নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয়গাঁৱত বিধায়ক ৰেকিবুদ্দিনে প্ৰায় দুই শতাধিক বেণ্ড পাৰ্টীৰ বাদ্য শিল্পীক প্ৰদান কৰিলে সাহায্য সামগ্ৰী

নিয়মীয়া বাৰ্তা, ১৬ জুনঃ: কামৰূপ জিলাৰ ছয়গাঁও ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত আজি দিনৰ প্ৰায় ১১ বজাত প্ৰায় ২ শতাধিক বেণ্ডপাৰ্টিৰ বাদ্য শিল্পীক সাহায্য সামগ্ৰী বিতৰণ কৰে । কৰোনা মহামাৰীয়ে জীৱন জীৱিকাৰ প্ৰতি সংশয় নামি অহাৰ পিছত বহু দিনৰ অন্তত আনন্দত আত্মহাৰা হৈ শ শ শিল্পীয়ে সৃষ্টি কৰিলে মধুৰ পৰিৱেশৰ । বিবাহৰ দৰে শুভ কাৰ্যসূচী সমূহত অনন্যা ভূমিকা গ্ৰহণ কৰি অহা এই বেণ্ড পাৰ্টীৰ শিল্পী সকলৰ জীৱনলৈ কৰোনাই নমাই আনিছে ঘোৰ অমানিশা । কিন্তু এই সকল শিল্পীক সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যৰে কাষত ঠিয় দিলে ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে । সেই উদ্দেশ্যৰে আজি ছয়গাঁও ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় চৌহদত সমূহীয়া ভাবে গোট খালে শিল্পী সকল । উল্লেখ্য যে বাদ্য শিল্পী সকলে বহু দিনৰ অন্তত আত্মহাৰা হৈ সৃষ্টি কৰিলে উচব মুখৰ পৰিৱেশৰ । আজি এই অনুষ্ঠান ৰাণী চি আৰ পি এফৰ কামা কামাণ্ডেন্ট, ছয়গাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া উপস্হিত থাকে ।

You might also like