া বাৰ্তা, ৬ জুন: মানুহ–প্রাণীৰ সংঘাত হ্রাস কৰাৰ লক্ষ্যৰে বন্যপ্রাণী সুৰক্ষাৰ স্বার্থৰ প্রতি লক্ষ্য ৰাখি গোৱা চৰকাৰে বনাঞ্চলত নতুনকৈ ১০০ জলাশয় গঢ়ি তুলিব৷ বিশ্ব পৰিৱেশ দিৱসৰ দিনাই শনিবাৰে গোৱা চৰকাৰে এই সিদ্ধান্ত লৈছে৷ মুখ্যমন্ত্রী প্রমোদ শ্বাৱন্তে ভিডিঅ’ বার্তাযোগে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰাজ্যবাসীক সম্বোধন কৰি ৰাজ্যখনৰ বন বিভাগে বনাঞ্চলত ৫ লাখ ফল যোগান ধৰা গছৰ পুলি ৰোপণ কৰিব বুলি প্রকাশ কৰিছে৷
আন এক বার্তাত মুখ্যমন্ত্রীগৰাকীয়ে মানুহ আৰু প্রাণীৰ সংঘাত হ্রাস কৰাৰ লক্ষ্যৰে বনাঞ্চলৰ জৈৱ–বৈচিত্র্য আৰু বনাঞ্চলৰ প্রাসংগিকতাক লৈ সকলো জনতাক সচেতন কৰাৰ লক্ষ্যৰে ২৫০ যুৱকক প্রাকৃতিক গার্ড হিচাপে প্রশিক্ষণ দি থকা বুলি উল্লেখ কৰিছে৷ তেনেদৰে বনাঞ্চলত নতুনকৈ ১০০ জলাশয় গঢ়ি তোলা হ’ব বুলি বার্তাটোত ঘোষণা কৰিছে মুখ্যমন্ত্রীগৰাকীয়ে৷
মন কৰিবলগীয়া যে মানুহ আৰু প্রাণীৰ সংঘাতৰ ফলত ক্ষতিগ্রস্ত হোৱা কৃষকক চৰকাৰে ১০ লাখ টকা ক্ষতিপূৰণ আগবঢ়াইছে৷