কোকৰাঝাৰত চাঞ্চল্যকৰ ঘটনাঃ একেজোপা গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ একে পৰিয়ালৰ দুই কিশোৰী
নিয়মীয়া বাৰ্তা, ১২ জুন: কোকৰাঝাৰ জিলাৰ অভয়াখুটিত সংঘটিত এক ৰহস্যজনক ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য।
শুকুৰবাৰে অঞ্চলটোত একেজোপা গছতে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে একেটা পৰিয়ালৰ দুই কিশোৰীৰ মৃতদেহ।
সম্পৰ্কত পেহীয়েক-ভতিজাক ১৪-১৬ বছৰীয়া কিশোৰী দুগৰাকীৰ এনেদৰে মৃতদেহ উদ্ধাৰ হোৱাত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য।
প্ৰাৰম্ভিক পৰ্যায়ত এয়া আত্মহত্যা বুলি সন্দেহ কৰা হৈছে যদিও পৰিয়ালৰ লোকে এই ঘটনাক হত্যাকাণ্ড বুলি দাবী কৰিছে।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলী তথা ভুক্তভোগীৰ গৃহত উপস্থিত হয় কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক এছ এছ পানেশ্বৰ।
শনিবাৰে সাংবাদিকৰ আগত আৰক্ষী অধীক্ষকগৰাকীয়ে এনেদৰে প্ৰকাশ কৰে — “আমি তদন্ত আৰম্ভ কৰিছোঁ। সুমাইনা নামৰ ছোৱালীজনীৰ বয়স ১৬ বছৰ আৰু ৰবিতাৰ বয়স ১৪ বছৰ। আমি সকলো দিশ চালিজাৰি চাই আছোঁ। এতিয়াই মন্তব্য কৰিব পৰা অৱস্থাত নাই।”