নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইছাৰ বিৰুদ্ধে ৰাষ্ট্রদোহৰ গোচৰত লাক্ষাদ্বীপ বিজেপিত কঁপনি

নিয়মীয়া বাৰ্তা ১৪ জুনঃ  লাক্ষাদ্বীপৰ চলচ্চিত্র পৰিচালিকা আইছা চুলতানাৰ বিৰুদ্ধে এক ৰাষ্ট্রদোহৰ গোচৰ ৰুজু হোৱাৰ পাছতেই বিজেপিৰ দুর্গত খহনীয়া আৰম্ভ হৈছে৷ স্থানীয় প্রশাসক প্রফুল খোদা পেটেলে ক’ভিড নিয়ন্ত্রণৰ ক্ষেত্রত যাৱতীয় ব্যৱস্থা গ্রহণ কৰা নাই বুলি সমালোচনা কৰাৰ পাছতেই আইছাৰ বিৰুদ্ধে ৰাষ্ট্রদোহৰ গোচৰ ৰুজু হৈছে৷ আইছাৰ বিৰুদ্ধে এই গোচৰ ৰুজু হোৱাৰ লগে লগে ১৫গৰাকী বিজেপি নেতা তথা কর্মীয়ে এই ঘটনাৰ প্রতিবাদ জনাই পদত্যাগ কৰিছে৷ উল্লেখনীয় যে কেন্দ্রীয়শাসিত অঞ্চলটোৰ বিজেপি মুৰব্বীৰ হাতত ইতিমধ্যে এই নেতা তথা কর্মীসকলে পদত্যাগ–পত্র দাখিল কৰিছে৷ বিজেপিৰ লাক্ষাদ্বীপৰ মুৰব্বী চি আব্দুল খাদেৰে উল্লেখ কৰিছে যে প্রশাসক পেটেলে শেহতীয়াকৈ জনবিৰোধী নীতি গ্রহণ কৰিছে৷

You might also like