নিয়মীয়া বাৰ্তা, ১২ জুন: পঞ্জাব আৰক্ষীয়ে ৰাজ্যখনত সন্ত্রাসবাদীৰ ভয়াৱহ কূটাঘাতৰ পৰিকল্পনা ব্যর্থ কৰিবলৈ সক্ষম হৈছে৷ কালি নিশা আৰক্ষীয়ে বহু বিদেশত নির্মিত পিষ্টলসহ এজন অস্ত্র সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰাৰ লগে লগে সন্ত্রাসবাদীৰ ভয়াৱহ কূটাঘাতৰ পৰিকল্পনা ব্যর্থ হোৱা বুলি দাবী কৰিছে জ্যেষ্ঠ আৰক্ষী বিষয়াই৷ পাকিস্তানত আশ্রয় লৈ থকা ভাৰতবিৰোধী খালীস্তানী সন্ত্রাসবাদীয়ে এই অস্ত্রবোৰ প্রেৰণ কৰিছিল বুলি ধাৰণা কৰা হৈছে৷
ৰাজ্যখনৰ আৰক্ষীপ্রধান দিনকৰ গুপ্তাই উল্লেখ কৰা অনুসৰি অমৃতসৰত এই অস্ত্রসহ জগজিৎ সিং নামৰ ২৫ বছৰীয়া যুৱক এজনক গ্রেপ্তাৰ কৰা হৈছে৷ জব্দ হোৱা অস্ত্রসমূহৰ ভিতৰত আছে ৪৮টা বিদেশত নির্মিত পিষ্টল, বহু মেগজিন আৰু দুই শতাধিক সক্রিয় গুলী৷ দুখনকৈ নাইলনৰ বেগত অস্ত্রবোৰ অনা হৈছিল অমৃতসৰলৈ৷ স্মর্তব্য যে আমেৰিকা, কানাডা আৰু ব্রিটেইনত থকা খালিস্তানী সমর্থকেও বিভিন্ন সময়ত ভাৰতত কূটাঘাতৰ পৰিকল্পনা চলাই আহিছে৷