নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হায়াট হাস্পতালত দুমহীয়া শিশুৰ জটিল হূদৰোগৰ অস্ত্রোপচাৰ সম্পন্ন

নিয়মীয়া বাৰ্তা ১৭ জুনঃ শিশুৰ জন্মগতভাৱে থকা জটিল হূদৰোগৰ অস্ত্রোপচাৰ সম্পন্ন কৰি সমগ্র উত্তৰ–পূর্বাঞ্চল তথা অসমবাসীৰ বাবে এক ভাল বতৰা লৈ আনিছে গুৱাহাটীৰ হায়াট ছুপাৰ স্পেচিয়েলিটী হাস্পতালে৷Total anomalous pulmonary venous return ৰোগত আক্রান্ত ডিব্রুগড়ৰ এটি শিশুৰ হাঁওফাঁওত তেজ চলাচলত সমস্যা হোৱাৰ লগতে দেহত আনুষংগিক বিভিন্ন বেমাৰৰ উপস্থিতি দেখা পোৱা যায়৷ সংকটজনক অৱস্থাত হায়াট ছুপাৰ স্পেচিয়েলিটী হাস্পতালত ভর্তি কৰোৱাৰ পিছত হাস্পতালখনৰ জ্যেষ্ঠ চিকিৎসক তথা হূদ শল্যৰোগ বিশেষজ্ঞ ডাঃ সুৰোজ কুমাৰ প্রধানৰ নেতৃত্বত চিকিৎসা প্রদান কৰা হয়৷ যোৱা ৮ জুনত ডাঃ প্রধানৰ নেতৃত্বত আৰু হাস্পতালখনৰ ডাঃ আবু ৰিয়াজ, ডাঃ কংকণ শর্মা, ডাঃ হূষীকেশ ভৰালী, শিশুৰোগ বিশেষজ্ঞ ডাঃ ডলী কলিতাৰ সহযোগত প্রায় তিনি ঘণ্টাজোৰা এক অস্ত্রোপচাৰৰ অন্তত শিশুটিক স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ সক্ষম হয়৷ আনছ পাছন নামৰ শিশুটিক কালি সম্পূর্ণ সুস্থ অৱস্থাত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ অনুমতি প্রদান কৰে৷

You might also like