যোৰাবাটৰ মহেন্দ্র মিট্টালৰ গুদামত সন্দেহযুক্ত বাংলাদেশীক আটক
নিয়মীয়া বাৰ্তা ১৭ জুনঃ গুৱাহাটীত বাহৰ পাতি একাংশ অনা–সমীয়া বণিয়াই সন্দেহযুক্ত নাগৰিকক শ্রমিক হিচাপে নিয়োজিত কৰাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷ কালি হিন্দু জাগৰণ মঞ্চ নামৰ সংগঠনটোৱে যোৰাবাটৰ মহেন্দ্র মিট্টাল নামৰ ব্যৱসায়ীজনৰ গুদামত অভিযান চলাই ৬টাকৈ সন্দেহযুক্ত বাংলাদেশী নাগৰিকক আটক কৰিবলৈ সক্ষম হয়৷ হিন্দু জাগৰণ মঞ্চৰ সদস্যসকলে আটক কৰা সন্দেহযুক্ত বাংলাদেশী যুৱককেইজনক যোৰাবাটৰ আৰক্ষীক গতাই দিয়ে৷ যোৰাবাট আৰক্ষীয়ে ঘটনা সন্দর্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ ইফালে সংগঠনটোৰ সদস্যসকলে কৰা অভিযোগ অনুসৰি যোৰাবাটত মহেন্দ্র মিট্টালৰ গুদামত দীর্ঘদিন ধৰি শিশু শ্রমিক নিয়োজিত কৰি কাম চলাই আহিছে ব্যৱসায়ীজনে৷ শিশু শ্রমিক আৰু সন্দেহজনক নাগৰিকক শ্রমিক হিচাপে নিয়োজিত কৰি ব্যৱসায় চলোৱা মহেন্দ্র মিট্টালৰ প্রতিষ্ঠানটোৰ বিৰুদ্ধে শ্রম বিভাগ, আৰক্ষী আৰু প্রশাসনে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷