নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ন্যায়ৰ অপেক্ষাত থকা জয়ন্ত বৰাৰ মাতৃৰ আকস্মিক মৃত্যু

নিয়মীয়া বাৰ্তা, ১৬ জুনঃ এবছৰৰ পূৰ্বে সেনা-আৰক্ষীৰ হাতত ৰহস্যজনকভাবে মৃত্যু হোৱা জয়ন্ত বৰাৰ মাতৃ লীলা বৰাৰ আজি পুৱাতে মৃত্যু হয়।

কালি জয়ন্ত বৰাৰ প্ৰথম মৃত্যু বাৰ্ষিকী হিচাপে যোৰহাট জিলাৰ বালিজানৰ বাসগৃহত অনুষ্ঠিত হৈছিল ৰাজহুৱা আদ্যশ্ৰাদ্ধ আৰু প্ৰতিবাদী সভা।

এবছৰে পুত্ৰৰ ন্যায়ৰ অপেক্ষাত আছিল দুৰ্ভগীয়া মাতৃগৰাকী। কালিও নৱগঠিত চৰকাৰক পুত্ৰৰ ন্যায় দাবী উত্থাপন কৰিছিল মাতৃ লীলা বৰাই।

এবছৰ পূৰ্বে পুত্ৰৰ ন্যায়ৰ বাবে বহুবাৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিছিল মাতৃগৰাকীয়ে। অনশন কাৰ্যসূচী ৰূপায়ণ কৰিও পুত্ৰৰ ন্যায়ৰ দাবী তুলিছিল মাতৃ লীলা বৰাই।

কালি আদ্যশ্ৰাদ্ধৰ পিছতে বুকুৰ বিষত অসুস্থ হৈ পৰিছিল লীলা বৰা। সন্ধিয়া ততাতৈয়াকৈ গোলাঘাটৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও আজি পুৱা লীলা বৰা মৃত্যু হয় বুলি ঘোষণা কৰে চিকিৎসকে।

You might also like